ETV Bharat / entertainment

বিহুমঞ্চত চৰম অপমান কণ্ঠশিল্পী-গীতিকাৰ-সুৰকাৰ দিগন্ত ভাৰতীক - DIGANTA BHARATI CHANDMARI BIHU

জাতীয় সাজপাৰ পৰিধান নকৰাৰ বাবে শিল্পী দিগন্ত ভাৰতীক মঞ্চৰ পৰা জোৰকৈ নমাই আনিলে বিহু উদযাপন সমিতিৰ বিষয়ববীয়াই ।

Diganta Bharati
বিহুমঞ্চত শিল্পীক অপমানৰ অভিযোগ (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : April 17, 2025 at 6:07 PM IST

4 Min Read

গুৱাহাটী: ৰঙালী বিহুৰ উছাহৰ মাজতে চান্দমাৰীৰ পূব-গুৱাহাটীৰ বিহু মঞ্চত চৰম অপমান কণ্ঠশিল্পী-গীতিকাৰ-সুৰকাৰ দিগন্ত ভাৰতীক । বিহু সমিতিৰ আয়োজকে মঞ্চলৈ গীত পৰিৱেশন কৰিবলৈ মাতি নি গামোচাৰে সম্বৰ্ধনা যাচি অপমান কৰিলে কণ্ঠশিল্পীগৰাকীক । জিন্স পিন্ধি মঞ্চত উঠাৰ বাবেই হাতৰ পৰা মাইক্ৰ'ফোন কাঢ়ি লৈ মঞ্চৰ পৰা টানি লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে চান্দমাৰী বিহু সমিতিৰ বিষয়ববীয়াৰ বিৰুদ্ধে ।

দৰাচলতে বুধবাৰে নিশা হেঙেৰাবাৰীত প্ৰথম বিহুৰ অনুষ্ঠান আছিল দিগন্ত ভাৰতী আৰু তেওঁৰ পত্নী ভাস্বতী ভাৰতীৰ । ভাস্বতী ভাৰতীৰ পৰৱৰ্তী অনুষ্ঠান আছিল পূব-গুৱাহাটী বিহু সন্মিলনীত । নিজৰ অনুষ্ঠান সামৰি পত্নী ভাস্বতী ভাৰতীৰ গীত উপভোগ কৰিবলৈ পূব-গুৱাহাটী বিহু সন্মিলনীত উপস্থিত হৈছিলহি দিগন্ত ভাৰতী । মঞ্চৰ তলৰ পৰাই দিগন্ত ভাৰতীয়ে পত্নীৰ গানৰ অনুষ্ঠান উপভোগ কৰি আছিল । তেতিয়াই দিগন্ত ভাৰতীক সেই অনুষ্ঠানত দেখা পাই মঞ্চত গীত পৰিৱেশনৰ বাবে নিমন্ত্ৰণ জনাইছিল আয়োজক সমিতিৰে কেইগৰাকীমান বিষয়ববীয়াই ।

বিহুমঞ্চত চৰম অপমান কণ্ঠশিল্পী-গীতিকাৰ-সুৰকাৰ দিগন্ত ভাৰতীক (ETV Bharat Assam)

বিষয়ববীয়া কেইগৰাকীৰ অনুৰোধ ৰক্ষা কৰি মঞ্চলৈ উঠি যায় দিগন্ত ভাৰতী ৷ তেনেতে জিন্স পিন্ধি মঞ্চত উঠাৰ বাবেই হাতৰ পৰা মাইক্ৰ'ফোন কাঢ়ি লৈ মঞ্চৰ পৰা টানি লৈ আহে আন এগৰাকী বিষয়ববীয়াই । এই সমগ্র ঘটনাৰ সন্দৰ্ভত আজি এক সংবাদমেল সম্বোধন কৰি দিগন্ত ভাৰতীয়ে কয়, “প্ৰথম কথা কালি মই গীত গাবলৈ পূব-গুৱাহাটী বিহু সন্মিলনীলৈ যোৱা নাচিলো । তেওঁলোকৰ অনুৰোধতহে মই মঞ্চত গীত গাবলৈ গৈছিলো । কিন্তু মঞ্চত উঠাৰ পাছত মোক তালিবানী আক্ৰমণৰ দৰে কিয় মঞ্চৰ পৰা নমাই দিয়া হ'ল সেইটো এটা ডাঙৰ প্ৰশ্ন । তেওঁলোকে যদি ভদ্ৰভাৱে কথাখিনি ক’লেহেঁতেন তেন্তে মই মানি ল’লোহেঁতেন । ইফালে মোৰ পত্নীয়ে গীত গাই থকাৰ মাজতে মাইকটো বন্ধ কৰি দিয়ে ।”

লগতে তেওঁ আৰু কয়, “শিল্পীসকলে মদ্যপান কৰি অনুষ্ঠান পৰিৱেশন কৰে বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপন হয়, কিন্তু কালি তাৰ সম্পূৰ্ণ ওলোটাটোহে হ'ল । তাত উপস্থিত থকা প্ৰায়ভাগ বিষয়ববীয়াই মদ্যপান কৰি আছিল । মোৰ সন্দেহ হৈছে যে, কমিটীখন দুটা ভাগত বিভক্ত হৈছে যাৰ বাবে হয়তো কালি এই ঘটনা সংঘটিত হ'ল ।”

আনহাতে চান্দমাৰী বিহুমঞ্চ‌ই শিল্পীক অপমান কৰাৰ ঘটনা এয়াই প্ৰথম নহয় । পূৰ্বেও চান্দমাৰী বিহুমঞ্চ‌ই শিল্পীক অপমান কৰিছে । “বিভিন্ন শিল্পীৰ লগত মই অসমৰ ভিন্ন প্ৰান্তত অনুষ্ঠান পৰিৱেশন কৰিছো, কিন্তু এনেকুৱা ঘটনা কতো সংঘটিত হোৱা নাই । মোৰ কেৰিয়াৰত অসমত এইটোৱেই প্ৰথমটো ঘটনা”, দিগন্ত ভাৰতীৰ ভাষ্য ৷

অপমান কৰাসকলে সংবাদ মাধ‍্যমৰ যোগেদি ক্ষমা বিচৰাৰ লগতে ভাস্বতী ভাৰতীক যি মাননি দিবলৈ আছে সেয়া সন্মান সহকাৰে ঘৰত দি যাবলৈ আহ্বান দিগন্ত ভাৰতীৰ । যদি সমিতিৰ বিষয়ববীয়াই ক্ষমা নোখোজে তেন্তে অনাগত দিনত কোনো শিল্পীয়ে চান্দমাৰী বিহুমঞ্চত গীত পৰিৱেশন নকৰে বুলি বহুজনে অৱগত কৰিছে বুলিও জনাই ভাৰতীয়ে ।

ইফালে এই সমগ্ৰ ঘটনা সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰি পূব-গুৱাহাটী বিহু সন্মিলনীৰ সাধাৰণ সম্পাদক সীমান্ত ঠকুৰীয়াই কয়, “এই ঘটনাটো অতি দুৰ্ভাগ্যজনক । দিগন্ত ভাৰতীক আমি মঞ্চলৈ মতা নাছিলো । জাতীয় সাজপাৰ নিপিন্ধাৰ বাবে আমি তেখেতক গান নাগাবলৈ কৈছিলো । আমি শিল্পীসকলক বিহুৰ চাৰিদিনলৈ জাতীয় সাজপাৰ পিন্ধি গীত গাবলৈ অনুৰোধ জনাইছিলো । ভাস্বতী ভাৰতীৰ সৈতে হোৱা চুক্তি পত্ৰখনতো সেয়া উল্লেখ আছে । আমি জাতীয় সাজপাৰ পিন্ধিবলৈ কোৱাটো আমাৰ কি ভুল হ'ল নেকি ?”

লগতে সুৰাপানৰ অভিযোগৰ সন্দৰ্ভত বিষয়ববীয়াই কয়, “সুৰাপানৰ ক্ষেত্ৰত অনা অভিযোগটো মানি ল'ব নোৱাৰো । কাৰণ ভাস্বতী ভাৰতীৰ বৌয়েক নিজেই এগৰাকী বিচাৰক হিচাপে আছিল বিহু অনুষ্ঠানৰ । তেওঁ অভিযোগ কৰক মানি ল'ম । আমাৰ চাৰিশতকৈয়ো অধিক সদস্য আছে । আমি কেৱল ভাস্বতী ভাৰতীকহে নিমন্ত্ৰণ জনাইছিলো । পূৰ্বেও জুবলীয়ে জিন্স পিন্ধি আহিছিল ৷ আমি জাতীয় সাজপাৰ পিন্ধিবলৈ কওঁতে তেওঁ সেই অনুৰোধ ৰক্ষা কৰিছিল ।”

মন কৰিবলগীয়া কথাটো হ’ল যে এই সমগ্ৰ ঘটনা সন্দৰ্ভত বিহু সমিতিয়ে ক্ষমা খোজাৰ প্ৰশ্নই নাহে বুলি মন্তব্য ঠকুৰীয়াৰ । ভাস্বতী ভাৰতীৰ মাননি দিয়া হ'ব ৷ কিন্তু ঘৰলৈ গৈ মাননি দিয়া নহয় বুলিও জনায় ঠকুৰীয়াই ।

লগতে পঢ়ক : তৰালী শৰ্মাক ২০২৫ বৰ্ষৰ ‘বৰপেটা বঁটা’ প্ৰদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.