ETV Bharat / entertainment

বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি হৈ পৰিল চিমেন চাপৰি

চিমেন চাপৰিত ৰঙালী বিহুৰ আদৰণি অনুষ্ঠানত জনপ্ৰিয় অভিনেতা নয়ন নিলীম ৷ অসমীয়া থলুৱা কৃষ্টি-সংস্কৃতিক জীয়াই ৰখাৰ কথাৰে সোঁৱৰালে অভিভাৱকৰ দায়িত্ব ৷

rongali bihu 2025 welcoming event at the initiative of simen chapori anchalik satra santha
ৰঙালী বিহু আদৰণি অনুষ্ঠান (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : April 15, 2025 at 4:40 PM IST

3 Min Read
Choose ETV Bharat

জোনাই : বৰ্তমান সমগ্ৰ ৰাজ্যখনতে ৰঙালীৰ উছাহ ৷ ৰঙালীৰ ৰঙে উজ্জীৱিত কৰি তুলিছে প্ৰতিজন চহা অসমীয়াক । চিমেন চাপৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু চিমেন চাপৰিবাসী ৰাইজৰ সহযোগত প্ৰতি বছৰৰ দৰে এইবাৰো উদযাপন কৰা ৰঙালী বিহু আদৰণি অনুষ্ঠানত দেখিবলৈ পোৱা গ’ল এক ব্যতিক্ৰম পৰিৱেশ । ছাত্র সন্থাই সোমবাৰে উদযাপন কৰা ৰঙালী বিহু আদৰণি অনুষ্ঠানত বিভিন্ন জাতি-জনগোষ্ঠীৰ সমাহাৰ দেখা গ’ল ৷

ঢোল-পেঁপাৰ মাত, চিফুং আৰু ঐনিতমৰ ধ্বনিৰে মুখৰিত হ’ল চিমেন চাপৰি মিনি ষ্টেডিয়াম খেলপথাৰ । অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱা ১০.৩০ বজাত সদৌ অসম ছাত্র সন্থাৰ পতাকা উত্তোলন কৰে চিমেন চাপৰি আঞ্চলিক ছাত্ৰসন্থাৰ সভাপতি নৰেণ কোঁৱৰে ৷

ৰঙালী বিহু আদৰণি অনুষ্ঠান (ETV Bharat Assam)

পুৱা ১১.৩০ বজাত উদযাপন সমিতিৰ সভাপতি ৰজনী সন্দিকৈয়ে বিহুৰ পতাকা উত্তোলন কৰাৰ পাছতে শ্বহীদ তৰ্পণ কৰে চিমেন চাপৰি আঞ্চলিক ছাত্র সন্থাৰ সাধাৰণ সম্পাদক ৰাহুল বৰা আৰু ৰঙালী বিহু আদৰণি সমিতিৰ যুটীয়া সম্পাদক লোনা গগৈয়ে ৷ দুপৰীয়া ১২ বজাত বিহুৰ বাকৰি উদ্বোধন কৰে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাসে ৷ ইফালে বিভিন্ন জনগোষ্ঠীয় কৃষ্টি প্ৰদৰ্শনৰ শুভ উদ্বোধন কৰে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সম্পাদক জয়ন্ত বৰগোহাঁয়ে ৷

অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দীপক শৰ্মা, কাৰ্যনিৰ্বাহক বিকাশ মিছং, সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা ৰবি কছাৰীয়ে অংশগ্ৰহণ কৰি অসমবাসীক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ আনহাতে চিমেন চাপৰিত ৰঙালী বিহুৰ আদৰণি অনুষ্ঠানত অসমৰ জনপ্ৰিয় অভিনেতা নয়ন নীলিমে অংশগ্ৰহণ কৰে ৷ অভিনেতাগৰাকীয়ে কয়, "পাশ্চাত্য সংস্কৃতিয়ে আমাক গ্ৰাস কৰি পেলাইছে । আমাৰ নিজৰ কৃষ্টি-সংস্কৃতি যেন কৰবাত নহয় কৰবাত হেৰাই যাব ধৰিছে । অসমীয়াৰ থলুৱা কৃষ্টি-সংস্কৃতিৰ বিষয়বস্তুবোৰ ধৰি ৰখাৰ দায়িত্ব আমাৰ তথা সদৌ অসম ছাত্ৰ সন্থাৰ লগতে অসমৰ প্ৰতিগৰাকী অভিভাৱকৰ ৷"

বিহুৰ বাকৰিত চিমেন চাপৰিৰ বয়োজ্যেষ্ঠ মহিলাৰ হাতত প্ৰাণ পাই উঠা টাকুৰিত এৰীসূতা কাটি থকা দৃশ্য দেখি হতবাক হৈ পৰে অভিনেতা নয়ন নিলীম । অসমীয়া চহা জীৱনৰ সৈতে জড়িত থকা প্ৰতিটো বিষয়বস্তু, কলা-কৃষ্টি আৰু সংস্কৃতি ধৰি ৰাখিবলৈ অসমৰ প্ৰতিগৰাকী অভিভাৱকক আহ্বান জনাই তেওঁ ।

উল্লেখ্য যে, চিমেন চাপৰিৰ মিনি ষ্টেডিয়ামৰ বিহুৰ বাকৰিয়ে ঐতিহ্যৰ বাৰ্তা দিছে এই বিহুত ৷ শিৱসাগৰৰ সন্মিলিত নিমাইজান হুঁচৰি দল, জোনাই অঞ্চলৰ বিভিন্ন বিহু হুঁচৰি দল, মিচিং, বড়ো, তিৱা, সোণোৱাল, হাজং, নেপালীৰ লগতে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ কলা কৃষ্টিৰ প্ৰদৰ্শনে সৃষ্টি কৰিলে এক নান্দনিক পৰিৱেশৰ । সন্ধিয়া জনপ্ৰিয় কণ্ঠশিল্পী পম্পী পূৰবীৰ গীতত জীপাল হৈ পৰিব উদযাপনস্থলী ৷

লগতে পঢ়ক : নাচনীৰ ৰূপত এইবাৰ ১৬গৰাকী জনপ্ৰিয় অভিনেত্ৰী