ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে নাটক নিলিখাৰ সিদ্ধান্ত নাট্যকাৰ প্ৰণৱ ভৰালীৰ
হঠাতে যুৱ নাট্য়কাৰৰ নাটক নিলিখাৰ সিদ্ধান্ত । কিয় ল'লে এই সিদ্ধান্ত ?

Published : August 31, 2025 at 9:31 PM IST
গুৱাহাটী : ভ্ৰাম্যমাণৰ নাটকৰ যাত্ৰা সামৰাৰ সিদ্ধান্ত নাট্যকাৰ প্ৰণৱ ভৰালীৰ । শেহতীয়াকৈ সামাজিক মাধ্যমৰ জৰিয়তে নাট্যযাত্ৰা সামৰাৰ কথা উল্লেখ কৰে ভৰালীয়ে । 'কৃষ্ণচূড়া ডট কম', 'চুপা চুপি', 'দ্য ক্লিনিক' আদিৰ দৰে জনপ্ৰিয় ৱেব ছিৰিজ ৰাইজক উপহাৰ হিচাপে দিয়া ভৰালীৰ ভ্ৰাম্যমাণ যাত্ৰা আৰম্ভ হৈছিল বিগত বৰ্ষত হেঙুল থিয়েটাৰ নাট 'মছজিদ ৰোড নামঘৰ' নাটকখনেৰে ।
আৰম্ভ হৈছে ২০২৫-২৬ৰ নাট্য বৰ্ষৰ । প্ৰতিটো ভ্ৰাম্যমাণ গোষ্ঠীয়ে বিগত বর্ষসমূহৰ দৰে এইবাৰো ব্যতিক্ৰমী ধৰণে প্ৰদৰ্শন কৰিছে নাটসমূহ । ৰাজ্যৰ অন্যান্য গোষ্ঠীসমূহৰ দৰে ব্যতিক্ৰম নহয় হেঙুল থিয়েটাৰো । ২০২৫-২৬ নাট্যবৰ্ষত তিনিখন ব্যতিক্ৰমী নাটকেৰে দৰ্শকৰ কাষ চাপিছে নাট্যগোষ্ঠীটোৱে। এইবাৰৰ নাট তিনিখনৰ ভিতৰত প্ৰণৱ বৰুৱা 'পাগল থানা' আৰু অভিজিৎ ভট্টাচাৰ্যৰ 'এচিড' আৰু প্ৰণৱ ভৰালীৰ 'ভাইৰেল গান্ধী'; কিন্তু শেহতীয়াকৈ সামাজিক মাধ্যমৰ জৰিয়তে 'ভাইৰেল গান্ধী'ৰ ৰচক যুৱনাট্যকাৰ প্ৰণৱ ভৰালীয়ে এই নাটখন তেওঁৰ ভ্ৰাম্যমাণ জীৱনৰ শেষ নাটক বুলি ঘোষণা কৰিছে।

ভ্ৰাম্যমাণৰ নাট যাত্ৰা সামৰাৰ সন্দৰ্ভত প্ৰণৱ ভৰালীৰ মন্তব্য :
এক ফেচবুক পোষ্ট যোগে ভৰালীয়ে উল্লেখ কৰে, "ভাইৰেল গান্ধী মোৰ জীৱনৰ শেষ ভ্ৰাম্যমান নাট । মৰিয়নী আৰু লাহিঙত নাটখন মঞ্চস্থ হৈ যোৱাৰ পিছত বহুতৰ ফোন মেছেজত বহু প্ৰশ্ন আৰু মৰমে মোক আৰু হেঙুলৰ পৰিয়ালবৰ্গক সমালোচনা আৰু সাহসেৰে উপচাই পেলোৱাৰ বাবে ধন্যবাদ; কিন্তু হেঙুল পেজটোত ভাইৰেল গান্ধীৰ এটাও পোষ্ট কিয় নাপায় ইয়াৰ উত্তৰ মোৰ হাতত নাই…! ভ্ৰাম্যমান থিয়েটাৰত নাটক লিখা মোৰ এটা সপোন আছিল যিটো সঁচাকে টান । মই এই উদ্য়োগটোৰ জড়িত হৈ এটা কথা অনুভৱ কৰিলো অভিজিৎ ভট্টাচাৰ্য ছাৰ ভ্ৰাম্যমাণৰ দুখন মঞ্চৰ বাবে একক আৰু অনন্য । এয়া মই স্বীকাৰ কৰো । কিন্তু মোক এই দুখন মঞ্চৰ বাবে আঙুলিত ধৰি নাটক লিখা শিকোৱা মানুহজন হ’ল সংকল্পজিৎ হাজৰিকা (বাব্লু দা)! ইয়াৰ বাবে মই আজীৱন কৃতজ্ঞ হৈ থাকিম । ইয়াৰ পিছত (পংকজ হাজৰিকা) জোন দাইও কাগজত আঁকি আঁকি মঞ্চৰ ৰাজনীতি বুজোৱাৰ কথা মই স্বীকাৰ কৰিবই লাগিব..."

লগতে ভৰালীয়ে উল্লেখ কৰে, "ভ্ৰাম্যমাণত আৰু নাটক নিলিখাৰ সিদ্ধান্ত একান্তই ব্যক্তিগত । আচলতে মোৰ বয়সত এই মাধ্যমটো স্বাস্থ্যকৰ নহয় বুলি মই অনুভব কৰিছো । আভ্যন্তৰীণ ঋণাত্মক আলোচনা, ধনাত্মক সমালোচনাৰ ভিৰ সহিব পৰাকৈ মই আৰু মোৰ মগজু ইমান সৱল হৈ উঠা নাই । যি কি নহওঁক কিছু বয়স হ’লে চাগে আকৌ লিখিম.....।"
লগতে আৰু কিছু আনুষংগিক কথা উল্লেখ কৰে যুৱ নাট্যকাৰগৰাকীয়ে । উল্লেখ্য যে মৰিয়নী আৰু লাহিঙত 'ভাইৰেল গান্ধী' মঞ্চস্থ হোৱাৰ পিছত দৰ্শকৰ যথেষ্ট সঁহাৰি লাভ কৰিছিল যদিও সেই বিষয় সন্দৰ্ভত হেঙুল থিয়েটাৰৰ অফিচিয়েল পেজত কোনোধৰণৰ আপডেট দিয়াৰ ব্যৱস্থা নকৰিলে থিয়েটাৰ গোষ্ঠীটোৱে । এইক্ষেত্ৰত বহুল সংখ্যক দৰ্শকৰ পৰা আঁতৰি আছে এতিয়াও 'ভাইৰেল গান্ধী'। সেইবাবে কোনো ধৰণৰ দোষাৰোপ নকৰাকৈ নাট্যকাৰ গৰাকীয়ে এনেদৰে নিজৰ মনৰ কথাখিনি ব্যক্ত কৰিছে বুলি মতপোষণ কৰিছে তেওঁৰ অনুৰাগীসকলে ।

