গুৱাহাটী : দেওবাৰে মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় আৰ কে ইউনিভাৰ্ছৰ তৃতীয় সংখ্যক ''নিপন গোস্বামী বঁটা'' প্ৰদান অনুষ্ঠান । বিগত দুবছৰৰ দৰে এইবাৰো সংগীত আৰু অভিনয় ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱাৰ বাবে আৰ কে ইউনিভাৰ্ছৰ নিপন গোস্বামী জীৱনযোৰা সাধনা বঁটা আগবঢ়োৱা হয় এই দুই ক্ষেত্ৰৰ দুগৰাকী প্ৰবীণ শিল্পীলৈ ৷ এইবৰ্ষৰ জীৱনযোৰা সাধনা বঁটা প্ৰদান কৰা হয় বিশিষ্ট কণ্ঠশিল্পী নমিতা ভট্টাচাৰ্য আৰু অভিনেতা তৌফিক ৰহমানলৈ ।
আনহাতে, জাৰিৰ হুছেইন, ৰঞ্জু হাজৰিকা, এলভিছ আলী হাজৰিকালৈ নিপন গোস্বামী বিশেষ অৰিহণা বঁটা প্ৰদান কৰা হয় । উক্ত অনুষ্ঠানত ২০২৪ বৰ্ষত ছবিগৃহত মুক্তি লাভ কৰা পূৰ্ণদৈৰ্ঘৰ অসমীয়া চলচ্চিত্ৰৰ মাজৰ পৰা বাচনি কৰি চলচ্চিত্ৰৰ বিভিন্ন শিতানত উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে মুঠ ২২ গৰাকী ব্যক্তিলৈ আগবঢ়োৱা হয় ''নিপন গোস্বামী বঁটা ২০২৪'' ।
বিভিন্ন শিতানৰ বঁটাসমূহ তলত উল্লেখ কৰা হ’ল-
- এটি নিৰ্জন দুপৰীয়াৰ অভিনেতা কৌশিক নাথে লাভ কৰে মুখ্য অভিনেতাৰ বঁটা ।
- জীয়া ছবিখনৰ বাবে শৰ্মিষ্ঠা চক্ৰৱৰ্তীলৈ মুখ্য অভিনেত্ৰীৰ বঁটা ।
- খলনায়ক হিচাপে অভিনয় শিতানত বঁটা লাভ কৰে বিদুৰভাই ছবিৰ অভিনেতা অসীম কুমাৰ শৰ্মাই ।
- নৱাগত অভিনেতা হিচাপে অভিনয় শিতানত বঁটা লাভ কৰে সুন্দৰপুৰ কেঅছৰ পাৰ্থপ্ৰতিম হাজৰিকাই ৷
- নৱাগতা অভিনেত্ৰী হিচাপে অভিনয় শিতানত বঁটা লাভ কৰে ''এটি নিৰ্জন দুপৰীয়া''ৰ পাৰ্ভি বৰুৱাই ।
- সহযোগী অভিনেতা হিচাপে উৎকৃষ্ট অভিনয় শিতানত বঁটা লাভ কৰে ভূত জলকীয়াৰ মিণ্টু বৰুৱাই ৷
- সহযোগী অভিনেত্ৰী হিচাপে উৎকৃষ্ট অভিনয় শিতানত যুটীয়াভাৱে চুমকী কছাৰী (বিদূৰভাই) আৰু জ্বলী লস্কৰে (সুন্দৰপুৰ কেঅছ) বঁটা লাভ কৰে ।
- বিশেষ উল্লেখনীয় অভিনয় শিতানত ধ্যানী মহনে (চিকাৰ) বঁটা লাভ কৰে ।
- কৌতুক অভিনেতা হিচাপে অভিনয় শিতানত বিভাস সিন্হাই (লোকেল কুংফু ৩) বঁটা লাভ কৰে ।
- শিশু অভিনেতা হিচাপে উৎকৃষ্ট অভিনয় শিতানত এলিচ শ্বেইখে (স্বৰ্গৰথ) বঁটা লাভ কৰে ।
- উৎকৃষ্ট সাজসজ্জা শিতানত ৰাণী দত্ত বৰুৱাই (সুন্দৰপুৰ কেঅছ) বঁটা লাভ কৰে ।
- উৎকৃষ্ট প্ৰযোজনা অলংকৰণত যুটীয়াভাৱে ভাস্কৰজ্যোতি দাস আৰু জিতু তপনে (পিশাচ) বঁটা লাভ কৰে ।
- উৎকৃষ্ট দৃশ্যগ্ৰহণৰ বাবে চন্দ্ৰ কুমাৰ দাস (সুন্দৰপুৰ কেঅছ), পাৰ্শ্ব গায়কীত আকাশদ্বীপ বাৰুতি (ভূত জলকীয়া) আৰু পাৰ্শ্ব গায়কীত গায়ত্ৰী হাজৰিকাই (ৱাইদ এংগেল) বঁটা লাভ কৰে ।
- সংগীত পৰিচালনা বঁটা লাভ কৰে প্ৰণয় দত্তই (বিদুৰভাই) ৷
- বিশেষ উল্লেখনীয় পৰিচালনা বঁটা লাভ কৰে পাৰভেজ আহমেদে (ইতি তোমাৰ) ।
- নৱাগত হিচাপে পৰিচালনা শিতানত চিন্ময় শৰ্মাই (ভূত জলকীয়া) বঁটা লাভ কৰে ।
- পৰিচালনা শিতানত ৰাজেশ ভূঞাই (স্বৰ্গৰথ) বঁটা লাভ কৰে ।
- উৎকৃষ্ট ছবিৰ বাবে সমালোচকৰ বিশেষ বঁটা ড৹ সঞ্জীৱ নাৰায়ণে আৰু ডাঃ অক্ষতা নাৰায়ণে (স্বৰ্গৰথ) বঁটা লাভ কৰে ।
- উৎকৃষ্ট মানৰ জনপ্ৰিয় ছবিৰ বাবে অৰ্ণব হাজৰিকা (প্ৰযোজক,বিদুৰভাই) আৰু সুব্ৰত কাকতিয়ে (পৰিচালক,বিদুৰভাই) বঁটা লাভ কৰে ।
উল্লেখ্য যে, আৰ কে ইউনিভাৰ্ছৰ অধ্যক্ষ কুন্তল কুমাৰ কৌশিক আৰু পৰিচালন সঞ্চালক ৰুণামণি কৌশিকৰ উদ্যোগত আয়োজন কৰা এই বঁটা প্ৰদান অনুষ্ঠানত নিপন গোস্বামীৰ পুত্ৰ অভিনেতা সিদ্ধাৰ্থ গোস্বামী আৰু বোৱাৰী অভিনেত্ৰী কিংকিনী গোস্বামী উপস্থিত থাকি সম্পূৰ্ণ সহযোগিতা আগবঢ়ায় ৷
আনহাতে তৃতীয়বাৰৰ বাবে আয়োজন কৰা বঁটা প্ৰদান অনুষ্ঠানৰ বঁটাসমূহ নিৰ্বাচন কৰিবলৈ গঠন কৰা বিশেষ নিৰ্বাচনী কমিটীখনত আছিল ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত তথ্যচিত্ৰ পৰিচালক, জ্যেষ্ঠ সাংবাদিক শিৱাণু বৰা, অভিনেতা তথা সংগীত পৰিচালক ভগৱৎ প্ৰীতম দত্ত আৰু জ্যোতি চিত্ৰবনৰ মুখ্য শব্দ অভিযন্তা দীপক দত্ত ৷
অভিনেতা-পৰিচালক দীপক কুমাৰ ৰয়ৰ তত্ত্বাৱধানত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তী, অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাস আৰু দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা ।
লগতে অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে অতনু ভূঞা, মইনুল হক, হিতেশ কুমাৰ শৰ্মা, ড৹ সঞ্জীৱ নাৰায়ণ, স্বপ্নালী মহন্ত, ৰাজশ্ৰী ফুকন, ডাঃ হিতেশ বৰুৱা, ডাঃ ভূপন্দ্ৰ কামান আদিৰ লগতে বহুকেইগৰাকী গণ্যমান্য ব্যক্তি ৷
লগতে পঢ়ক : ‘পাপা: আন্ধাৰৰ পৰা পোহৰলৈ’ শীৰ্ষক তথ্যচিত্ৰখনিৰ বিশেষ প্ৰদৰ্শন