ETV Bharat / entertainment

‘অভিমন্যু’ৰ পোষ্টাৰত দীপলীনা-কমলৰ ৰোমাঞ্চে জুৰাইছে হৃদয় - Abhimanyu Assamese Movie

Abhimanyu Assamese film: 15 নৱেম্বৰত ছবিগৃহত অসমীয়া ছবি ‘অভিমন্যু’ । বৃহস্পতিবাৰে জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত ছবিখনৰ পোষ্টাৰ আৰু এটি আইটেম গীত মুকলি ।

poster-and-music-release-event-of-new-assamese-movie-abhimanyu
নতুন অসমীয়া ছবি ‘অভিমন্যু’ (ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : October 4, 2024 at 12:03 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী, 4 অক্টোবৰ : চলিত বৰ্ষত মুক্তি পাবলগীয়া ছবিসমূহৰ ভিতৰত এখন প্ৰত্যাশিত অসমীয়া ছবি হৈছে ‘অভিমন্যু’ । শ্বৱনম এণ্টাৰটেইনমেণ্টৰ বেনাৰত নিৰ্মাণ কৰা এই নতুন অসমীয়া ছবিখনৰ পৰিচালনা অচিন্ত শংকৰৰ । চলিত বৰ্ষৰ 15 নৱেম্বৰত মুক্তি লাভ কৰিব ছবিখনে ৷ বৃহস্পতিবাৰে মহানগৰীৰ জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত মুকলি কৰা হয় ছবিখনৰ পোষ্টাৰ, মোশ্যন পোষ্টাৰ আৰু এটি আইটেম গীত ।

এই মুকলি অনুষ্ঠানত ডাঃ হিতেশ বৰুৱা, উৎপল মেনা, লীনা ৰহমান, ৰাজেশ ভূঞা আদিকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে । উক্ত অনুষ্ঠানত চিনেমাখনৰ 5 খনকৈ পোষ্টাৰ মুকলি কৰা হয় । পোষ্টাৰ মুকলি কৰে বিশিষ্ট অভিনেতা তৌফিক ৰহমান আৰু প্ৰাঞ্জল শইকীয়াই । মুক্তি দিয়া গীতটিত কণ্ঠদান কৰিছে প্ৰিয়ংকা ভৰালী, জুবিন গাৰ্গ আৰু দেৱজিৎ মজুমদাৰে । গীতৰ কথা, সুৰ-সংগীত ৰাজদ্বীপৰ । গীতটিত অভিনয় কৰিছে লিজা নামৰ এগৰাকী ৰাছিয়ান শিল্পীয়ে । লগতে জুবিন গাৰ্গ আৰু দেৱজিৎ মজুমদাৰে ভুমুকি মাৰিছে গীতটোত ।

পৰিচালকৰ ভাষ্য (ETV Bharat Assam)

মূলত গ্ৰাম্য জীৱনৰ এটা প্ৰেম কাহিনীক আধাৰ হিচাপে লৈ নিৰ্মাণ এই নতুন অসমীয়া ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিনেতা কমল লোচন আৰু জনপ্ৰিয় কণ্ঠশিল্পী দীপলীনা ডেকাই । তেওঁলোকৰ লগতে ছবিখনত অভিনয় কৰিছে বিশিষ্ট অভিনেতা দেৱজিৎ হাজৰিকা, হিৰণ্য ডেকা, ৰিম্পী দাস, ভাগৱত প্ৰীতম, ৰাজীৱ গোস্বামী, হিমাংশু প্ৰসাদ দাস, চাংকু নিৰঞ্জন নাথ, জলি লস্কৰ, অসীম কৃষ্ণ বৰা, শ্ৰেয়া বৰঠাকুৰ, কৌশিক নাথকে ধৰি বহু ন-পুৰণি কলা-কুশলীয়ে ৷

poster-and-music-release-event-of-new-assamese-movie-abhimanyu
নতুন অসমীয়া ছবি ‘অভিমন্যু’ (ETV Bharat Assam)

ছবিখনৰ সংগীত কৰিছে দিগন্ত ভাৰতী, অৰূপজ্যোতি বৰুৱা আৰু ৰাজদ্বীপে । গীতৰ কথা লিখিছে দিগন্ত ভাৰতী, অৰূপজ্যোতি বৰুৱা, ৰাজদ্বীপ আৰু ৰাহুল গৌতম শৰ্মাই । কণ্ঠশিল্পী জুবিন-পাপনে এই গীতসমূহেৰ শ্ৰোতাক আপ্লুত কৰিব ৷ ছবিখনৰ একশ্যনৰ কাম কৰিছে দক্ষিণৰ এটা দলে । অসমৰ লগতে দেশৰ বিভিন্ন স্থানত কৰা হৈছে ছবিখনৰ দৃশ্যগ্ৰহণ । ছবিখনৰ চিত্ৰনাট্য তথা সংলাপ হিমাংশু নাথৰ । প্ৰদীপ দৈমাৰীৰ দৃশ্যগ্ৰহণেৰে নিৰ্মিত ছবিখনৰ ছাউণ্ডৰ কামত আছে অমৃত প্ৰীতম আৰু দেৱজিৎ চাংমাই । কৰিঅ’গ্ৰাফাৰ হৈছে দীপক দে’ ।

লগতে পঢ়ক : বেলতলা বজাৰত হনুমেনে কিনিলে কি ? - JOY HANU MAN MOVIE