ৰিতেশ দেশমুখে পৰ্দাত দেখুৱাব ছত্ৰপতি শিৱাজী মহাৰাজৰ জীৱন কাহিনী
Riteish Deshmukh Raja Shivaji: ৰিতেশ দেশমুখৰ পৰিচালনাত নিৰ্মিত হ’ব দ্বিতীয়খন ছবি ‘ৰাজা শিৱাজী’ । ৰিতেশে এই ছবিখন পৰিচালনা কৰাৰ বিপৰীতে জেনেলিয়া দেশমুখ, জ্যোতি দেশপাণ্ডেই ছবিখন প্ৰযোজনা কৰিব ।

Published : February 19, 2024 at 1:14 PM IST
চিটাৰা ডেস্ক, ১৯ ফেব্ৰুৱাৰী: বলীউডৰ অন্যতম প্ৰতিভাৱান অভিনেতা ৰিতেশ দেশমুখ । বৰ্তমানলৈকে নিজৰ কেৰিয়াৰত ৰিতেশে কমেডীৰ পৰা আৰম্ভ কৰি ৰোমান্টিক, খলনায়কলৈকে জোৰদাৰ চৰিত্ৰত অভিনয় কৰি নিজৰ অভিনয় দক্ষতা প্ৰমাণ কৰিছে ।
পৰিচালনাৰ ক্ষেত্ৰতো ৰিতেশ শ্ৰেষ্ঠ বুলি প্ৰমাণিত হৈছে । অভিনেতাগৰাকীৰ পৰিচালনাত নিৰ্মিত প্ৰথমখন মাৰাঠী ছবি ‘বেদ’ যথেষ্ট সফল হৈছিল । ‘বেদ’ৰ সফলতাত উৎসাহিত হৈ ৰিতেশ দেশমুখে এতিয়া আন এখন ছবি পৰিচালনাৰ প্ৰস্তুতি চলাইছে । ছত্ৰপতি শিৱাজী মহাৰাজৰ জীৱন কাহিনী ৰূপালী পৰ্দাত দেখুৱাবলৈ সাজু হৈছে অভিনেতা-পৰিচালকগৰাকী । ইয়াৰ সমান্তৰালকৈ আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে ‘ৰাজা শিৱাজী’।
ছত্ৰপতি শিৱাজী মহাৰাজৰ জীৱনৰ আধাৰত নিৰ্মিত ছবি ‘ৰাজা শিৱাজী’ পৰিচালনা কৰিব ৰিতেশ দেশমুখে আৰু আজি ইয়াৰ আনুষ্ঠানিক ঘোষণাও কৰা হৈছে । ছত্ৰপতি শিৱাজী মহাৰাজৰ জন্ম জয়ন্তীত নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত ক’লা-বগা পোষ্টাৰ শ্বেয়াৰ কৰি ‘ৰাজা শিৱাজী’ ছবিখনৰ কথা ঘোষণা কৰে ৰিতেশ দেশমুখে ।
ইয়াৰ লগতে কেপচনত মাৰাঠী ভাষাত লিখিছে, “ইতিহাসৰ গৰ্ভত এনে এক ব্যক্তিত্বৰ জন্ম হৈছিল যাৰ অস্তিত্ব মৰ্ত্যৰ পৰা আগলৈ গুচি গৈছে । এটা প্ৰতিচ্ছবি, এজন কিংবদন্তি, যিটো আছিল জ্বলন্ত প্ৰেৰণা, ছত্ৰপতি শিৱাজী মহাৰাজ... কেৱল ঐতিহাসিক ব্যক্তিয়েই নহয়, এয়া তিনিশ পঞ্চাশ বছৰৰ অভিজ্ঞতা, অসাধাৰণ সাহসৰ যাত্ৰা... সকলোৰে হৃদয়ত উদয় হোৱা আশাৰ এক সূৰ্য্য ।”
পোষ্টটোত লগতে লিখা আছে, “শিৱ ৰায়ৰ মহাকাব্য কাহিনীক ডাঙৰ পৰ্দাত সজীৱ কৰি তোলাটো আমাৰ প্ৰবল উচ্চাকাংক্ষা আছিল । এক শক্তিশালী শক্তিক উফৰাই স্বৰাজ্যৰ শিখা জ্বলোৱা এজন যশস্বী পুত্ৰৰ মহাকাব্যৰ যাত্ৰা । এজন যোদ্ধা, যাৰ সাহসৰ কোনো সীমা নাই । ৰাজা শিৱাজী ।"
মাৰাঠী আৰু হিন্দী ভাষাত নিৰ্মিত হ’ব এই ছবিখন
ৰিতেশ দেশমুখৰ পৰিচালনাত ছত্ৰপতি শিৱাজী মহাৰাজৰ ওপৰত নিৰ্মিত ছবিখন মাৰাঠী আৰু হিন্দী ভাষাত আৰু মুম্বাই ফিল্ম কোম্পানীৰ সহযোগত জিঅ’ ষ্টুডিঅ’ই নিৰ্মাণ কৰিব বুলি জানিব পৰা গৈছে । আনহাতে জেনেলিয়া দেশমুখ, জ্যোতি দেশপাণ্ডেই ছবিখন প্ৰযোজনা কৰিব ৷
লগতে পঢ়ক: ছানী দেওলৰ লাহোৰ ১৯৪৭ত খলনায়কৰ ভূমিকাত দেখা যাব এইজন অভিনেতাক

