ETV Bharat / entertainment

'ৰুদ্ৰ'ৰ দৃশ্যগ্ৰহণত অঘটন: বিস্ফোৰণৰ দৃশ্যগ্ৰহণৰ সময়ত আঘাতপ্ৰাপ্ত ৰবি শৰ্মা - Ravi Sarma injured during shoot - RAVI SARMA INJURED DURING SHOOT

Ravi Sarma Rudra Film: নতুন অসমীয়া ছবি 'ৰুদ্ৰ'ৰ শ্বুটিং চলি থকাৰ মাজতে বেয়াকৈ আঘাতপ্ৰাপ্ত হয় অভিনেতা ৰবি শৰ্মা ৷ এটা একুৰিয়াম ব্লাষ্টৰ দৃশ্যগ্ৰহণ কৰাৰ সময়তে আঘাতপ্ৰাপ্ত হয় ৰবি শৰ্মা ৷ বৰ্তমান কি অৱস্থাত আছে ৰবি শৰ্মা ! অভিনেতাগৰাকীৰ আঘাতে প্ৰভাৱ পেলাব নেকি ছবিখনৰ শ্বুটিঙত ! জানিবলৈ পঢ়ক এই প্ৰতিবেদন...

Ravi Sarma severely injured during the shoot of upcoming assamese film RUDRA
আঘাতপ্ৰাপ্ত অভিনেতা ৰবি শৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 29, 2024 at 4:47 PM IST

Updated : July 29, 2024 at 7:23 PM IST

2 Min Read

চিটাৰা ডেস্ক, ২৯ জুলাই: আহিবলগীয়া নতুন অসমীয়া ছবি 'ৰুদ্ৰ'ৰ শ্বুটিঙৰ সময়ত মঙলবাৰে আঘাতপ্ৰাপ্ত হয় অসমীয়া ছবিজগতৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা । এক্সনৰ দৃশ্য শ্বুটিঙৰ সময়তে এটা একুৰিয়াম ব্লাষ্টৰ দৃশ্যগ্ৰহণ কৰাৰ সময়তে সংঘটিত হয় এই অঘটন ৷ কাহিলীপাৰাৰ অগ্ৰদূত বাতৰি কাকতৰ কাৰ্যালয়ৰ সন্মুখত চলি আছিল ছবিখনৰ শ্বুটিং ।

'ৰুদ্ৰ'ৰ দৃশ্যগ্ৰহণত অঘটন (ETV Bharat Assam)

জি এন আৰ চিলৈ প্ৰেৰণ অভিনেতাগৰাকীক:

ৰবি শৰ্মা আঘাতপ্ৰাপ্ত হোৱাত তেওঁক ততাতৈয়াকৈ লৈ অহা হয় দিছপুৰৰ জি এন আৰ চি হাস্পতাললৈ । মুখমণ্ডলত কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে অভিনেতাগৰাকী । প্ৰাৰম্ভিক চিকিৎসাৰ পাচত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয় অভিনেতাগৰাকীক ।

লগতে পঢ়ক: ৰুদ্ৰখন হৈছে আমাৰ অসমীয়া থলুৱা চিনেমা: ৰূপক গগৈ - Assamese Film Rudra

অভিনেতাগৰাকীৰ মুখমণ্ডলত সোমাইছিল তিনিটা গ্লাচৰ টুকুৰা:

এই সমগ্ৰ ঘটনা সন্দৰ্ভত অভিনেতাগৰাকীয়ে সংবাদমাধ্যমৰ সন্মুখত মন্তব্য কৰি কয়, "তিনিটা গ্লাচৰ টুকুৰা সোমাইছিল । চিকিৎসকে সেইকেইটা উলিয়াই দিলে । বৰ্তমান মই সুস্থ ।"

ৰবি শৰ্মাৰ আঘাতে প্ৰভাৱ পেলাব নেকি ছবিখনৰ শ্বুটিঙত:

চিকিৎসালয়ৰ পৰা মুকলি হোৱাৰ পাচত পুনৰ ছবিখনৰ কাম সম্পূৰ্ণ কৰিব বিচাৰে জনপ্ৰিয় অভিনেতাগৰাকীয়ে ৷ তেওঁ কয়, "পুনৰ শ্বুটিঙলৈ যোৱাৰ পৰিকল্পনাই কৰি আছো, পৰিচালকে কি কয় চাই লওঁ । সময় নষ্ট নোহোৱাকৈ যিমানখিনি কাম কৰিব পাৰো সেয়া আমাৰ বাবে ভাল । শ্বুটিং বৰ্তমানো বাকী আছে । বৰ্তমান তৃতীয় পৰ্যায়ৰ এক্সনৰ শ্বুটিং চলি আছে । ইয়াৰ পাচত আৰু এটা চিডিউল থাকিব । পূৰ্ণোদ্যমে আমাৰ শ্বুটিং চলি আছে । অসমৰ ৰাইজক আমি এখন ভাল ছবি দিম বুলি কথা দি থৈছো । তেনেক্ষেত্ৰত কেতিয়াবা অকণমান ৰিস্ক লোৱা যায় ।" লগতে শুভাকাংক্ষীসকলক ধন্যবাদ জনাই অভিনেতাগৰাকীয়ে কয়, "সকলোলৈ ধন্যবাদ । তেওঁলোকৰ আশীৰ্বাদ আছে বাবেই ইমানতে ৰৈ গ'ল ৷"

লগতে পঢ়ক: ছাচপেন্স-থ্ৰিলাৰ-একশ্যন সহিতে শ্বাসৰুদ্ধ কৰিব ৰুদ্ৰই - NEW ASSAMESE FILM RUDRA

কি ক’লে পৰিচালনা ৰূপক গগৈয়ে:

ইফালে এই সন্দৰ্ভত ছবিখনৰ পৰিচালক ৰূপক গগৈ কয়, "এক্সনৰ শ্বুটিং চলি থকা অৱস্থাত এইটো অঘটন হয় । কিন্ত ভগৱানৰ আশীৰ্বাদত বিশেষ একো নহ’ল । বৰ্তমান ৰবি সুস্থ ।"

Last Updated : July 29, 2024 at 7:23 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.