ETV Bharat / entertainment

ভাইৰেল হৈ পৰিছে পুলকিত সম্ৰাট-কৃতি খৰবন্দাৰ বিবাহৰ নিমন্ত্ৰণী কাৰ্ড - Pulkit Kriti wedding invite

Pulkit-Kriti Wedding Card: বহুদিন ধৰি প্ৰেমৰ সম্পৰ্কত আছে পুলকিত সম্ৰাট আৰু কৃতি খৰবন্দা ৷ এতিয়া এই প্ৰেমৰ সম্পৰ্কটো আৰু এখোজ আগুৱাই নিবলৈ এই প্ৰেমিক যুগলে বিবাহপাশত আৱদ্ধ হোৱাৰ সিদ্ধান্ত লৈছে ৷ ইতিমধ্যেই ভাইৰেল হৈ পৰিছে তেওঁলোকৰ বিবাহ কাৰ্ডৰ ছবি ।

Pulkit Samrat- Kriti Kharbanda's Wedding Invite Is All Things Love; Check out Their Wedding Date
পুলকিত সম্ৰাট আৰু কৃতি খৰবন্দা বিবাহৰ কাৰ্ড
author img

By ETV Bharat Assamese Team

Published : March 6, 2024 at 11:24 AM IST

2 Min Read

চিটাৰা ডেস্ক, ৬ মাৰ্চ: বলীউডৰ অন্যতম মৰমলগা প্ৰেমিক যুগল পুলকিত সম্ৰাট আৰু কৃতি খৰবন্দা । সময়ৰ লগে লগে তেওঁলোকৰ সম্পৰ্ক অধিক মজবুত হৈ আহিছে । পুলকিত আৰু কৃতিয়ে বহুদিনৰ পৰা ইগৰাকীয়ে সিগৰাকীক ডেট কৰি আছে আৰু এতিয়া এই প্ৰেমিক যুগলে বিয়াৰ সিদ্ধান্ত লৈছে ।

হয়, শীঘ্ৰেই বিবাহপাশত আৱদ্ধ হ’ব কৃতি আৰু পুলকিত ৷ অৱশ্য এয়া আমি কোৱা কথা নহয়, ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে দুয়োৰে বিবাহৰ কাৰ্ড ৷ কাৰ্ডখন ভাইৰেল হোৱাৰ পাচতে এতিয়া দুয়োৰে অনুৰাগী অতিশয় উৎসাহিত হৈ পৰিছে আৰু এই দম্পতীক দৰা-কইনা ৰূপত চাবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে ৷ ভাইৰেল হোৱা বিয়াৰ কাৰ্ডখন, বৰ মৰমলগা আৰু কিছু ব্যতিক্ৰম । কৃতি-পুলকিতৰ বিবাহ কাৰ্ডৰ কথা ক’বলৈ গ’লে ইয়াত প্ৰেম, সংগীত আৰু এক সুন্দৰ দৃশ্য দেখা গৈছে ।

কৃতি খৰবন্দা আৰু পুলকিত সম্ৰাটৰ বিয়াৰ কাৰ্ডখনৰ কথা ক’বলৈ গ’লে দুয়োগৰাকী চকীত বহি থকা দেখা গৈছে । বহি থকা স্থানটো তেওঁলোকৰ ঘৰৰ দৃশ্য যেন লাগিছে । হাতত গীটাৰ এখন লৈ বেলকনিত বহি আছে পুলকিত, লগতে কৃতিও বহি আছে । লগতে দুটা কুকুৰ বহি থকা দেখা গৈছে । কাৰ্ডখনত লিখা আছে, ‘‘মোৰ নিজৰ মানুহখিনিৰ লগত উদযাপন কৰিবলৈ ৰৈ থাকিব নোৱাৰি ৷ প্ৰেম, পুলকিত আৰু কৃতি ।’’

কেতিয়া হ’ব দুয়োৰে বিয়া ?

পুলকিত আৰু কৃতিয়ে এতিয়াও বিয়াৰ তাৰিখ প্ৰকাশ কৰা নাই । কিন্তু খবৰ অনুসৰি ১৩ মাৰ্চত বিবাহপাশত আৱদ্ধ হ’ব এই প্ৰেমিক যুগল ৷ অৱশ্যে এতিয়ালৈকে কৃতি কিম্বা পুলকিতে বিবাহৰ তাৰিখ নিশ্চিত কৰা নাই ৷ কিন্তু কিছুদিন পূৰ্বে পুলকিতৰ সৈতে এখন ফটো শ্বেয়াৰ কৰাৰ সময়ত কৃতিয়ে ইংগিত দিছিল যে মাৰ্চ মাহত তেওঁলোকৰ বিয়া হ’ব ।

উল্লেখ্য যে, কৃতি আৰু পুলকিতৰ প্ৰেম কাহিনী আৰম্ভ হৈছিল অনিজ বাজমীৰ ছবি পাগলপন্তীৰ পৰা । ছবিখনৰ প্ৰচাৰৰ সময়তে কৃতিয়ে পুলকিতৰ লগত ডেট কৰা বুলি নিশ্চিত কৰিছিল । শেহতীয়াকৈ তেওঁলোকৰ এংগেজমেণ্টৰ ছবি ভাইৰেল হৈ পৰিছে । য’ত দুয়োগৰাকীয়ে আঙঠি পৰিধান কৰি থকা পৰিলক্ষিত হৈছিল ৷

লগতে পঢ়ক: শ্বাহৰুখ খানৰ বিতৰ্কিত মন্তব্যত ক্ষুব্ধ হৈ পৰিল ৰাম চৰণৰ মেকআপ আৰ্টিষ্ট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.