আগন্তুক বর্ষত চিনাকি হওক এখন নতুন চহৰৰ সৈতে, নাম ‘Neon চহৰ’
২০২৪ বর্ষটোত মুক্তি পালে কুৰিতকৈয়ো অধিক অসমীয়া ছবি । সমান্তৰালকৈ দীঘলীয়া হৈছে আগন্তুক বর্ষত মুক্তি পাবলগীয়া ছবিৰ তালিকাও ।

By ETV Bharat Entertainment Team
Published : December 30, 2024 at 4:33 PM IST
গুৱাহাটী : দীঘলীয়া হৈছে আগন্তুক বর্ষত মুক্তি পাবলগীয়া ছবিৰ তালিকা । ঘোষণা হৈছে এখনৰ পাছত সিখনকৈ অসমীয়া ছবিৰ নাম । আগন্তুক বর্ষত ‘Neon চহৰ’ শীৰ্ষক এখন নতুন অসমীয়া ছবিয়ে মুক্তি লাভ কৰিব । Lema productions য়ে Aeembeer Entertainment Pvt Ltd ৰ সহযোগিতাত প্ৰযোজনা কৰা এই ছবিখনৰ পৰিচালনা প্ৰশান্ত শইকীয়াৰ । ‘ৰাম ভ’দকা হুইস্কী’, ‘গুৱাহাটী ডায়েৰিজ’ ৰ পিছত প্ৰশান্ত শইকীয়াৰ পৰিচালনাৰে আকৌ এবাৰ আহি আছে আন এখন চহৰকেন্দ্ৰিক ছবি ।
ছবিখনৰ বিষয়বস্তু সন্দৰ্ভত ই টিভি ভাৰতৰ সাংবাদিকে যোগাযোগ কৰিছিল পৰিচালকৰ সৈতে ৷ এক টেলিফোনিক বাৰ্তালাপত শইকীয়া জনালে কিছু কথা ।

‘Neon চহৰ’ কিয় ?
ছবিখন সন্দৰ্ভত পৰিচালকগৰাকীয়ে জনাই, "Neon চহৰ এখন চহৰকেন্দ্ৰিক ছবি । এখন চহৰত যিমান লোক আছে সিমানটা কাহিনীয়ে পিটপিটাই ঘূৰি আছে । সফলতা, বিফলতা, ক'ৰবাত প্ৰাপ্তি, ক'ৰবাত অপ্ৰাপ্তিক লৈ প্ৰতিজন ব্যক্তি নিজৰ ব্যক্তিগত জীৱনত আগবাঢ়ি গৈ আছে, জীয়াই আছে । পইচাৰ অভাৱবোৰ কিহৰ বাবে হয়, উচ্চ-মধ্যবিত্ত আৰু নিম্ন স্তৰৰ লোকসকলৰ জীৱন নিৰ্বাহৰ যি ধাৰণা সেই ধাৰণাসমূহ ছবিখনত দেখুওৱা হৈছে । ছবিখনত অভিনয় কৰা অভিনেতা-অভিনেত্ৰীসকলক এক নতুন ৰূপত দেখিবলৈ পোৱা যাব । মূলত ৬ টা চৰিত্ৰক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে ছবিখন ।"



উল্লেখ্য যে, আগন্তুক বৰ্ষৰ এপ্ৰিল মাহত মুক্তি দিয়াৰ পৰিকল্পনা কৰা ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে মুনমী ফুকন, অমৃতা গগৈ, হিমাংশু প্ৰসাদ দাস, কৌশিক নাথ, কল্লোল কীৰ্তি সিনহা, দুৰ্গাশ্ৰী বৰা, চিন্ময় শৰ্মা, মিন্টু বৰুৱা আৰু হেমন্ত দেৱনাথে । ছবিখনৰ চিত্ৰনাট্য নীল বৰ্মনৰ । দৃশ্যগ্ৰহণ কৰিছে পাপু ডেকাই । ছবিখনৰ কাৰ্যবাহী প্ৰযোজনা অনিল কুমাৰ আৰু সুশান্ত গৌতম দেৱনাথৰ । সংগীত দেৱজিৎ গায়নৰ ।



পূৰ্বৰ ছবিসমূহত মানুহৰ মাজৰ সম্পৰ্কৰ সৰলতা, গভীৰতা ইত্যাদি বিষয়বোৰৰ উপস্থাপন খুব মনোগ্ৰাহী ৰূপত কৰিছে শইকীয়াই ৷ এনে ধৰণৰ বিষয়বস্তু উুস্থাপন ক্ষেত্ৰত পৰিচালক প্ৰশান্ত শইকীয়াই সদায় নিজস্বতা প্ৰদান কৰি আহিছে । সেয়ে আহিবলগীয়া নতুন এই ছবিখনতো দৰ্শকে আন এক মাদকতা পাব বুলি আশাবাদী ‘Neon চহৰ’ ৰ পৰিয়ালবৰ্গ ।


