'সুন্দৰা নটুৱা' বঁটাৰে সন্মানিত অভিনেতা প্রাঞ্জল শইকীয়া
বিশিষ্ট চলচ্চিত্ৰ আৰু মঞ্চ অভিনেতা, প্ৰযোজক তথা পৰিচালক প্রাঞ্জল শইকীয়াক 'সুন্দৰা নটুৱা' বঁটা প্ৰদান ।

By ETV Bharat Entertainment Team
Published : September 12, 2025 at 12:12 PM IST
বৰপেটা : অভিনেতা প্রাঞ্জল শইকীয়া সন্মানিত হৈছে 'সুন্দৰা নটুৱা' বঁটাৰে ৷ মহাপুৰুষ মাধৱদেৱে প্ৰতিষ্ঠা কৰা ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত গুৰুজনাৰ কীর্তন মহোৎসৱৰ লগত সংগতি ৰাখি বিশিষ্ট চলচ্চিত্ৰ আৰু মঞ্চ অভিনেতা, প্ৰযোজক তথা পৰিচালক প্রাঞ্জল শইকীয়াক 'সুন্দৰা নটুৱা' বঁটা প্ৰদান কৰা হয় । দক্ষিণ বৰপেটা শ্রীশ্রীমাধৱদেৱ সোঁৱৰণী সমিতিয়ে অভিনেতাগৰাকীক এই বঁটা প্ৰদান কৰে ।
বৰপেটা সত্ৰৰ দালানৰ সন্মুখত অনুষ্ঠিত মাধৱদেৱ গুৰুজনাৰ তিৰোভাৱ তিথিৰ অনুষ্ঠানত বৃহস্পতিবাৰে নিশা বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠক বাপজনাই প্ৰাঞ্জল শইকীয়াক চেলেং চাদৰ, স্মাৰক, প্ৰতীক, প্ৰশস্তিপত্ৰ আৰু নগদ ধনসহ সুন্দৰা নটুৱা বঁটা প্ৰদান কৰে ।
বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱেও অংশগ্ৰহণ কৰে । মাধৱদেৱ গুৰুজনাৰ একান্ত অনুগত, নৃত্যপটু, কাৰুশিল্পী 'সুন্দৰা নটুৱা'ৰ নামত সত্ৰীয়া শিল্পী প্রয়াত মনোৰঞ্জন দাস স্মাৰক 'সুন্দৰা নটুৱা' বঁটা প্ৰৱৰ্তন কৰা হৈছে । সংগীত নাটক একাডেমীৰ সৈতে জড়িত হৈ অংকীয়া নাটৰ উৎকর্ষ সাধন আৰু প্ৰচাৰৰ ক্ষেত্রত আগবঢ়োৱা অবদানৰ বাবে প্ৰাঞ্জল শইকীয়ালৈ এই সন্মান আগবঢ়োৱা হৈছে ।
উল্লেখ্য যে, বৰপেটা সত্র প্রতিষ্ঠাৰ সময়ত সত্ৰত অভিনীত নাট, গায়ন বায়ন আদিৰ লগতে সত্ৰৰ সেৱায়িত কৰ্মৰ দায়িত্ব লাভ কৰা সুন্দৰা নটুৱা দক্ষিণহাটী গায়ন-বায়ন গোটৰ মুল পুৰুষ আছিল । এনে এগৰাকী শিল্পী তথা সত্ৰীয়া সাধকৰ নামত লাভ কৰা বঁটাই তেওঁক ধন্য কৰিলে বুলি প্ৰকাশ কৰে প্ৰাঞ্জল শইকীয়াই । "মানুহৰ জীৱনত কিছু ক্ষণ আহে, যি ক্ষণত কিছুমান প্ৰাপ্তিয়ে জীৱনটো বহুমূলীয়া কৰি তোলে", এই কথাৰে নিজৰ ভাষ্য মুকলি কৰা অভিনেতাজনে সকলোৰে সুন্দৰ জীৱন কামনা কৰি যাত্ৰাপথত ঐক্যবদ্ধ হৈ আগবাঢ়ি যাব লাগিব বুলি মত প্ৰকাশ কৰে ৷
লগতে পঢ়ক : সাহিত্য চৰ্চা কেন্দ্ৰ, অসমৰ সাহিত্য আৰু ৰাজেন পাম শিল্পী বঁটা ঘোষণা

