ETV Bharat / entertainment

মোক প্ৰশ্ন নুসুধিব, মই আগতেও কৈছো : এনেকৈ কিয় ক’লে ৰজনীকান্তে - Rajinikanth Vettaiyan Audio Launch

Vettaiyan Audio Launch: দক্ষিণৰ ছুপাৰষ্টাৰ ৰজনীকান্তৰ ছবি ‘ভেট্টায়ান’ মুক্তিৰ বাবে সাজু হৈছে, তাৰ পূৰ্বে নিৰ্মাতাসকলে ছবিখনৰ অডিঅ’ মুকলি ইভেণ্টৰ আয়োজন কৰে । অডিঅ’ মুকলি ইভেণ্টত কিবা এটা ঘটিল যাৰ বাবে ৰজনীকান্তৰ খং উঠে । ঘটনাটো সম্পূৰ্ণকৈ জানো আহক ?

Rajinikanth upset on asking political question at Vettaiyan Audio Launch says don't ask me
ছুপাৰষ্টাৰ ৰজনীকান্ত (ANI)
author img

By ETV Bharat Entertainment Team

Published : September 21, 2024 at 4:41 PM IST

2 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক, 21 ছেপ্টেম্বৰ : চলিত বৰ্ষৰ অক্টোবৰ মাহত চিনেমাগৃহত মুক্তি পাবলগীয়া ছবি ‘ভেট্টায়ান’ৰ বাবে প্ৰস্তুতি চলাই আছে ছুপাৰষ্টাৰ ৰজনীকান্তে । শেহতীয়াকৈ ছবিখনৰ অডিঅ’ মুকলিৰ পূৰ্বে অভিনেতাজনে ৰাজনৈতিক প্ৰশ্ন সুধিবলৈ চেষ্টা কৰা পাপাৰাজ্জীৰ সৈতে কাজিয়াত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হৈছে । থালাভাৰ প্ৰশ্নটো সোধাত খং উঠিছিল আৰু উত্তৰ দিবলৈ অস্বীকাৰ কৰিছিল । থালাইভাৰ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে যাক লৈ নেটিজেনসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৰজনীকান্তৰ এই ভিডিঅ’

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৰজনীকান্তৰ এই ভিডিঅ’ য’ত ৰাজনৈতিক প্ৰশ্ন সোধাত তেওঁ খং কৰা দেখা গৈছে । ছুপাৰষ্টাৰ আৰু পাপাৰাজ্জীৰ মাজত হোৱা কথা-বতৰা ভাইৰেল ক্লিপটোত বন্দী হৈছে । চেন্নাই বিমানবন্দৰ পাওঁতে পাপাৰাজ্জীয়ে তেওঁৰ পৰা ভেট্টায়ানৰ বিষয়ে তথ্য ল’ব বিচাৰিছিল । ভেট্টায়ানৰ অডিঅ’ মুকলি অনুষ্ঠানত কোন উপস্থিত থাকিব বুলি সোধাত তেওঁ ক’লে, ‘মই নাজানো ছাৰ ।'

ৰাজনৈতিক প্ৰশ্নত খং উঠিল ৰজনীকান্তৰ

ৰজনীকান্তক প্ৰথমতে যথেষ্ট শান্ত যেন দেখা গৈছিল, তাত উপস্থিত সকলোকে তেওঁ আদৰেৰ সম্ভাষণ জনাইছিল, তাৰ পিছত সাংবাদিকজনে তেওঁক প্ৰাক্তন অভিনেতা তথা ডি এম কেৰ সভাপতি উধয়ানিধি ষ্টেলিনক উল্লেখ কৰি এটা প্ৰশ্ন কৰে । খবৰ অনুসৰি তেওঁ প্ৰশ্ন কৰে, ‘ছাৰ, উধয়ানিধি ষ্টেলিনে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে, আপোনাৰ মতামত কি ?’ সেই সময়ত ছুপাৰষ্টাৰজনে ক্ষন্তেক সময়ৰ বাবে খঙত ক’ব নোৱাৰা হৈ উত্তৰ দিয়ে, ‘মোক ৰাজনৈতিক প্ৰশ্ন নকৰিবা । মই আগতেও কৈছো ।’

ছুপাৰষ্টাৰৰ আহিবলগীয়া চলচ্চিত্ৰখন হৈছে ভেট্টায়ান, যি হৈছে বছৰটোৰ আটাইতকৈ প্ৰতীক্ষিত চলচ্চিত্ৰসমূহৰ ভিতৰত এখন । ইয়াক টি.জে. জ্ঞানৱেলে পৰিচালনা কৰিছে, যাৰ কাহিনী বি. কিৰুথিকা । অভিনেতাসকলৰ ভিতৰত আছে ৰজনীকান্ত, অমিতাভ বচ্চন, ফাহাদ ফাচিল, ৰাণা দগ্গুবাটি, মঞ্জু ৱাৰিয়াৰ, ঋতিকা সিং আৰু দুষাৰা বিজয়ন । সুভাষকৰণ আল্লিৰাজাই লাইকা প্ৰডাকশ্যনৰ বেনাৰত ছবিখন প্ৰযোজনা কৰি আছে । ইফালে, অনিৰুদ্ধ ৰবিশন্দৰে ইয়াৰ বাবে সংগীত ৰচনা কৰিছে । ছবিখন 10 অক্টোবৰত মুক্তি পাব ।

লগতে পঢ়ক : বিবাহ বিচ্ছেদৰ উৰাবাতৰিৰ মাজতে বচ্চন পৰিয়ালৰ সৈতে ঐশ্বৰ্যৰ কিছু মনোমোহা ফটো - Aishwarya Rai Abhishek Bachchan