ETV Bharat / entertainment

অসম সৌৰভ বঁটা: ১১৬ শাৰীৰ আটাইতকৈ দীঘলীয়া গীতটি ৰচনা কৰা গীতিকাৰগৰাকী আজি অভিভূত

"ওৰেটো জীৱন শিল্প সাধনাকে কৰি থাকিলো ৷ মঞ্চত থকা অৱস্থাত হাত চাপৰি এটা পালেও মনটো ভৰি পৰে"- হেমন্ত দত্ত ৷

Renowned playwright and lyricist Hemanta Dutta honored with the Assam Saurav Award
অসম সৌৰভ বঁটাৰে সন্মানিত হেমন্ত দত্ত (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : March 10, 2025 at 5:18 PM IST

3 Min Read
Choose ETV Bharat

মঙলদৈ: অসম চৰকাৰৰ ২০২৪-২৫ বৰ্ষৰ দ্বিতীয় সৰ্বোচ্চ সন্মান অসম সৌৰভ বঁটাৰ বাবে মনোনীত হোৱাৰ পিছতে উৎফুল্লিত হৈ পৰে অসমৰ বৰ্ষীয়ান নাট্যকাৰ, গীতিকাৰ হেমন্ত দত্ত । অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ জগতলৈ আগবঢ়োৱা অনবদ্য অবদানৰ বাবে ৰাজ্য চৰকাৰে এইগৰাকী স্বনামধন্য ব্যক্তিলৈ এই সন্মান আগবঢ়ায় ।

১৯৪১ চনৰ ২৪ ছেপ্টেম্বৰত দৰং জিলাৰ খাৰুপেটীয়াত হেমন্ত দত্তৰ জন্ম হয় । তেওঁৰ পিতৃৰ নাম হলিৰাম দত্ত আৰু মাতৃ বিৰজা বালা দত্ত । তেওঁ পিতৃ-মাতৃৰ চতুৰ্থ সন্তান আছিল । স্কুলীয়া শিক্ষা মঙলদৈত লাভ কৰা দত্তই ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ত কলেজীয়া শিক্ষা লাভ কৰে । অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ কাৰণে ডেৰ শতাধিক নাটক লিখা হেমন্ত দত্ত অবিহনে ভ্ৰাম্যমাণ থিয়েটাৰ কল্পনা কৰিব নোৱাৰি ।

নাট্যকাৰ-গীতিকাৰ হেমন্ত দত্ত (ETV Bharat Assam)

হেমন্ত দত্তৰ অপূৰ্ব সৃষ্টি 'টাইটানিক'ৰ নাম শুনিলে দৰ্শক আজিও শিহৰিত হয় ৷ ৯০ দশকতেই ইয়াক ভ্ৰাম্যমাণৰ জৰিয়তে বাস্তৱ ৰূপ প্ৰদান কৰিছিল এইগৰাকী নাট্যকাৰে, যি পিছলৈ সৃষ্টি কৰিছিল অভিলেখৰ ৷ ভ্ৰাম্যমাণ থিয়েটাৰৰ সেই অভিলেখ আজিও ভংগ কৰিব পৰা নাই কোনো নাটকে ৷ তেনে এক অভিলেখ সৃষ্টিকাৰী নাটকৰ নাট্যকাৰ হেমন্ত দত্ত ৷

উল্লেখ্য যে কানৈ মহাবিদ্যালয়ত পঢ়ি থাকোঁতে তেওঁ চৈয়দ চাদুল্লা, ৰাজেন গোঁহাই, হীৰেন গোঁহাই, ভবেশ গোস্বামী, প্ৰিন্স আদি বন্ধুবৰ্গৰ সংস্পৰ্শলৈ আহে। এই সময়ছোৱাত তেওঁলোকে 'কুইভাৰ্ছ বেণ্ড' নামৰ এক সাংস্কৃতিক গোষ্ঠী গঠন কৰে । তেওঁ লিখা প্ৰথম গীতটি ব্ৰজেন দাসে ডিব্ৰুগড়ৰ 'ইণ্ডিয়া ক্লাব'ত পৰিৱেশন কৰে । ১৯৭৭ চনত ‘নতুন আশা’ চলচ্চিত্ৰৰ জৰিয়তে তেওঁ পেছাগতভাৱে গীত ৰচনা কৰিবলৈ ধৰে । প্ৰায় পাঁচশতকৈয়ো অধিক গীত ৰচনা কৰা দত্তৰ 'মই যি বাটেৰে ওলালো আজি', 'এই আকাশ বৰ বিশাল', 'তুমি আহিছিলা চেনাই' আদি গীত বহুলভাৱে আজিও জনপ্ৰিয় ।

জয়ন্ত হাজৰিকা, চাৰু গোঁহাই, মালবিকা বৰা, ৰাজেন গোঁহাই, ডলী ঘোষ, শান্তা উজীৰ, সমৰ হাজৰিকা আদি বিখ্যাত কণ্ঠশিল্পীয়ে তেওঁ ৰচনা কৰা গীতত কণ্ঠদান কৰিছে । তেওঁ সাদৰী, সোণমইনা, জীৱন সুৰভি, বহাগৰ দুপৰীয়া, শেৱালি, ইমান মৰম কিয় লাগে, এই মৰম তোমাৰ বাবে, হিয়া দিয়া নিয়া, নায়ক আদি চলচ্চিত্ৰৰ বাবেও গীত ৰচনা কৰে । পিতা-পুত্ৰ ছবিখনত তেওঁ লিখা ১১৬ শাৰীৰ 'বন্ধ কৰিব হাত, বন্ধ কৰিব মাত' গীতটি সকলোতকৈ দীঘল অসমীয়া গীত বুলি কোৱা হয় ।

এইগৰাকী মহান ব্যক্তিক অসম চৰকাৰে ৰাজ্যখনৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান অসম সৌৰভ বঁটাৰে বিভূষিত কৰাৰ বাবে নিৰ্বাচিত কৰাত সমগ্র অসমৰ নাট্যপ্ৰেমীৰ মাজত আনন্দৰ জোৱাৰ উঠিছে ৷ বঁটা লাভ কৰি আৱেগিক হৈ পৰা হেমন্ত দত্তই কয়, "এই সন্মান নভবাকৈ অভাৱনীয়ভাৱে লাভ কৰিবলৈ সক্ষম হ'লো ৷"

লগতে পঢ়ক : হেমন্ত দত্তলৈ অচ্যুৎ লহকৰ স্মাৰক বঁটা-২০২৪ : সুখানুভূতি প্ৰকাশ জনপ্ৰিয় নাট্যকাৰগৰাকীৰ - Achyut Lahkar MEMORIAL AWARD 2024