জুবিনৰ মৃত্যুৰ পাছতো কেনেকৈ চলি থাকিল নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল: ৰবি শৰ্মা
কাহিলীপাৰাৰ ঘৰখনত উপস্থিত হৈ ৰবি শৰ্মাৰ ক্ষোভ ৷ আয়োজকক কেৱল জানো ব্লেকলিষ্ট কৰিলেই হ’ব ?

By ETV Bharat Entertainment Team
Published : September 25, 2025 at 1:13 PM IST
|Updated : September 25, 2025 at 2:10 PM IST
গুৱাহাটী: সম্পূৰ্ণ এটা সপ্তাহ ৷ জুবিনবিহীন অসমৰ আজি সপ্তমটো দিন ৷ ক’বলৈ ভাষা নাই কাৰোৰে মুখত একো ৷ না কোনোবাই ভালকৈ শুব পাৰিছে, না খাব পাৰিছে না অইন কামত মন বহুৱাব পাৰিছে ! কোনেও সপোনতো কল্পনা নকৰা এটা দিনৰ মুখামুখি হ’ল আৰু আজিও হৈ আছে ৷ কোনো অসমীয়াই কাহানিও জীৱনত এনেকৈ অৰ্থাৎ জুবিন অবিহনেতো আগবাঢ়ি যাব বিচৰা নাছিল ৷ কিন্তু গতানুগতিক জীৱনটো চলিবই লাগিব, আৰম্ভও হৈছে ইতিমধ্যে, পিছে জুবিন গাৰ্গৰ নামত উকা হৈ পৰা বুকুৰ সেই বিশেষ অংশৰ বিষ প্ৰতিগৰাকী অসমীয়াই আমৰণ কঢ়িয়াই লৈ ফুৰিব ৷
চিতা জ্বলি শেষ হোৱাৰ পিছতো বহি থকা অনুৰাগীয়েই ক’ব পাৰে সেইগৰাকী শিল্পী বুকুৰ কিমান আপোন আছিল ? সাধাৰণতে চেলেব্ৰিটীসকলৰ মাজত জনপ্ৰিয়তাক লৈ ভিতৰি প্ৰতিযোগিতা চলি থাকে বুলি বহুতে কয় ৷ পিছে এয়া কি ! জুবিনে দেখোন সকলোকে একেলগ কৰি পেলালে ৷ কোনো হিন্দু-মুছলিম, জাতি-ধৰ্ম বিবেচনা নকৰি সকলো আজি জুবিনৰ বাবে ওলাই আহিছে ৷ মন্ত্ৰী-বিধায়কৰ পৰা গায়ক-গায়িকা, অভিনেতা-অভিনেত্ৰী, ইউটিউবাৰ সকলো শোকত মৰ্মাহত ৷
সকলোৰে মাজতে অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা উপস্থিত হয় গৰিমা শইকীয়াৰ কাষত ৷ সাংবাদিকৰ সৈতে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে অভিনেতাগৰাকীয়ে ৷ শৰ্মাই কয়, “ক’বলৈ একো ভাষা নাই ! জুবিন গাৰ্গ অসমৰ সম্পদ বুলি অসমৰ ৰাইজে ভাৰতবৰ্ষক জনাই দিছে ৷ মই নিঃস্বাৰ্থভাৱে এই ঘটনাৰ নিকা তদন্ত হোৱাটো বিচাৰো ৷ আচল কথাবোৰ ওলাই আহক ৷” ইয়াৰ লগতে ৰবি শৰ্মাই যুক্তিসহ কেইটমান কথা ক’লে, যিকেইটা কথাই প্ৰতিগৰাকী অসমীয়াৰে মনত এতিয়া খেলা কৰি ফুৰিছে ৷
নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তক ব্লেকলিষ্ট কৰা, জুবিনৰ মেনেজাৰৰ কু-ব্যৱহাৰ, জুবিনৰ সৈতে ৰবি শৰ্মাৰ হাঁহি-ধেমেলীয়া সম্পৰ্ক-এই সকলো সামৰি ৰবি শৰ্মাই নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে ৷ তেওঁ কয়, “জুবিন গাৰ্গৰ দৰে এটা সত্বা, অসমৰ হিয়াৰ আমঠু নাইকিয়া হৈ যোৱাৰ পাছতো নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল চলি থাকিল কেনেকৈ ? সেইটো কথাক মই তীব্ৰ গৰিহণা দিছো আৰু মই জীৱনত ক্ষমা নকৰো ৷ যেতিয়া কোনোবা এজন ব্যক্তিয়ে দল এটাৰ বিপক্ষে মাত দিয়ে, তেওঁক ৰাষ্ট্ৰদ্ৰোহী বুলি আখ্যা দিয়া হয় ৷ আজি আমাৰ জাতিটোৰ আৱেগ নাইকিয়া হৈ গ’ল, আমাৰ জাতিটোৰ পৰিচয় বুলিয়ে ক’ব পাৰি, তেওঁ নাইকিয়া হৈ যোৱাৰ পাছত তেওঁৰ নামত কোনোবাই বেপাৰ চলাই থকাটো কিন্তু জাতিদ্ৰোহ ৷ আৰু জাতিদ্ৰোহৰ কোনো ক্ষমা নাই ৷”
শৰ্মাই লগতে আৰু কয়, “মাননীয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব ডাঙৰীয়াই ক’লে-আমি তেওঁক ব্লেকলিষ্ট কৰিছো ৷ কিন্তু অকল ব্লেকলিষ্ট কৰিলে নহ’ব নহয় ৷ আমি অন্তৰৰ পৰাই তেওঁক ব্লেকলিষ্ট কৰিছো ৷ তেওঁ কাইলৈ ফেষ্টিভেল কৰিলেও চাবলৈ যাব কোন ? গতিকে সেইটো কিন্তু গুৰুত্বপূৰ্ণ খবৰ নহয় ৷ মোৰ বাবে গুৰুত্বপূৰ্ণ খবৰ সেইটোহে, যেতিয়া তেওঁৰ বিপক্ষে এই কথাত বিচাৰ হ’ব যে জুবিন নাইকিয়া হৈ যোৱাৰ পাছতো তেওঁ বেহা কেনেকৈ চলাই থাকিল আৰু তাত কোন কোন জড়িত আছিল ?” মৰণোত্তৰ পৰীক্ষাৰ ফলাফলো অতি সোনকালে ৰাজহুৱা কৰাৰ কথা কয় অভিনেতাগৰাকীয়ে ৷
এইকেইদিন জুবিনৰ কাহিলাপাৰাস্থিত বাসগৃহত অনুৰাগীৰ লগতে জুবিনৰ সহকৰ্মীসকলেও আহি দিনে-নিশাই গৰিমা শইকীয়াৰ কাষত থিয় দিছে, পাৰ্যমানে সাহস দিছে মানুহগৰাকীক ৷ প্ৰতিটো মুহূৰ্তৰ খবৰ ৰাখিছে সাংবাদিকসকলেও ৷ ক’বলৈ কাৰো মুখত একো নাই ৷ মাথো সকলোৰে মনত এটাই প্ৰশ্ন- ইমান সোনকালে গুচি যোৱাৰ কথা আছিল জানো জুবিনৰ ? সমগ্ৰ অসমখনেই যেন শেষ হৈ গ’ল ! সকলোৱে তেনেদৰেই অনুভৱ কৰিছে ৷
জুবিনৰ মৃত্যুৰ পাছতে বহু কথা সামাজিক মাধ্যমত বিয়পি পৰিছে ৷ স্বাস্থ্যৰ অৱনতিৰ মাজতো জুবিন গৈছিল ছিংগাপুৰলৈ ৷ মন নথকা সত্বেও কেৱল আয়োজকৰ বাবেই গৈছিল বুলিও বিভিন্ন সূত্ৰত প্ৰকাশ পাইছে ৷ জুবিনৰ মেনেজাৰৰ অৱহেলাৰ কথা চাৰিওদিশে বিয়পি পৰিছে ৷ অইন মানুহে একো কথা নাজানিলেও মেনেজাৰেটো সকলোখিনি দায়িত্ব মূৰ পাতি লৈহে জুবিনৰ যিকোনো অনুষ্ঠানৰ কথা বিচাৰ কৰিব লাগিছিল বুলিও সচেতন মহলে মত ব্যক্ত কৰিছে ৷
লগতে পঢ়ক : জুবিনৰ বন্ধু হিচাপে আস্থা আছে, যি হয় স্পষ্ট হ'ব : পৱিত্ৰ মাৰ্ঘেৰিটা

