আধুনিকতাৰ পৰশেৰে অসমৰ পৰম্পৰাক উপস্থাপন নতুন দিল্লীত
Designer Sanjukta Dutta: লেকমে’ ফেশ্বন উইক ২০২৪ত ‘হেঁপাহ, দ্যা ডিজায়াৰ’ । অসমীয়া শিপিনীৰ পাট কাপোৰৰ উজলিল সংযুক্তা দত্তৰ অসমীয়া পৰম্পৰা সংপৃক্ত আধুনিক ডিজাইনত ।

By ETV Bharat Entertainment Team
Published : October 13, 2024 at 8:35 PM IST
|Updated : October 13, 2024 at 9:04 PM IST
চিটাৰা ডেস্ক, ১৩ অক্টোবৰ: অসমৰ শিপিনীৰ হাতৰ পাট কাপোৰে অসমৰ সুদক্ষ ফেশ্বন ডিজাইনাৰৰ হাতত প্ৰাণ পাই উঠিল লেকমে’ ফেশ্বন উইকত । ভাৰতৰ অন্যতম সমাদৃত ফেশ্বন শ্ব’ 'লেকমে’ ফেশ্বন উইক’ত আকৌ এবাৰ উজলি উঠিল অসমৰ ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ পাট কাপোৰৰ বস্ত্ৰ সম্ভাৰ । আন্তঃৰাষ্ট্ৰীয় বিশাল ফেশ্বনৰ জগতখনত নিজৰ স্থান উলিয়াই ল’বলৈ ইতিমধ্যেই সক্ষম হোৱা অসমৰ সুযোগ্যা কন্যা সংযুক্তা দত্তই আকৌ এবাৰ লেকমে’ ফেশ্বন উইকত দেখুৱালে নিজৰ ডিজাইনৰ অসম পাট বস্ত্ৰ সমাহাৰৰ চমক ।
ডিজাইনাৰ সংযুক্তা দত্তই নতুন দিল্লীৰ দেওবাৰে অনুষ্ঠিত হোৱা লেকমে‘ ফেশ্বন উইক, ২০২৪ত তেওঁৰ শেহতীয়া ডিজাইনৰ চমকপদ বস্ত্ৰ সম্ভাৰৰ সংকলন 'হেঁপাহ, দ্য ডিজায়াৰ'ৰ জৰিয়তে এক মন্ত্ৰমুগ্ধকৰ উপস্থাপনৰে সকলোকে মুগ্ধ কৰি তোলে । বয়সে স্পৰ্শ কৰিব নোৱাৰা বলীউডৰ অভিনেত্ৰী তথা ভাৰতীয় মডেলিং জগতৰ তাৰকা সংগীতা বিজলানীয়ে ৰেম্পত খোজ দিলে সংযুক্তা দত্তই ডিজাইন কৰা ফেশ্বনৰ আটকধুনীযা বস্ত্ৰ পৰিধান কৰি ।
সংযুক্তাৰ শেহতীয়া নতুন ফেশ্বনৰ পাট কাপোৰৰ বস্ত্ৰ সম্ভাৰ প্ৰদৰ্শন কৰা হোটেল গ্ৰ্যাণ্ডত অনুষ্ঠিত শ্ব’টোত সংগীতা বিজলানীয়ে পৰিধান কৰা পাটৰ বস্ত্ৰই অনন্য কলাত্মক মাত্ৰা লাভ কৰে । আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ভায়’লীনবাদক অসমৰে জীয়াৰী সুনীতা ভূঞাই ভায়’লীনৰ মনোমোহা লাইভ প্ৰদৰ্শনেৰে সংযুক্তা দত্তৰ 'হেঁপাহ, দ্য ডিজায়াৰ' শ্ব'টোত অধিক প্ৰাণ সঞ্চাৰ কৰে । এক কথাত অসমী আইৰ দুই কন্যা সংযুক্তা দত্তৰ সুন্দৰ ডিজাইন আৰু সুনীতা ভূঞাৰ ভায়’লীনৰ যাদুকৰী ৰাগৰ সমাহাৰত অসমৰ পাট কাপোৰে এইবাৰ লেকমে’ ফেশ্বন উইকত অভিনৱ উপস্থাপনেৰে লাভ কৰিলে উচ্চ স্থান ।
'হেঁপাহ, দ্যা ডিজায়াৰ'ত ডিজাইনাৰ সংযুক্তাৰ ফেশ্বনৰ বিশেষত্ব:
নতুনত্বৰ প্ৰতি হেঁপাহনো নাথাকে কাৰ ! এযোৰ সুন্দৰ সমাহিত নৱতম ফেশ্বনৰ বস্ত্ৰ পৰিধানৰ মানুহৰ যি চিৰন্তনী সূক্ষ্ম আকাংক্ষা, হেঁপাহ তাকেই যেন 'হেঁপাহ, দ্যা ডিজায়াৰ'ৰ বস্ত্ৰ সম্ভাৰৰ জড়িয়তে লেকমে’ ফেশ্বন শ্ব’ত এক কলাত্মক প্ৰকাশভংগীৰে দাঙি ধৰিলে সংযুক্তা দত্তই ।

সমসাময়িক বিশ্বৰ ফেশ্বন সংবেদনশীলতাৰ সৈতে পৰম্পৰাগতভাৱে হাতেৰে বোৱা অসমীয়া পাট কাপোৰৰ সমাহাৰ ঘটাইছে 'হেঁপাহ ' নামৰ এই বস্ত্ৰ সংকলনটোত । এইবাৰৰ পাট বস্ত্ৰ সম্ভাৰৰ ডিজাইন কৰোতে সংযুক্তা দত্তই অতি সূক্ষ্ম অথচ শক্তিশালী ৰঙৰ বৈচিত্ৰৰে সংযত অথচ স্থায়ীৰূপে ৰাখিব পৰা হেঁপাহটোৰ বিষয়ে বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে ।
পৰম্পৰাক আধুনিকতাৰ সৈতে সংমিশ্ৰণ:
'হেঁপাহ, দ্যা ডিজায়াৰ' শীৰ্ষক ফেশ্বন শ্ব’টোত সংগীতা বিজলানীয়ে মডেলৰূপে তুলি ধৰা সংযুক্তা দত্তৰ সাজ-পোছাকবোৰে অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যক প্ৰতিফলিত কৰিছে । বস্ত্ৰ সম্ভাৰৰ প্ৰতিযোৰতেই ৰঙৰ বৈচিত্ৰ তথা আধুনিকতাৰ পৰশে শোভাবৰ্ধন কৰিছে । এই ডিজাইনসমূহে অসমীয়া পৰম্পৰাক শ্ৰদ্ধা জনোৱাই নহয়, পৰিশোধিত চিলাইৰ জৰিয়তে আধুনিক ফেশ্বন অনুৰাগীসকলকো আপ্লুত কৰিছে । সংকলনটোত মিহি, নিতুল শ্বেড আৰু গাঢ় ৰঙৰ মাজত এক সূক্ষ্ম ভাৰসাম্যতা ৰক্ষা কৰিছে, য’ত পৰম্পৰাক আধুনিকতাৰ সৈতে সংমিশ্ৰিত কৰা সংযুক্তা দত্তৰ প্ৰতিভাৰ স্বাক্ষৰ শৈলী প্ৰদৰ্শন কৰা হৈছে ।

পাটৰ কাপোৰেৰে সমৃদ্ধ নতুন ফেশ্বনৰ বস্ত্ৰ পৰিধান কৰি এফালে মঞ্চত খোজ দিছিল সংগীতা বিজলানীয়ে, আনহাতে ভায়’লীনত লাইভ সুৰ দিছিল সুনীতা ভূঞাই । সুনীতা ভূঞাৰ ভায়’লীনৰ সুৰৰ তালে তালে যেতিয়া সংগীতা বিজলানীয়ে শ্ব’ষ্টপাৰ হিচাপে মঞ্চৰ সোঁমাজ পাইছিলগৈ তেতিয়াই জাউৰিয়ে জাউৰিয়ে হাতচাপৰিয়ে উপচি পৰিছিল প্ৰেক্ষাগৃহ । সংগীতা বিজলানীৰ শোভাৰ সৈতে অসমৰ শিপিনীয়ে বোৱা পাটৰ কাপোৰৰ সৌন্দৰ্যৰ মনোমোহা উপস্থাপনে উপস্থিত সকলোকে মুগ্ধ কৰি তুলিছিল ।
ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই নিজৰ শেহতীয়া এই বস্ত্ৰ সম্ভাৰ প্ৰসংগত মতামত ব্যক্ত কৰি কয়, 'হেঁপাহ, দ্যা ডিজায়াৰ' হৈছে ইচ্ছা আৰু আকাংক্ষাৰ শক্তিশালী আৱেগ । এই বস্ত্ৰ সংকলনটো হৈছে অসমীয়া কাৰুকাৰ্যৰ প্ৰতি আমাৰ একাজঁলি শ্ৰদ্ধা আৰু এই বস্ত্ৰ সম্ভাৰত প্ৰতিফলিত হৈছে আধুনিকতাৰ মাজেৰে প্ৰকাশ কৰা আমাৰ কৃষ্টি-পৰম্পৰাৰ কালজয়ী সৌন্দৰ্য আৰু গভীৰতা ।”

নিশ্চিতভাৱে লেকমে’ ফেশ্বন উইক, ২০২৪ৰ মঞ্চত সংযুক্তা দত্তই নিজৰ নৱতম কলাত্মক দৃষ্টিভংগী প্ৰদৰ্শনেৰে পাটৰ কাপোৰৰ মাধ্যমেৰে পৰম্পৰা, আধুনিকতা আৰু শিল্পক নিৰৱচ্ছিন্নভাৱে মিহলি কৰা হৈছে । অৱশ্যে, লেকমে’ ফেশ্বন উইকত ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ এয়া প্ৰথম সফলতা নহয় । সংযুক্তা হ’ল লেকমে ফেশ্বন শ্ব’ত নিজৰ ডিজাইন প্ৰদৰ্শন কৰা আৰু সফলতা লভা প্ৰথমগৰাকী অসমীয়া মহিলা ।
ভাৰতৰ বিখ্যাত ফেশ্বন শ্ব’বোৰৰ উপৰিও FDCI, লণ্ডন ফেশ্বন শ্ব’ আদি বিশ্বৰ আগশাৰীৰ ফেশ্বন শ্ব’ত অংশগ্ৰহণ কৰি সমাদৰ লভিছিল সংযুক্তা দত্তৰ ফেশ্বনে । ২০২২ বৰ্ষত সংযুক্তা দত্তই প্ৰখ্যাত নিউয়ৰ্ক ফেশ্বন উইকতো অংশগ্ৰহণ কৰি প্ৰশংসা লভিছিল । আনহাতে বিশ্বৰ প্ৰথমশাৰীৰ চাৰিটা ফেশ্বন উইকৰ ভিতৰত অন্যতম পেৰিছ ফেশ্বন উইক, ২০২৩ তো অসম কন্যা সংযুক্তা দত্তৰ পাট-মুগা বিশেষ ফেশ্বন সম্ভাৰৰ শ্ব’ 'চিকি-মিকি'ৰ বস্ত্ৰ সম্ভাৰ প্ৰদৰ্শিত হৈছিল ।

