বেঙুনীয়া শাৰীত বেবী বাম্প প্ৰদৰ্শন দীপিকা পাডুকনৰ; ৰণবীৰে ক’লে-‘মোৰ জন্মদিনৰ ধুনীয়া উপহাৰ’ - Deepika Padukone
Mom To Be Deepika Padukone: মাতৃ হ’বলৈ ওলোৱা দীপিকা পাডুকনে শুকুৰবাৰে নিশা অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ সংগীত অনুষ্ঠানত উপস্থিত হয় আৰু এই অনুষ্ঠানত অভিনেত্ৰীগৰাকীয়ে এখন বেঙুনীয়া ৰঙৰ শাৰী পিন্ধি নিজৰ বেবী বাম্পটো প্ৰদৰ্শন কৰি এটি ধেমেলীয়া প’ষ্ট শ্বেয়াৰ কৰে । এই পোষ্টৰ পিচতে ৰণবীৰে নিজৰ জন্মদিনক উদ্দেশ্যি ক’লে এই কথা ৷ পঢ়ক সম্পূৰ্ণ প্ৰতিবেদন -


By ETV Bharat Entertainment Team
Published : July 6, 2024 at 1:50 PM IST
চিটাৰা ডেস্ক, 6 জুলাই: শীঘ্ৰেই মাতৃ হ’ব বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকন । ছেপ্টেম্বৰ মাহত প্ৰথম সন্তান জন্ম দিব অভিনেত্ৰীগৰাকীয়ে । ইফালে দীপিকাই নিজৰ মেটাৰ্নিটী ফেশ্বনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । ইয়াৰ পূৰ্বে কল্কিৰ লঞ্চ অনুষ্ঠানত দীপিকাই ক’লা ৰঙৰ বডিকন পোচাক পৰিধান কৰি সকলোৰে চকু কপালত তুলিছিল । একে সময়তে এই সংগীতানুষ্ঠানত গৰ্ভৱতী দীপিকা পাডুকনেও বেঙুনীয়া ৰঙৰ শাৰীত নিজৰ ষ্টাইল প্ৰদৰ্শন কৰে ।
ৰণবীৰে কৰিলে কমেন্ট
আজি ৰণবীৰ সিঙৰ 39 সংখ্যক জন্মদিন । এই মুহূৰ্তত ৰণবীৰৰ জন্মদিনৰ পূৰ্বে পত্নী দীপিকা পাডুকনে তেওঁক এটা সুন্দৰ উপহাৰ দিয়া বুলি মন্তব্য কৰে । দৰাচলতে শুকুৰবাৰে সন্ধিয়া আছিল অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ সংগীত অনুষ্ঠান । এই অনুষ্ঠানলৈ যোৱাৰ পূৰ্বে দীপিকাই নিজৰ ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে । ইয়াৰ লগতে দীপিকাই এটা ধেমেলীয়া কেপচনো লিখি কয়, ‘‘আজি ফ্ৰাইডে নাইট...বেবীয়ে পাৰ্টী কৰিব বিচাৰে ।’’ য’ত তেওঁৰ স্বামী ৰণবীৰ সিঙে এটি মৰমলগা কমেন্ট প’ষ্ট কৰে ৷
এই ছবিবোৰ দীপিকাই শ্বেয়াৰ কৰাৰ লগে লগে স্বামী ৰণবীৰে নিজকে ৰখাব নোৱাৰিলে আৰু ৰণবীৰে মন্তব্য কৰি কয়, ‘‘মোৰ জন্মদিনৰ ধুনীয়া উপহাৰ । আই লাভ ইউ ।’’
বেবী বাম্প প্ৰদৰ্শন দীপিকা পাডুকনৰ
জনাই দিও যে, নতুনকৈ মাতৃ হ’বলৈ ওলোৱা দীপিকা পাডুকনে অনন্ত-ৰাধিকাৰ সংগীত অনুষ্ঠানৰ বাবে বাছি লৈছিল এখন সুন্দৰ বেঙুনীয়া ৰঙৰ শাৰী । ইয়াৰ লগতে দীপিকাই নিজৰ দেশী লুকত নিজৰ বেবী বাম্পো প্ৰদৰ্শন কৰে । তাৰকা স্বামী ৰণবীৰ কাপুৰৰ সৈতে সংগীত অনুষ্ঠানত উপস্থিত হয় দীপিকা ।
একে সময়তে দীপিকা পাডুকনে সংগীত অনুষ্ঠানৰ পৰা নিজৰ সুন্দৰ ছবি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে । দীপিকাই পৰিধান কৰা বেঙুনীয়া আৰু ৰূপালী ৰঙৰ শাৰী এখনৰ সৈতে চ’কাৰ আৰু টাইড হেৰা বান কৰা দেখা যায় । এই ছবিবোৰত দীপিকা পাডুকনক খুবেই সুন্দৰ দেখা গৈছে ।
অনন্ত-ৰাধিকাৰ সংগীত অনুষ্ঠানত তাৰকাৰ সমাগম
ইফালে, শুকুৰবাবে নিশা মুম্বাইৰ জিঅ’ চেণ্টাৰত ব্যৱসায়ী মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানী আৰু হ’বলগীয়া বোৱাৰী ৰাধিকা মাৰ্চেণ্টৰ সংগীতানুষ্ঠান অনুষ্ঠিত হয় । আকৌ এবাৰ অনন্ত-ৰাধিকাৰ সংগীত অনুষ্ঠানত বলীউডৰ চেলিব্ৰিটিৰ সমাৱেশ ঘটে । এই অনুষ্ঠানত ছলমান খান, বিকি কৌশল, ৰণবীৰ কাপুৰ, আলিয়া ভাট, দিশ পাটানি, ঝনৱী কাপুৰ, পলক তিৱাৰী, চাৰা আলী খান, শিখৰ আৰু বীৰ পাহাদিয়া, মাধুৰী দীক্ষিত, হাৰ্দিক পাণ্ডিয়া, সূৰ্য কুমাৰ যাদৱ, ঈশান কিষাণকে ধৰি বহু তাৰকা সমাৱেশ ঘটে ।
এই সময়ছোৱাত বলীউডৰ সকলো চেলিব্ৰিটিসকলো উপস্থিত হয় । অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ দীপিকা পাডুকন আৰু ৰণবীৰ সিঙো উপস্থিত হয় ।
উপস্থিত থাকে আলিয়া ভাট আৰু ৰণবীৰ কাপুৰ
একে সময়তে অনন্ত ৰাধিকাৰ সংগীত অনুষ্ঠানত সুন্দৰ ষ্টাইলত উপস্থিত হয় তাৰকা দম্পতী ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট । ৰণবীৰ কাপুৰে ক’লা শ্বেৰৱানী পৰিধান কৰাৰ বিপৰীতে আলিয়া ভাটে ক’লা লেহেংগাৰ সাজ পৰিধান কৰা দেখা যায় । ইয়াৰ সমান্তৰালকৈ সংগীত অনুষ্ঠানত ৰণবীৰ আৰু আলিয়াও অতি সুন্দৰ নৃত্য কৰে । আলিয়া ভাটে ভগ্নী শ্বাহীন ভাট আৰু স্বামী ৰণবীৰ কাপুৰৰ সৈতে সংগীতানুষ্ঠানত অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক: অনন্ত-ৰাধিকাৰ সংগীতানুষ্ঠান : বলীউড তাৰকাই বৃদ্ধি কৰিলে গ্লেমাৰ - Anant Radhika Sangeet Night

