ETV Bharat / entertainment

আপুনিও গাব পাৰিব গীত এটি... সংগীতশিল্পী ভূপেন উজীৰৰ জন্মদিনৰ বৰ্ণাঢ্য আয়োজন

প্ৰয়াত সংগীতজ্ঞ ভূপেন উজীৰৰ ৭২ সংখ্যক জন্ম জয়ন্তী এই বৰ্ষত বিশেষভাৱে উদযাপন কৰাৰ উদ্যোগ লৈছে “ভূপেন উজীৰ স্মৃতি ৰক্ষা সমিতি’’এ ৷

Birth anniversary of late veteran musician bhupen uzir
সংগীতশিল্পী ভূপেন উজীৰক সশ্ৰদ্ধ স্মৰণ (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : February 28, 2025 at 4:31 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : স্বনামধন্য সংগীত পৰিচালক, সংগীতজ্ঞ, শব্দযন্ত্ৰী প্ৰয়াত ভূপেন উজীৰৰ ৭২ সংখ্যক জন্মদিনটো অহা ৫ এপ্ৰিল শনিবাৰে “ভূপেন উজীৰ স্মৃতি ৰক্ষা সমিতি’’ৰ উদ্যোগে বিশেষভাৱে উদ্‌যাপন কৰিবলৈ মনস্থ কৰিছে ৷ সংগীতশিল্পীগৰাকীৰ জন্মদিনৰ লগত সংগতি ৰাখি তেওঁৰ সুন্দৰ চিৰসেউজ কেইটিমান নিৰ্বাচিত গীতৰ এখন অনলাইন প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে ৷ প্ৰতিযোগিতাখনি দুটা শাখাত অনুষ্ঠিত হ’ব ৷ ‘ক’ শাখা ১৪ বছৰৰ অনুৰ্ধৰ আৰু ‘খ’ শাখা ১৪ বছৰৰ উৰ্ধৰ ৷ দুয়োটি শাখাতে তিনিটাকৈ বঁটা থাকিব ৷

প্ৰতিযোগিতাৰ নিয়মাৱলী তথা গীতসমূহ ইতিমধ্যেই ভূপেন উজীৰ স্মৃতি ৰক্ষা সমিতিৰ ফেচবুক পেজত (Bhupen Uzir Smriti Raksha Samiti) প্ৰকাশ কৰা হৈছে ৷ প্ৰতিযোগীসকলে আগন্তুক ২৫ মাৰ্চৰ ভিতৰত তেওঁলোকৰ গীতৰ ভিডিঅ' ৬০০১২৪১৮৭৫ আৰু ৯৮৬৪১৫৯৭৭৭ নম্বৰলৈ হোৱাটছআপ যোগে নাইবা bhupenuzirsrs@gmail.com ঠিকনাত ই-মেইল যোগে প্ৰেৰণ কৰিব লাগিব ৷

Birth anniversary of late veteran musician bhupen uzir
প্ৰয়াত সংগীতজ্ঞ ভূপেন উজীৰৰ ৭২ সংখ্যক জন্ম জয়ন্তী উদযাপনৰ যো-জা (Photo : ETV Bharat Assam)

ভূপেন উজীৰ স্মৃতি ৰক্ষা সমিতিয়ে জনোৱা অনুসৰি বিজয়ী প্ৰতিযোগীসকলক ট্ৰফীৰ লগতে নগদ ধন আৰু মানপত্ৰ প্ৰদান কৰা হ’ব ৷ প্ৰয়াত শিল্পীজনাৰ জন্মদিনটোত, অৰ্থাৎ আগন্তুক ৫ এপ্ৰিলত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত মাধৱদেৱ প্ৰেক্ষাগৃহত “হিয়া ভৰা শুভকামনাৰে ২০২৫’’ শীৰ্ষক এক অন্তৰংগ সুৰৰ সন্ধিয়াৰো আয়োজন কৰা হৈছে ৷ য’ত অসমৰ প্ৰতিষ্ঠিত আৰু ন-প্ৰজন্মৰ কেইবাগৰাকীও শিল্পীয়ে গীত পৰিৱেশন কৰাৰ লগতে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগীক গীত পৰিৱেশন কৰিবলৈ দিয়া হ’ব ৷ লগতে সেই অনুষ্ঠানতে বিজয়ী প্ৰতিযোগীসকলক বঁটা প্ৰদান কৰা হ’ব ৷

“হিয়া ভৰা শুভকামনাৰে ২০২৫’’ অনুষ্ঠানতে জীৱনজোৰা সাধনাৰ বাবে তিনিগৰাকী বাদ্যযন্ত্ৰী আৰু শব্দযন্ত্ৰীক বিশেষভাৱে সন্মানিত কৰিবলৈয়ো সিদ্ধান্ত লৈছে ভূপেন উজীৰ স্মৃতি ৰক্ষা সমিতিয়ে ৷ অনুষ্ঠানটোত সংগীতানুৰাগী ৰাইজৰ সহায়-সহযোগিতা আয়োজক সমিতিয়ে কামনা কৰিছে ৷ উল্লেখ্য যে, অনুষ্ঠানটি ভূপেন উজীৰ স্মৃতি ৰক্ষা সমিতিয়ে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগিতাত অনুষ্ঠিত কৰিব ।

লগতে পঢ়ক : বিশিষ্ট অভিনেতা মেহতাব হুছেইনৰ দেহাৱসান