ছবিগৃহত দৰ্শকৰ আসনত বহি অনুৰাগীক চমক দিলে ৰবি-অৰ্চিতাই
পৰ্দাত চাই থকা অভিনেতা-অভিনেত্ৰীক হঠাৎ কাষৰ আসনত দেখা পাই ছেল্ফি লোৱাত ব্যস্ত দৰ্শক । ৰুদ্ৰ সম্পৰ্কত সামাজিক মাধ্যমত মতামত জনাবলৈ কৈ গ’ল তাৰকাই ৷

By ETV Bharat Entertainment Team
Published : June 30, 2025 at 11:41 AM IST
তিনিচুকীয়া : ছবিগৃহত হঠাৎ দৰ্শকৰ আগত ধৰা দিলে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাসহ টীম ৰুদ্ৰই । ছবি চাই উঠি ছবিখনৰ টীমটো চকুৰ সন্মুখত দেখা পাই উৎফুল্লিত হৈ পৰে দৰ্শক ৷ দৰাচলতে শুকুৰবাৰে মুক্তি লাভ কৰা নতুন অসমীয়া চিনেমা ‘ৰুদ্ৰ’ৰ এটা শ্ব’ৰ সময়ত ছবিগৃহতে উপস্থিত আছিল টীম ৰুদ্ৰ, য’ত আছিল প্ৰযোজক, মুখ্য তাৰকা ৰবি শৰ্মা আৰু অৰ্চিতা আগৰৱাল ৷ দৰ্শকৰ সৈতে কোনোবা এটা শাৰীত বহি উপভোগ কৰি আছিল ছবিখন ৷
দেওবাৰৰ সন্ধিয়াৰ তিনিচুকীয়াৰ ৰংঘৰ ছবিগৃহৰ কাহিনী এয়া ৷ অজস্ৰ দৰ্শকে ৰুদ্ৰ চাই শেষ হোৱাৰ লগে লগে মূখ্য চৰিত্ৰত অভিনয় কৰা ৰবি শৰ্মা, অৰ্চিতা আগৰৱালক দেখা পাই আচৰিত হৈ পৰে ৷ পৰ্দাত দেখা পাই থকা তাৰকাক এইদৰে চকুৰ সন্মুখত দেখি সকলোৱে এখন ফটোৰ বাবে হেতা-ওপৰা লগায় ৷
ৰুদ্ৰ চাই মুখত সুখৰ হাঁহিৰে সৈতে দৰ্শকৰ মাজৰ কোনোবাফালৰ পৰা ভাঁহি আহে ৰুদ্ৰ জিন্দাবাদ, ৰবি শৰ্মা জিন্দাবাদ চিঞৰ । দৰ্শকৰ এই সঁহাৰি দেখি কৃতজ্ঞতা প্ৰকাশ কৰিছে ৰবি শৰ্মাকে ধৰি ছবিখনৰ সৈতে জড়িত কলা-কুশলীয়ে ৷
ৰুদ্ৰ চিনেমাখনৰ পৰিচালক ৰূপক গগৈ, প্ৰযোজক ৰাজেশ ম'ৰ আৰু ৰাজ চৌধুৰী আৰু কাৰ্যবাহী প্ৰযোজক হৃষিকেশ ভট্টাচাৰ্য ৷ ছবিখনত জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ লগতে অভিনয় কৰিছে বিশিষ্ট অভিনেতা আদিল হুছেইন, জয় কাশ্যপ, নন্দিনী কাশ্যপ, অলক নাথ, ৰাজীৱ ক্ৰ', ৰাজীৱ দুৱাৰী, নিলোৎপল বৰা, চেতনা দাস, প্ৰতিভা চৌধুৰী, হিমাংশু গগৈ, হিমাংশু প্ৰসাদ দাস, অৰ্চিতা আগৰৱাল, ৰাজীৱ গোস্বামী, অন্তৰা জিজি চৌধুৰী, নৱ মহন্ত, ভাৰ্গৱ কটকী আদিকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ।

ৰুদ্ৰৰ সংগীত পৰিচালনা কৰিছে দিগন্ত ভাৰতী আৰু ইবচন লাল বৰুৱাই । ৰবি শৰ্মাসহ দলটোৱে দৰ্শকসকলৰ মাজত থাকি মত বিনিময় কৰাৰ লগতে ছেল্ফিও উঠে ৷
অভিনেতা ৰবি শৰ্মাই কয়, “এটা বস্তু ভাল লাগিছে যে য’লৈকে গৈছো দৰ্শকৰ যি সঁহাৰি, যি মৰম আমাৰ ছবিখনক দিছে, মোৰ শেহতীয়া ছবি শ্ৰীৰঘুপতিকো যি মৰম দিছিলে সেই একেটা লক্ষণে দেখিবলৈ পাইছো । আমাৰ প্ৰতি দৰ্শকৰ ইমান মৰম, ভালপোৱা ৷ এইদৰে যদি সকলোৰে মৰম, চেনেহ পাই থাকো আৰু ভাল ভাল কাম কৰিবলৈ চেষ্টা কৰিম ।”
তেওঁ লগতে আৰু কয়, “দ্বিতীয়তে মই যিটো সপোন দেখিছিলো অসমীয়া ছবিয়ে ৰাষ্ট্ৰীয়, আন্তৰাষ্ট্ৰীয় পৰ্যায়ত নাম উজ্জ্বলাবলৈ সক্ষম হ’ব, সেই সপোনটো চাগে আমাৰ লাহে লাহে পূৰণ হ’ব । গতিকে সেইটো আশা, সেই মানসিকতাৰে ঘূৰি ফুৰিছো, মানুহখিনিৰ কাষলৈ আহিছো । সকলোৰে যি যোগাত্মক সঁহাৰি, বহু ঠাইত ছবিগৃহ দৰ্শকেৰে ভৰি আছে ৷ এনে সঁহাৰি যদি পাই থাকো মনটো ভাল লাগেই আৰু লাগে বহু ভাল ভাল কাম কৰিব পাৰিম ।”

শেষত ৰবি শৰ্মাই কয়, “আমি কৈ থাকো বাজেট কম বাজেট কম বুলি, কিন্তু এইদৰেই যদি আমাৰ মানুহখিনিয়ে হিলদল ভাঙি চিনেমা চাই তেতিয়া আমি ছবিৰ গুণাগুণো বঢ়াব পাৰিম, বাজেটো বঢ়াব পাৰিম ৷ এইবাৰ ভাইমন দাৰ পাছত পুনৰ প্ৰমাণ কৰি দিলে যে অসমীয়া ছবিয়েই তেওঁলোকে ভালপায় । যি কেইখন হিন্দী ছবি ভাল ভাল অসমীয়া ছবিৰ লগত আহিছে অসমীয়া ছবিৰ দৰে নাই চলা ৷ গতিকে ই আমাৰ বাবে এটা খুব ইতিবাচক দিশ । ইয়াৰ পৰাই আমি আহ্বান জনাম যে যিসকল অহা নাই ছবিগৃহলৈ আহক ছবিখন চাওক, কেনে পালে জনাওক সামাজিক মাধ্যমৰ জৰিয়তে তেতিয়াহে আমাৰ ভুল ক্ৰুটিসমূহ শুধৰাব পাৰিম আৰু তেতিয়া দুগুণ উৎসাহেৰে কাম কৰিব পাৰিম ৷”
ইফালে বলীউডত ইতিমধ্যেই নিজৰ নাম জিলিকাবলৈ সক্ষম হোৱা অসম কন্যা অৰ্চিতা আগৰৱালৰ এয়া অসমীয়া ছবিজগতত অভিষেক ৷ তেওঁ কয়, “আমি ইমান ছবিগৃহলৈ গৈছো, ইমান ভাল পাইছে, সকলোৱে মৰম কৰিছে । দুঘণ্টা সকলো পাহৰি আপুনি ছবিখন উপভোগ কৰিব পাৰিব ৷ সকলোৱে বহুত কষ্ট কৰিছে । ৰবি দাই খুব ধুনীয়া অভিনয় কৰিছে, মোকো চাব ৷ কাৰণ এইখন মোৰ প্ৰথম অসমীয়া চিনেমা ৷ মই ৰবি দাৰ লগত কাম কৰিছো, সেইকাৰণে মই নিজকে বহুত সৌভাগ্যৱান বুলি ভাবো । অন্য অভিজ্ঞতা মোৰ নাই । ভাইমন দা মই নিজেই চাই খুব ভাল পাইছো । ৰুদ্ৰক আন চিনেমাৰ লগত তুলনা নকৰি সকলোৱে চাব ।”

