ETV Bharat / entertainment

মধুৰিআমৰ দাম আছিল ১৫০ টকা, প্ৰিয়ংকাই দিলে ২০০ টকা: আঁতৰি গ’ল বিক্ৰেতা ! - PRIYANKA CHOPRA STORY GUAVA SELLER

শেহতীয়াকৈ মধুৰিআম বিক্ৰী কৰা এগৰাকী মহিলাই ভাবিবলৈ বাধ্য কৰাইছে প্ৰিয়ংকা চোপ্ৰাক ৷ পিছে কথাটোনে কি জানো আহকচোন -

priyanka chopra
প্ৰিয়ংকা চোপ্ৰা (Photo : ANI)
author img

By ETV Bharat Entertainment Team

Published : March 20, 2025 at 1:42 PM IST

2 Min Read

হায়দৰাবাদ : দেশী গাৰ্ল প্ৰিয়ংকা চোপ্ৰা এইকেইদিন এছ এছ ৰাজামৌলীৰ সৈতে তেওঁৰ ছবিখনৰ শ্বুটিঙত ব্যস্ত হৈ আছিল ৷ সেই বাবেই তেওঁ ভাৰতলৈ আহিছিল । শেহতীয়াকৈ প্ৰিয়ংকা ওড়িশাত আছিল আৰু মুম্বাইলৈ উভতি আহোতে অভিনেত্ৰীগৰাকীৰ লগত এনেকুৱা এটা ঘটনা ঘটে যিটোৱে তেওঁৰ হৃদয় চুই যায় । প্ৰিয়ংকাই এই ঘটনাটো তেওঁৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰি কয় যে তেওঁ অতিশয় অনুপ্ৰাণিত অনুভৱ কৰিছে ।

প্ৰিয়ংকাই বৰ্ণনা কৰা হৃদয়স্পৰ্শী কাহিনীটো

প্ৰিয়ংকাই নিজৰ ইনষ্টাগ্ৰামত এটা ভিডিঅ’ৰ সৈতে কিছু ফটো পোষ্ট কৰে, এই ফটোসমূহৰ ভিতৰত মধুৰিআম ফটোও আছিল । প্ৰিয়ংকাই এই ভিডিঅ’টোত কয়, "মই এই কাম প্ৰায়ে নকৰো কিন্তু আজি অনুপ্ৰাণিত হ’লো ৷ মুম্বাইলৈ আহিবলৈ বিশাখাপট্টনম বিমানবন্দৰলৈ গৈ থাকোতে দেখিলো এগৰাকী মহিলাই মধুৰিআম বিক্ৰী কৰি আছে । কেঁচা মধুৰিআম মোৰ বৰ ভাল লাগে গতিকে তেওঁৰ পৰা মধুৰিআম লৈ টকা কিমান সুধিলো । তেওঁ ক’লে- ১৫০ টকা । মই তেওঁক ২০০ টকা দিলো, যিটো ল’বলৈ তেওঁ অমান্তি হয় । মই ক’লো- আপুনি ৰাখক । তাৰ পিছত অলপ সময়ৰ বাবে তেওঁ ক’ৰবালৈ গুচি গ’ল কিন্তু গ্ৰীণ লাইট জ্বলাৰ আগতেই ঘূৰি আহি মোক আৰু দুটা মধুৰিআম দিলে । মই বুজিলো যে তেওঁ ধন দান হিচাপে নিবিচাৰে । এই কথাটোৱে মোক বহুত আপ্লুত কৰিলে ।" প্ৰিয়ংকাই মধুৰিআম ফটোও শ্বেয়াৰ কৰিছে ।

ৰাজামৌলীৰ ছবিত দেখা যাব প্ৰিয়ংকাক

'বাহুবলী'ৰ পৰিচালক ৰাজামৌলীৰ সৈতে SSMB29 ৰ শ্বুটিং কৰি আছে প্ৰিয়ংকাই । কিছুদিন পূৰ্বে চিলকুৰ বালাজী মন্দিৰ ভ্ৰমণৰ ছবি শ্বেয়াৰ কৰি তেওঁ কয় যে তেওঁ নতুন অধ্যায় আৰম্ভ কৰিবলৈ ওলাইছে । এই ছবিখনত মহেশ বাবুৱে তেওঁৰ সৈতে স্ক্ৰীণ শ্বেয়াৰ কৰিব । ছবিখনৰ অস্থায়ী নামটো SSMB29 হিচাপে ৰখা হৈছে ।

এতিয়া নিৰাপত্তাৰ মাজতে চলি আছে SSMB29 ৰ শ্বুটিং, ২০২৫ চনৰ জানুৱাৰী মাহৰ পৰা আৰম্ভ হৈছিল ছবিখনৰ শ্বুটিং । হায়দৰাবাদত প্ৰথম সূচী সম্পূৰ্ণ কৰাৰ পিছত দলটোৱে ওড়িশাত শ্বুটিং কৰে আৰু এতিয়া ওড়িশাৰ সূচী সম্পূৰ্ণ কৰাৰ পিছত প্ৰিয়ংকা পুনৰ নিউয়ৰ্কলৈ উভতিছে ।

লগতে পঢ়ক : কাষ্টিং কাউচক লৈ প্ৰিয়ংকা চোপ্ৰাৰ চাঞ্চল্যকৰ প্ৰকাশ, পৰিচালকে কৰিছিল ‘বেয়া’ কাম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.