বাৰ্লিনত প্ৰদৰ্শিত হ’ল ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ ২’
পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জীপাল হ’ল সাংগীতিক সপোন পূৰণ কৰাৰ পথ বিচাৰি ধুনুৱে চলোৱা সংগ্ৰামৰ কাহিনী । বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত ‘ভিলেজ ৰকষ্টাৰ ২’ ।

By ETV Bharat Entertainment Team
Published : February 20, 2025 at 12:12 PM IST
|Updated : February 20, 2025 at 1:49 PM IST
গুৱাহাটী : অসমীয়া ছবিৰ বিশ্বমুখী যাত্ৰা অব্যাহত আছে । পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলিল অসম কন্যা ৰীমা দাসৰ পৰিচালিত ছবি ‘ভিলেজ ৰকষ্টাৰ ২’ । যোৱা ১৬ ফেব্ৰুৱাৰীত ৭৫ সংখ্যক বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ইউৰোপীয় প্ৰিমিয়াৰ সম্পন্ন হ’ল ৰীমা দাসৰ বুছান বিজয়ী ছবি ‘ভিলেজ ৰকষ্টাৰ ২’ৰ । ছবিখন প্ৰদৰ্শন হোৱাৰ পাছতে চলচ্চিত্ৰ সমালোচক তথা দৰ্শকৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয় ছবিখনে । আনহাতে উক্ত ফেষ্টিভেলৰ জেনেৰেছন প্লাছ শাখালৈ নিৰ্বাচিত হোৱা একমাত্ৰ ভাৰতীয় চিনেমা হিচাপে পৰিগণিত হয় ‘ভিলেজ ৰকষ্টাৰ ২’ ৷ ইউৰোপীয় প্ৰিমিয়াৰৰ পূৰ্বে ‘ভিলেজ ৰকষ্টাৰ ২’ৰ বিশ্ব বিপণন স্বত্ব লাভ কৰিছে বেংককৰ বিক্ৰী কোম্পানী ডাইভাৰ্ছনে ।
"এখন গাঁৱৰ এগৰাকী কিশোৰীয়ে তেওঁৰ সাংগীতিক সপোন পূৰণ কৰাৰ পথ বিচাৰে । কিন্তু জীৱনৰ কঠোৰ বাস্তৱতা তাইৰ সৰলতাৰ প্ৰত্যাহ্বান হৈ পৰে । এনে দ্বন্দ্বৰ মাজেতে সংগীত আৰু জীৱনৰ অংগাংগি সম্পৰ্ক পুনৰ আৱিষ্কাৰ কৰাৰ যাত্ৰাৰে তাই সপোনৰ নতুন সমলয় আৰু সুৰ সমাহাৰৰ অভিমুখী হয়"- এনে এক কাহিনীৰ আধাৰতে নিৰ্মাণ কৰা হৈছে ছবিখন ।
ৰীমা দাসৰ ৰচনা, প্ৰযোজনা, পৰিচালনা, দৃশ্যগ্ৰহণ আৰু সম্পাদনাৰে নিৰ্মিত ছবিখনত অভিনয় কৰিছে ক্ৰমে ভনিতা দাস, বাসন্তী দাস, জুনুমণি বড়ো, বলোৰাম দাস আৰু মানৱেন্দ্ৰ দাসে । ‘ভিলেজ ৰকষ্টাৰ ২’ সংগীত পৰিচালনা পল্লৱ তালুকদাৰৰ, ছাউণ্ড ডিজাইন কৰিছে শ্ৰেয়াংক নানজাপ্পা আৰু কালাৰিষ্টৰ দায়িত্বত আছে মাৰ্ক ছঙ ।

উল্লেখ্য যে, ‘ভিলেজ ৰকষ্টাৰ ২’ ছবিখন ২৯ সংখ্যক বুছান আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত ৱৰ্ল্ড প্ৰিমিয়াৰ হোৱা লগতে দ্বিতীয় শ্ৰেষ্ঠ ছবি হিচাপে সন্মানীয় 'কিম জিচিঅ'ক বঁটা লাভ কৰিবলৈয়ো সক্ষম হয় । আনহাতে মামি মুম্বাই চলচ্চিত্র মহোৎসৱতো ছবিখনৰ ভাৰতীয় প্রিমিয়াৰ হৈছিল ।

