ETV Bharat / entertainment

ইয়াকেই কয় যোগাত্মক প্ৰতিযোগিতা ! ৬ জুনত 'ৰুদ্ৰ' নাহে আপোনাৰ কাষলৈ - RAVI SARMA MOVIE RUDRA RELEASE DATE

মুক্তিৰ তাৰিখ পিছুৱাই থাকিলে ই নিশ্চয়কৈ ছবিখনত প্ৰভাৱ পেলায় ৷ অৰ্থনৈতিক দিশটোৰ কথা থাকেই ৷ তাৰ পাছতো আকৌ এবাৰ একেই সিদ্ধান্ত 'ৰুদ্ৰ'ৰ নিৰ্মাতাৰ !

new assamese movie Rudra starring ravi sarma adil hussain release date postpone
সলনি হৈছে ৰুদ্ৰৰ মুক্তিৰ তাৰিখ (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : June 3, 2025 at 6:15 PM IST

5 Min Read

গুৱাহাটী: পুনৰ সলনি হৈছে চলিত বৰ্ষৰ এখন প্ৰত্যাশিত ছবি 'ৰুদ্ৰ'ৰ মুক্তিৰ তাৰিখ । মঙলবাৰে গুৱাহাটীৰ জ্যোতি চিত্ৰবনত এখনি সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে ছবিখনৰ নিৰ্মাতাগোষ্ঠীয়ে । উক্ত সংবাদমেলত উপস্থিত থাকে 'ৰুদ্ৰ'ৰ পৰিচালক ৰূপক গগৈ, অভিনেতা ৰবি শৰ্মা, প্ৰযোজক ৰাজেশ ম'ৰ, কাৰ্যবাহী প্ৰযোজক হৃষিকেশ ভট্টাচাৰ্যৰ লগতে 'ভাইমন দা' ছবিখনৰ প্ৰযোজক শ্যামন্তক গৌতম আৰু পৰিচালক শশাংক সমীৰ ।

অসমত এতিয়া চাৰিওফালে বানৰ সংহাৰী ৰূপ ৷ সপোনৰ ঘৰখন চকুৰ সন্মুখতে উটি যোৱা দেখিছে ভুক্তভোগীয়ে ৷ উপায় নাই, যিয়ে যেনেকৈ পাৰে আশ্ৰয় লৈ আছে ৷ কৰিবলগীয়াখিনি চৰকাৰেও কৰিছে এই সংকটৰ সময়ত ৷ পিছে এনে পৰিস্থিতিতো মানুহে চাবলৈ এৰা নাই সদ্যমুক্তিপ্ৰাপ্ত ছবি 'ভাইমন দা' ৷ এতিয়াও পূৰ্ণোদ্যমে চলি আছে 23 মে’ত মুক্তি লাভ কৰা ছবিখন ৷ শশাংক সমীৰৰ এইখন প্ৰথম ছবি, যিখন তেওঁ পৰিচালনা কৰিছে ৷ প্ৰথমখন ছবিৰেই 90, 80ৰ দশকৰ সোৱাদ দি শ্ৰোতা-দৰ্শকৰ মন হৰিবলৈ সক্ষম হোৱা শশাংকৰ বাবে এই সময়খিনি কোনো সপোনতকৈ কম নহয় নিশ্চয় ৷ ছবিখনৰ সফলতা প্ৰতিগৰাকী কলা-কুশলীৰ লগতে সমীৰে বাৰুকৈয়ে উপভোগ কৰিছে ৷

টীম ৰুদ্ৰৰ সংবাদমেল (ETV Bharat Assam)

ভাইমন দাৰ পাছতে মুক্তি পাবলগীয়া আছিল ৰবি শৰ্মাৰ বহু প্ৰতিক্ষীত ছবি 'ৰুদ্ৰ' ৷ মাথো 13 দিনৰ ব্যৱধানতে ছবিগৃহলৈ অহাৰ কথা আছিল ছবিখন ৷ পিছে ৰুদ্ৰৰ নিৰ্মাতাই ল’লে এটা ডাঙৰ সিদ্ধান্ত ৷ পুনৰ পিছুৱাই দিলে ছবিখনৰ মুক্তিৰ তাৰিখ ৷ ইয়াৰ পূৰ্বেও আন আন প্ৰজেক্টৰ বাবে ৰুদ্ৰৰ মুক্তিৰ তাৰিখ পিছুওৱা হৈছিল ৷

new assamese movie Rudra starring ravi sarma adil hussain release date postpone
৬ জুনৰ পৰিৱর্তে ২৭ জুনত ছবিগৃহলৈ ৰুদ্ৰ (Photo : ETV Bharat Assam)

লগতে পঢ়ক : ভাইমন দাৰ সৈতে এখন ধাৰাবাহিকৰ যোগেদি সংস্পৰ্শলৈ আহিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

পিছে এইবাৰ এই সিদ্ধান্ত দুটা কাৰণত লৈছে নিৰ্মাতাই ৷ এটা হৈছে 'ভাইমন দা'ৰ সফলতা, আনটো হৈছে বান পৰিস্থিতি ৷ এতিয়া 6 জুনৰ পৰিৱৰ্তে 27 জুনত ছবিগৃহলৈ আহিব 'ৰুদ্ৰ' ৷ কি এক যোগাত্মক বাৰ্তা সমাজখনৰ বাবে ! একমাত্ৰ অসমীয়া ছবি উদ্যোগটোৰ কথা চিন্তা কৰিয়েই এই সিদ্ধান্ত ল’লে টীম ৰুদ্ৰই ৷ দলে-বলে ভাইমন দা চাবলৈ যোৱা দৰ্শকে হেঁপাহ পলুৱাই চাওক ছবিখন, সৃষ্টি হওক অনন্য ৰেকৰ্ডৰ, সেয়াই কাম্য টীম ৰুদ্ৰৰ ৷ এখন ছবিতকৈ আনখন ছবি ভাল হওক- এই প্ৰতিযোগিতাটো সদায়ে থাকিব, কিন্তু প্ৰতিযোগিতাও যে যোগাত্মক আকাৰে কৰিব পাৰি, তাৰেই যেন বাৰ্তা দিলে এই টীমটোৱে ৷ নিজকে লাইমলাইটত জিলিকাই ৰখাৰ মাজতো আনলৈ সহায়ৰ হাত ৷ প্ৰতিগৰাকী পৰিচালক-প্ৰযোজকৰ এনে মানসিকতাই এটা উদ্যোগ ক’ৰ পৰা ক’লৈ লৈ যাব পাৰে কল্পনা কৰকচোন এবাৰ ৷

ৰুদ্ৰ টীমৰ সংবাদমেল (Photo : ETV Bharat Assam)

আগন্তুক ছবি ৰুদ্ৰৰ মুক্তিৰ তাৰিখ সলনি কৰাৰ এই সিদ্ধান্ত সন্দৰ্ভত অভিনেতা ৰবি শৰ্মাই কয়, "বৰ্তমান ছবিগৃহত ভাইমন দা ছবিখন চলি আছে । দৰ্শকৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিবলৈয়ো সক্ষম হৈছে ছবিখনে । সেয়ে আমি সকলোৱে চিন্তা-চৰ্চা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আমি "ভাইমন দা" ছবিখনক সম্পূৰ্ণ স্ক্ৰীণ পাবলৈ সুবিধা কৰি দিম । আমাৰ ফালৰ পৰা যাতে কোনো অসুবিধা নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিছোঁ । এয়া মহান ব্যক্তিগৰাকীৰ প্ৰতিও আমাৰ শ্ৰদ্ধাঞ্জলি । এই সকলোবোৰ কথা চিন্তা-চৰ্চা কৰি আমি "ৰুদ্ৰ"ৰ মুক্তিৰ তাৰিখ 6 জুনৰ পৰা 27 জুনলৈকে পিছুৱাইছো ।"

তেওঁ লগতে আৰু উল্লেখ কৰে, "দ্বিতীয়তে অসমত যি বানৰ সমস্যা, এই বানৰ সমস্যাত ভূগি থকাৰ সময়ত ৰাইজৰ মাজলৈ আমাৰ প্ৰচাৰ কৰিবলৈ যাবলৈয়ো বেয়া হৈছে । এনে এক পৰিস্থিতিৰ মাজত ছবিখনৰ প্ৰচাৰ কৰিবলৈ যাবলৈ মই মানসিকভাৱে প্ৰস্তুত নহয় । এইটো কাৰণতো আমি কিছুদিন ৰৈ দিছোঁ ।"

ভাইমন দাৰ নিৰ্মাতাগোষ্ঠীক ধন্যবাদ জনাই অভিনেতা ৰবি শৰ্মাই কয়, "ভাইমন দাৰ মোৰ জীৱনত কি অৱদান সেয়া সকলোৱে জানে । আজি যদি মোৰ ঘৰ চলি আছে সেয়া কেৱল ভাইমন দাৰ বাবে । তেওঁ মোক এইখিনি সুবিধা দিয়াৰ বাবে আজি মোক অভিনেতা হিচাপে ৰাইজে চিনি পাইছে ।"

সংবাদেমেলত অভিনেতাগৰাকীয়ে ভুৱা প্ৰচাৰ সন্দৰ্ভতো নিজৰ বক্তব্য ৰাখে ৷ তেওঁ কয়, "সামাজিক মাধ্যমত কিছু মানুহে নিজাববীয়াকৈ কিছুমান ভুল তথ্য প্ৰকাশ কৰে । এইটো কেৱল ছবিখনৰ মুক্তিৰ দিন বুলিয়ে কোৱা নাই, বিভিন্ন শিল্পী, কলা-কুশলী অসুস্থ হৈ থকা অৱস্থাত বা তেওঁলোকৰ মৃত্যু হোৱাৰ পূর্বেই মৃত্যু হোৱা বুলি ঘোষণা কৰি দিয়ে । সেয়ে মই সেই ব্যক্তিসকলক অনুৰোধ জনাইছো এনেকুৱা কাম যাতে নকৰে ।"

'ৰুদ্ৰ' ছবিখনৰ নিৰ্মাতাগোষ্ঠীৰ এই সিদ্ধান্তক ধন্যবাদ জনাই 'ভাইমন দা' ছবিখনৰ প্ৰযোজক শ্যামন্তক গৌতম আৰু পৰিচালক শশাংক সমীৰে । উল্লেখ্য যে, ৰুদ্ৰ ছবিখনত ৰবি শৰ্মাৰ লগত অভিনয় কৰিছে আদিল হুছেইনে ৷ এয়া ছিলভাৰ স্ক্ৰীণত তেওঁলোকৰ প্ৰথম সাক্ষাৎ ৷ লগতে আছে জয় কাশ্যপ, নন্দিনী কাশ্যপ, অলক নাথ, ৰাজীৱ ক্ৰ', ৰাজীৱ দুৱৰী, নীলোৎপল বৰা, চেতনা দাস, প্ৰতিভা চৌধুৰী, হিমাংশু গগৈ, হিমাংশু প্ৰসাদ দাস, অৰ্চিতা আগৰৱাল, ৰাজীৱ গোস্বামী, অন্তৰা জিজি চৌধুৰী, নৱ মহন্ত, ভাৰ্গৱ কটকী আদিকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰী ।

লগতে পঢ়ক : টীম ৰুদ্ৰৰ সৈতে অন্তৰংগ আলাপ: কেৱল অসমীয়া ছবি উদ্যোগৰ দায়িত্ব লৈ চিনেমা হললৈ নাযাব

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.