ETV Bharat / entertainment

ছুমকী কছাৰী-প্ৰীতম বৰুৱাৰ সামাজিক মাধ্যমৰ পোষ্টে উৎসুকতা বঢ়াইছে অনুৰাগীৰ মাজত

অভিনেত্ৰী ছুমকী কছাৰী আৰু অভিনেতা প্ৰীতম বৰুৱাই এটা নতুন খবৰেৰে উৎফুল্লিত কৰি তুলিছে অনুৰাগীসকলক । সামাজিক মাধ্যমযোগে এই খবৰ শ্বেয়াৰ কৰিছে দুয়োগৰাকী তাৰকাই ৷

pritam baruah Sumki kachari is back to the popular tv serial Beharbari Outpost
অভিনেত্ৰী ছুমকী কছাৰী আৰু অভিনেতা প্ৰীতম বৰুৱা (Photo : Actor's social media handle)
author img

By ETV Bharat Entertainment Team

Published : June 2, 2025 at 5:54 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : অসমীয়া সাংস্কৃতিক জগতৰ দুখন চিনাকি মুখ ছুমকী কছাৰী আৰু প্ৰীতম বৰুৱা । জনপ্ৰিয় ধাৰাবাহিক "বেহাৰবাৰী আউটপোষ্ট"ত নিজৰ নিভাঁজ অভিনয়েৰে দৰ্শকৰ মনত এক সুকীয়া স্থান দখল কৰি আছে ছুমকী কছাৰী আৰু প্ৰীতম বৰুৱাই ৷ শেহতীয়াকৈ এই দুই জনপ্ৰিয় তাৰকাই অনুৰাগীসকলৰ সৈতে শ্বেয়াৰ কৰিছে এটা মনোৰঞ্জক খবৰ ৷ সামাজিক মাধ্যমযোগে এই খবৰ পৃথকে পৃথকে প্ৰকাশ কৰিছে দুয়োগৰাকীয়ে ।

কি ভাল খবৰ দিলে দুয়োগৰাকী শিল্পীয়ে ?

সামাজিক মাধ্যমযোগে ''বেহাৰবাৰী আউটপোষ্ট''লৈ পুনৰ উভতি অহাৰ খবৰ ৰাজহুৱা কৰিছে অভিনেতা প্ৰীতম বৰুৱাই । এবছৰৰ বিৰতিৰ পিছত পুনৰ বেহাৰবাৰী আউটপোষ্টত দেখা যাব জনপ্ৰিয় অভিনেতা প্ৰীতম বৰুৱাক । ঠিক একেদৰে দীৰ্ঘদিনৰ বিৰতিৰ অন্তত পুনৰ ‘বেহাৰবাৰী আউটপোষ্ট’লৈ ঘূৰি আহিছে জনপ্ৰিয় অভিনেত্ৰী ছুমকী কছাৰীও । এক ভিডিঅ’ বাৰ্তাযোগে এই কথা প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে ।

দীৰ্ঘদিনে বেহাৰবাৰী আউট পোষ্টৰ পৰা আঁতৰি আছিল ছুমকী কছাৰী । দুয়োগৰাকী শিল্পী পুনৰ উভতি অহাৰ খবৰে এতিয়া উৎফুল্লিত কৰিছে দৰ্শকক ।

নতুন ৰূপত পুনৰ বেহাৰবাৰী আউটপোষ্টত বিউটি বাইলুং

দীৰ্ঘদিন বিৰতিৰ পাছত নতুন ৰূপত দেখিবলৈ পোৱা যাব বেহাৰবাৰী আউটপোষ্টত এগৰাকী আৰক্ষী ভূমিকাত অভিনয় কৰা বিউটি বাইলুং খ্যাত অভিনেত্ৰী ছুমকী কছাৰীক । পূৰ্বে খাকী পোচাকত দেখা পোৱা অভিনেত্ৰীগৰাকীক আজিৰে পৰা দর্শকে দেখিবলৈ পাব এক নতুন ৰূপত । যান বাহন আৰক্ষীৰ পোছাক পৰিধান কৰি পুনৰ বেহাৰবাৰী আউটপোষ্টত ভৰি দিছে ছুমকী কছাৰীয়ে ।

অভিনেতা প্ৰীতম বৰুৱাৰ সামাজিক পোষ্ট

জনপ্ৰিয় ধাৰাবাহিকখনৰ এছ আই প্ৰীতম খাৰঘৰীয়াৰ চৰিত্ৰৰে জনপ্ৰিয় হৈ পৰা প্ৰীতম বৰুৱায়ো সামাজিক মাধ্যমযোগে ধাৰাবাহিকখনলৈ উভতি অহাৰ খবৰ শ্বেয়াৰ কৰে ৷ এই খবৰে উৎফুল্লিত কৰিছে দৰ্শকক ।

সামাজিক মাধ্যমত অভিনেতাগৰাকীয়ে উল্লেখ কৰে, "সতেজ নতুন ৰূপ এটা লৈ ঘূৰি আহিছো ! অহাকাইলৈ বেহাৰবাৰী আউটপোষ্টত মোক চাবলৈ আহক, ২ জুন, নিশা ৮ বজাৰ পৰা ৯ বজালৈ । বহুত মৰম আৰু চাই থাকিব #beharbarioutpost##"

popular tv serial Beharbari Outpost
বেহাৰবাৰী আউটপোষ্টৰ তাৰকামণ্ডলী (Photo : Actor's social media handle)

উল্লেখনীয় কথাটো হ’ল যে আজিৰে পৰা দর্শকে ১ ঘণ্টাৰ বাবে উপভোগ কৰিব পাৰিব বেহাৰবাৰী আউটপোষ্ট । উল্লেখ্য যে, বিগত বৰ্ষত ৰাজ্যৰ আগশাৰীৰ নাট্যদল ''কহিনুৰ থিয়েটাৰ''ৰ সৈতে চুক্তিবদ্ধ হৈছিল প্ৰীতম বৰুৱা । যাৰ বাবে তেওঁ কিছুদিন ধৰি আঁতৰি থাকিবলগীয়া হৈছিল ধাৰাবাহিকখনৰ পৰা ।

নাট্যবৰ্ষৰ সমাপ্তিৰ লগে লগে পুনৰ ধাৰাবাহিকখনলৈ উভতি অহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অভিনেতাগৰাকীয়ে । ইফালে বিগত বৰ্ষৰ ছুপাৰহিট অসমীয়া ছবি 'বিদুৰভাই'ত দেখা গৈছিল ছুমকী কছাৰীক ।

লগতে পঢ়ক : শৈশৱৰ সোণোৱালী স্মৃতিয়ে এতিয়াও আমনি কৰে অভিনেতা অসীম কৃষ্ণ বৰুৱাক