ETV Bharat / entertainment

পত্নীৰ প্ৰেমত মতলীয়া ৰণবীৰৰ হাতত আছে দীপিকাৰ বিভিন্ন মুহূৰ্তৰ ফটো - RANVEER ANNIVERSARY WISH TO DEEPIKA

দীপিকা পাডুকনক ষষ্ঠ সংখ্যক বিবাহ বাৰ্ষিকীত অনন্য শৈলীৰে শুভেচ্ছা জনাইছে ৰণবীৰ সিঙে । তেওঁ শ্বেয়াৰ কৰিলে দীপিকাৰ বহু নেদেখা ফটো ।

Ranveer singh shares wife appreciation post for Deepika Padukone on their sixth wedding anniversary
ৰণবীৰ সিং আৰু দীপিকা পাডুকন (Photo : ANI)
author img

By ETV Bharat Entertainment Team

Published : November 14, 2024 at 1:38 PM IST

2 Min Read

মুম্বাই : ৰণবীৰ সিং আৰু দীপিকা পাডুকনে আজি 6 বছৰীয়া বিবাহ বাৰ্ষিকী উদযাপন কৰিছে ৷ বিশেষ দিনটোত ৰণবীৰ সিঙে এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰি দীপিকাক বিবাহ বাৰ্ষিকীৰ শুভেচ্ছা জনাইছে । 2018 চনৰ 14 নৱেম্বৰত দীপিকা-ৰণবীৰ বিবাহপাশত আবদ্ধ হৈছিল আৰু 2024 চনত তেওঁলোকে বৈবাহিক জীৱনৰ ছটা বছৰ সম্পূৰ্ণ কৰে ৷ আনহাতে এইবছৰতে প্ৰথম সন্তান হিচাপে এগৰাকী কন্যাক আদৰণি জনায় দুয়োৱে । যোৱা 8 ছেপ্টেম্বৰত দীপিকাই এটি কন্যা সন্তানৰ জন্ম দিয়ে, যাৰ নাম ৰাখে দুৱা পাডুকন সিং ।

দীপিকালৈ ৰণবীৰৰ শুভেচ্ছা বাৰ্তা

ৰণবীৰ সিঙে দীপিকাৰ বিবাহ বাৰ্ষিকীত বিশেষ ধৰণে শুভেচ্ছা জনাইছে ৷ তেওঁ দীপিকাৰ আগেয়ে নেদেখা বহু ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে । ইয়াৰ লগতে গৰ্ভাৱস্থাৰ ফটোশ্বুটৰ ফটোও সন্নিবিষ্ট কৰিছে তাৰকাজনে । ফটোসমূহ শ্বেয়াৰ কৰাৰ সময়ত তেওঁ লিখিছে, “প্ৰতিটো দিনেই পত্নীক প্ৰশংসা কৰাৰ দিন কিন্তু আজি অধিক বিশেষ । বাৰ্ষিকীৰ শুভেচ্ছা থাকিল দীপিকা পাডুকন, মই তোমাক ভাল পাওঁ ।” ৰণবীৰৰ এই পোষ্টটোত অনুৰাগীয়ে প্ৰিয় তাৰকা যুটিক তেওঁলোকৰ বিবাহ বাৰ্ষিকীৰ অভিনন্দন জনাইছে । এজনে লিখিছে, “মোৰ প্ৰিয় দম্পতী, বিয়াৰ বাৰ্ষিকীৰ বহু বহুত শুভকামনা ।” অন্য এজনে লিখিছে, “শুভ বাৰ্ষিকী দীপিকা ৰণবীৰ, সদায় সুখী হৈ থাকক ।”

ৰামলীলাৰ ছেটত প্ৰেমত পৰিছিল দুয়ো

2012 চনৰ গলিয়ো কি ৰাসলীলা-ৰামলীলা ছবিখনত ৰণবীৰ আৰু দীপিকাৰ মাজত ঘনিষ্ঠতা বাঢ়ে । দুয়োৱে একেলগে অভিনয় কৰা এইখনেই আছিল প্ৰথমখন ছবি । 6 বছৰ ধৰি ইজনে সিজনক ডেট কৰাৰ পিছত 2018 চনত দুয়ো বিবাহপাশত আৱদ্ধ হয় । 14 নৱেম্বৰত ইটালীৰ কোমো হ্ৰদত কংকনী প্ৰথামতে বিবাহপাশত আবদ্ধ হয় তেওঁলোক । বিয়াৰ 6 বছৰৰ পিছত দুয়োৱে এগৰাকী কন্যা সন্তানৰ আশীৰ্বাদ লাভ কৰে ।

কৰ্মক্ষেত্ৰৰ বিষয়ে ক’বলৈ গ’লে, ৰণবীৰ আৰু দীপিকা দুয়োকে ৰোহিত শ্বেট্টীৰ ছবি 'সিংঘম এগেইন'ত স্ক্ৰীণ শ্বেয়াৰ কৰা দেখা গৈছে । ৰণবীৰে চিম্বাৰ চৰিত্ৰটো পুনৰাবৃত্তি কৰিছে আনহাতে দীপিকাই 'কপ ইউনিভাৰ্ছ'ৰ প্ৰথম মহিলা আৰক্ষী বিষয়া শক্তি শ্বেট্টীৰ চৰিত্ৰত অভিনয় কৰিছে । সিংঘম এগেইনে 1 নৱেম্বৰত মুক্তি লাভ কৰে । খবৰ অনুসৰি দীপিকা 2025 চনৰ মাৰ্চলৈকে মাতৃত্বকালীন ছুটীত থাকিব ।

লগতে পঢ়ক : কৈ থৈ যোৱা সময়মতে স্বামী আহি ঘৰ নাপালে উত্ৰাৱল হৈ পৰে দীপিকা - Deepika Padukone funny story

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.