ETV Bharat / entertainment

অনন্ত ৰাধিকাৰ বিবাহনুষ্ঠানত উপস্থিত থাকিব ৰাজস্থানৰ এইগৰাকী লোকশিল্পী - Anant and Radhika Wedding

Anant and Radhika Wedding: কেৱল দেশ তথা ৰাজ্যতে নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো বিশেষ খ্যাতি অৰ্জন কৰা সীমান্তৱৰ্তী জয়সালমেৰ জিলাৰ লোকশিল্পী তথা বলীউডৰ গায়ক মামে খানে অংশ ল’ব কোটিপতি মুকেশৰ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীৰ বিবাহ অনুষ্ঠানত ৷ এই বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সমান্তৰালকৈ মামে খানে বিয়পাব নিজৰ কণ্ঠৰ যাদু ।

folk artist Mame Khan will perform at the wedding of Anat Ambani and Radhika Merchant in Mumbai
অনন্ত ৰাধিকাৰ বিবাহনুষ্ঠানত উপস্থিত থাকিব ৰাজস্থানৰ এইগৰাকী লোকশিল্পী (INSTAGRAM)
author img

By ETV Bharat Assamese Team

Published : July 10, 2024 at 11:58 AM IST

|

Updated : July 10, 2024 at 5:41 PM IST

2 Min Read
Choose ETV Bharat

চিটাৰ ডেস্ক, 10 জুলাই: মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীৰ বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ওলাইছে কেৱল দেশ তথা ৰাজ্যতে নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো বিশেষ স্বীকৃতি তথা সমাদৰ অৰ্জন কৰা লোকশিল্পী তথা বলীউডৰ গায়ক মামে খান । এই বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সমান্তৰালকৈ মামে খানেও নিজৰ কণ্ঠৰ যাদু বিয়পাবলৈ সাজু হৈছে । ইয়াৰ বাবে আম্বানী পৰিয়ালে তেওঁক নিমন্ত্ৰণী পত্ৰ আৰু বিয়াৰ কাৰ্ড প্ৰেৰণ কৰিছে ।

লোকশিল্পী তথা বলীউডৰ গায়ক মামে খান (ETV Bharat)

বিয়ালৈ যাবলৈ উৎফুল্লিত কণ্ঠশিল্পীগৰাকী: বলীউডৰ গায়িকা তথা লোকশিল্পী মামে খানে এটা ভিডিঅ’ মুকলি কৰি এই কথা নিশ্চিত কৰিছে । এই ভিডিঅ'টোত তেওঁ কৈছে যে নিমন্ত্ৰণৰ পিচত তেওঁ বিয়ালৈ যাবলৈ বৰ উৎসাহিত হৈছে । বিয়াৰ অনুষ্ঠানত ৰাজস্থানী লোক সংগীতৰ লগতে তেওঁৰ বলীউডৰ গীত পৰিবেশন কৰিব বুলিও তেওঁ কয় ।

জনাই দিও যে, জয়সালমেৰ জিলাৰ লোকশিল্পী মামে খান বলীউডত অতি জনপ্ৰিয় । তেওঁ গোৱা বহু গীতে চিনেমাৰ পৰ্দাত আলোড়নৰ সৃষ্টি কৰিছে, য’ত হৃতিক ৰোশনে অভিনীত লাক বাই চান্স ছবিৰ ‘বাভো ৰে বাভো’ গীতটো অতি জনপ্ৰিয় হৈ উঠিছিল । এই গীতটোৱে জয়সালমেৰৰ মামে খানক বলীউডতো স্থান দিলে । ইয়াৰ বাহিৰেও তেওঁ কোক ষ্টুডিঅ’ত গোৱা ‘চৌধাৰী’ গীতটোৰ দ্বাৰা তেওঁ সাত সাগৰৰ সিপাৰে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ’ল । জয়সালমেৰৰ এইগৰাকী লোকশিল্পী মামে খানক ২০১৬ চনত জিমা বঁটাৰে সন্মানিত কৰা হয় ।

ৰেড কাৰ্পেটত খোজ দিয়া প্ৰথমজন লোকশিল্পী: জয়সালমেৰ জিলাৰ সাট্টো গাঁৱৰ বাসিন্দা মামে খানক ৰাজস্থান সংগীত নাটক একাডেমীয়ে ২০২২ বৰ্ষৰ সংগীত নাটক অকাডেমী বঁটাৰে সন্মানিত কৰিছে । কাঁ চলচ্চিত্ৰ মহোৎসৱত ৰেড কাৰ্পেটত খোজ দিয়া ভাৰতৰ প্ৰথমজন লোকশিল্পী আছিল মামে খান । ৰাজস্থানী লোকগীতৰ লগতে বলীউডৰ গীতলৈও নিজৰ সুৰীয়া কণ্ঠৰে মামে খান যথেষ্ট জনপ্ৰিয় হৈ পৰিছে ।

১২ জুলাইত হ’ব বিবাহনুষ্ঠান: আপোনালোকক জনাই দিও যে, দেশৰ ডাঙৰ ব্যৱসায়ী মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীয়ে ১২ জুলাইত মুম্বাইৰ বি কে চিৰ জিঅ’ ৱৰ্ল্ড কনভেনশ্যন চেণ্টাৰত ৰাধিকা মাৰ্চেণ্টৰ সৈতে বিবাহপাশত আবদ্ধ হ’বলৈ ওলাইছে । কেৱল এয়াই নহয়, বছৰৰ আটাইতকৈ ডাঙৰ বিয়াখনৰ বিষয়ে বহুদিনৰ পৰাই চৰ্চা চলি আছে । এই বিবাহৰ পূৰ্বে তেওঁলোকৰ দুটা প্ৰি-ৱেডিং ফাংচন অনুষ্ঠিত হৈ যায় ।

লগতে পঢ়ক: গাত হালধি লাগিলেই, মাজত মাথো আৰু কিছু সময় ৰাধিকাৰ শিৰত অনন্তৰ নামৰ সেন্দুৰ লাগিবলৈ - Anant Radhika Wedding details
Last Updated : July 10, 2024 at 5:41 PM IST