ETV Bharat / entertainment

হেমন্ত দত্তক কহিনুৰ থিয়েটাৰে ঘূৰাই দিব টাইটানিকৰ পাণ্ডুলিপি

বিতৰ্কই আগুৰি ধৰিছে কহিনুৰ থিয়েটাৰক । টাইটানিকে লগাইছে খেলিমেলি । নতুন ৰূপত কহিনুৰৰ মঞ্চত মঞ্চস্থ হ'ব টাইটানিক ।

Producer Tapan Lahkar to return the titanic manuscript to playwright Hemant Dutta
হেমন্ত দত্তক ঘূৰাই দিব টাইটানিকৰ পাণ্ডুলিপি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 28, 2024 at 7:55 PM IST

3 Min Read
Choose ETV Bharat

পাঠশালা: বিতৰ্কৰ আৱৰ্তত কহিনুৰ থিয়েটাৰৰ ২০২৫-২৬ বৰ্ষৰ বাবে আয়োজন চলোৱা টাইটানিক নাটক । ডাঙৰ সিদ্ধান্ত লৈছে কহিনুৰৰ প্ৰযোজক তপন লহকৰে । নাট্যকাৰ হেমন্ত দত্তক নাটকৰ পাণ্ডুলিপি ঘূৰাই দিব প্ৰযোজক তপন লহকৰে । নাট্যকাৰ হেমন্ত দত্তৰ অনভিজ্ঞ পুত্ৰ অনিৰ্বান দত্তক সন্তুষ্ট কৰাৰ বাবে ৰিস্ক ল’ব নিবিচাৰে কহিনুৰৰ দ্বিতীয় প্ৰজন্মৰ প্ৰযোজক তপন লহকৰে । প্ৰসিদ্ধ নাট্যকাৰ হেমন্ত দত্তৰ 'টাইটানিক’ নাটক নহয়। নতুন ৰূপত 'টাইটানিক’ নাটক প্ৰদৰ্শন কৰিব কহিনুৰ থিয়েটাৰে ।

২০২৫-২৬ নাট্যবৰ্ষৰ বাবে ৰতন লহকৰৰ মানস সন্তান অসমৰ ঐতিহাসিক কহিনুৰ থিয়েটাৰে ঘোষণা কৰিছিল 'টাইটানিক’ নাটকৰ পুনৰ প্ৰদৰ্শনৰ কথা । ১৯৯৮ চনত হেমন্ত দত্ত ৰচিত টাইটানিক নাটক প্ৰথমবাৰৰ বাবে প্ৰদৰ্শন কৰিছিল ৰতন লহকৰৰ নেতৃত্বত কহিনুৰ থিয়েটাৰে । আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ব্যাপক চৰ্চা হৈছিল টাইটানিক নাটকৰ । কহিনুৰে একাধিকবাৰ টাইটানিক প্ৰদৰ্শন কৰি সমগ্ৰ অসমতে ব্যাপক সমাদৰ লাভ কৰিছিল ।

হেমন্ত দত্তক ঘূৰাই দিব টাইটানিকৰ পাণ্ডুলিপি (ETV Bharat Assam)

কিন্তু টাইটানিকৰ প্ৰস্তুতিতেই নাট্যকাৰ হেমন্ত দত্তৰ পুত্ৰ অনিৰ্বাণ দত্তৰ সৈতে সংঘাত আৰম্ভ হয় কহিনুৰ থিয়েটাৰৰ । সংঘাতৰ ফলত নাট্যকাৰ হেমন্ত দত্তই টাইটিনিক নাটকখন ঘূৰাই অনাৰ সিদ্ধান্ত লোৱাৰ কথা ঘোষণা কৰে তেওঁৰ পুত্ৰই । হেমন্ত দত্তৰ পুত্ৰ অনিৰ্বাণ দত্তই বিচাৰিছিল টাইটানিক নাটকৰ পৰিচালনা কৰিবলৈ । কিন্তু ভ্ৰাম্যমাণৰ বিশেষ অভিজ্ঞতা নথকা অনিৰ্বাণ দত্তক সম্পূৰ্ণ টাইটানিক নাটকখন পৰিচালনা কৰিব দিব বিচৰা নাছিল তপন লহকৰে ।

কেৱল পৰিচালনাত সহযোগী হিচাপে জড়িত কৰোৱাৰ কথা ভাবি আছিল তপন লহকৰে । সংবাদ মাধ্যমৰ সন্মুখত এই প্ৰসংগত তপন লহকৰে কয়,“প্ৰতিটো কথাতে হেমন্ত দত্তৰ পুত্ৰই টাইটানিক সন্দৰ্ভত হস্তক্ষেপ কৰি আহিছিল । অনিৰ্বাণ দত্তক নাট পৰিচালনা কৰিবলৈ দিয়াত কিছু আপত্তি কৰা বাবে এতিয়া নাট্যকাৰ হেমন্ত দত্তই ঘূৰাই বিচাৰিছে টাইটানিক নাটৰ পাণ্ডুলিপি । ইতিমধ্যেই সংবাদ মাধ্যমত মুখ খুলি অনিৰ্বাণ দত্তই বিচাৰিছে হেমন্ত দত্তৰ টাইটানিক নাটৰ পাণ্ডুলিপি । অনিৰ্বাণ দত্তৰ আহ্বান মৰ্মে হেমন্ত দত্তক সন্মান জনাই পুত্ৰৰ ইচ্ছামতে দেওবাৰে ঘূৰাই দিয়া হ’ব হেমন্ত দত্তৰ টাইটানিক নাটৰ পাণ্ডুলিপি ।”

তপন লহকৰে সংবাদ মাধ্যমক জনাই যে তেওঁ নাট্যকাৰ হেমন্ত দত্তক সম্পুৰ্ণ সন্মান প্ৰদান কৰি অনিৰ্বাণ দত্তক পৰিচালনাৰ সৈতে জড়িত কৰাৰ কথা চিন্তা কৰিছিল । কিন্তু ভ্ৰাম্যমান থিয়েটাৰৰ সৈতে অনভিজ্ঞ অনিৰ্বাণ দত্তই নাটকৰ প্ৰতিটো কথাতে হস্তক্ষেপ কৰাৰ পিছত কথাবোৰ চিন্তনীয় হৈ পৰিল ।

অনিৰ্বাণ দত্তই সংবাদ মাধ্যমত নাটক ঘূৰাই বিচৰাৰ পিছতেই কহিনুৰৰ প্ৰযোজক তপন লহকৰৰ ঘোষণা,“আমি সিদ্ধান্ত লৈছোঁ যে সোণালী জয়ন্তী বৰ্ষত নতুন ৰূপত মঞ্চস্থ হ’ব টাইটানিক । নতুন পৰিকল্পনা আৰু সৃষ্টিৰে কহিনুৰৰ মঞ্চত মঞ্চস্থ কৰা হ’ব জেমছ কেমেৰুণৰ প্ৰসিদ্ধ ছবি টাইটানিকৰ নাট্যৰূপ । অসমৰ নাট্যপ্ৰেমী ৰাইজে উপভোগ কৰিবলৈ পাব কহিনুৰৰ অভিজাত নিবেদন 'টাইটানিক' ।" কহিনুৰে দুবাৰকৈ প্ৰদৰ্শন কৰা হেমন্ত দত্তৰ টাইটানিক নাটকৰ পৰিৱৰ্তে নতুন ৰূপত হ’বলগীয়া টাইটানিকৰ পোষ্টাৰো মুকলি কৰিছে ভ্ৰাম্যমান দলটোৱে ।

লগতে পঢ়ক: কহিনুৰত আৰু দেখিবলৈ পোৱা নাযাব ‘টাইটানিক’ - KOHINOOR MOBILE THEATER TITANIC

27 বছৰৰ পিছত আকৌ আহি আছে "টাইটানিক" - KOHINOOR THEATRE