ETV Bharat / entertainment

এসোঁতা চকুলো-এবুকু দুখেৰে ৰাজীৱ শদিয়াৰ ৰাজহুৱা তিলনি

ৰাজীৱ শদিয়াৰ মৃত্যুৱে উদঙাই দিলে স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপ ৷ প্ৰচণ্ড ক্ষোভেৰে ক'লে জগদীশ ভূঞাই ৷

rajib sadiya
কণ্ঠশিল্পী ৰাজীৱ শদিয়ালৈ শ্ৰদ্ধাঞ্জলি (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : January 17, 2025 at 3:11 PM IST

5 Min Read
Choose ETV Bharat

তিনিচুকীয়া : এবুকু দুখ আৰু চকুলোৰ মাজেৰে সম্পন্ন হ'ল জনতাৰ শিল্পী ৰাজীৱ শদিয়াৰ ৰাজহুৱা তিলনি ৷ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ গুণমুগ্ধই শিল্পীগৰাকীৰ জন্ম ঠাই শদিয়াৰ অতি ভিতৰুৱা টুপছিঙা গাঁৱত শিল্পীগৰাকীৰ পৰিয়ালবৰ্গৰ কাষত উপস্থিত হয় । অজস্ৰ গুণমুগ্ধৰ সোঁতৰ মাজতে ৰাজনৈতিক, অ-ৰাজনৈতিক দলৰ লগতে বিভিন্ন দল-সংগঠনৰ নেতায়ো ভৰি দিয়েহি শিল্পীগৰাকীৰ ঘৰৰ চোতালত ।

প্ৰয়াত শিল্পীগৰাকীৰ বাসগৃহত উপস্থিত হৈ জনপ্ৰিয় শিল্পী কৃষ্ণমণি চুতীয়া যথেষ্ট আবেগিক হৈ পৰে আৰু শিল্পীগৰাকীৰ লগত থকা ঘনিষ্ঠতাৰ কথা জানিবলৈ দিয়ে । তেওঁ কয়, “অসমৰ মুখ্যমন্ত্ৰীগৰাকী অসমৰ কলা-কুশলীসকলৰ ক্ষেত্ৰত যথেষ্ঠ সজাগ আৰু সচেতন ৷ এইক্ষেত্ৰত তেখেতৰ অধ্যয়ন আছে ৷ আশা কৰো মুখ্যমন্ত্ৰীয়ে তেওঁৰ পৰিয়ালৰ ক্ষেত্ৰত এক সঠিক সিদ্ধান্ত ল’ব ৷ শিল্পীগৰাকীৰ পৰিবাৰৰ ক্ষেত্ৰত এক চৰকাৰী সংস্থাপনৰ খুব প্ৰয়োজন আছে ।”

কৃষ্ণমণি চুতীয়া (ETV Bharat Assam)

শিল্পীগৰাকীৰ ঘৰত উপস্থিত হৈ আচৰিত হৈ পৰে কৃষ্ণমণি চুতীয়া ৷ প্ৰথমবাৰৰ বাবে ঘৰখনৰ অৱস্থা দেখি তেওঁ অনুভৱ কৰে যে ৰাজীৱ শদিয়াই বহু বছৰ গান গালে কিন্তু তেওঁ কেতিয়াও বাণিজ্যিক হ’বলৈ নিশিকিলে । চুতীয়াই কয়, “হয়তো বহুত মানুহে শিল্পীগৰাকীক ব্যৱহাৰ কৰিলে, তেওঁৰ পৰা আমাৰ সাংস্কৃতিক জগতখনৰ বহু পাবলগীয়া থাকি গ’ল ৷ জীয়াই থকা কালত বৰ্তমানৰ দৰে আৰু অধিক প্ৰচাৰ পোৱা হ’লে তেওঁৰ শিল্পীসত্বা আৰু অধিক প্ৰকাশ পালেহেতেন ।”

প্ৰয়াত শিল্পীগৰাকী তেওঁৰ সৈতে দুবছৰ গুৱাহাটীত আছিল ৷ কিন্তু পিছৰ পৰ্যায়ত তেওঁ তিনিচুকীয়াত থাকিবলৈ লয় ৷ কেতিয়াও নিজৰ আৰ্থিক অৱস্থাৰ কথা আনক জনোৱা নাছিল ৰাজীৱ শদিয়াই ৷ এনে এজন স্বাভিমানী শিল্পীৰ মৃত্যুত আৱেগিক হৈ কৃষ্ণমণিয়ে যিমান পাৰে ব্যক্তিগতভাৱে পৰিয়ালটোক সহায় কৰিবলৈ চেষ্টা কৰিব বুলি উল্লেখ কৰে ৷

জগদীশ ভূঞা (ETV Bharat Assam)

আনহাতে, এসময়ৰ শদিয়া সমষ্টিৰ বিধায়ক-প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই জনতাৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ৰাজীৱ শদিয়া এগৰাকী প্ৰকৃত শিল্পী বুলি মন্তব্য কৰে আৰু ৰাজীৱ শদিয়াৰ মৃত্যুৱে স্বাস্থ্য বিভাগৰ চূড়ান্ত বিফলতাৰ প্ৰতিচ্ছবিখন দাঙি ধৰে বুলি উল্লেখ কৰে ৷ ঘটনা সংঘটিত হোৱা ৰসবাৰীৰ পৰা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় পোৱালৈকে সময় লাগিছে অতিকমেও দুঘণ্টা । ইয়াৰ পৰা এইটো বুজা যায় যে তিনিচুকীয়া জিলাত থকা চৰকাৰী চিকিৎসালয়, তিনিচুকীয়া মেডিকেল কলেজৰ কোনো কাম নাই । এনে চিকিৎসা মহাবিদ্যালয় আমাৰ কি কাম বুলি চৰকাৰক প্ৰশ্ন কৰে জগদীশ ভূঞাই । লগতে ৰাজীৱ শদিয়াৰ দৰে জাতিপ্ৰেমী শিল্পীসকলক বছৰি ৰাজীৱ শদিয়াৰ নামত এটা বঁটা প্ৰদান কৰাৰো চিন্তা কৰা হৈছে বুলি তেওঁ সদৰী কৰে ।

আনহাতে, বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই প্ৰয়াত শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি কয়, "তেওঁৰ মৃত্যুত বীৰ লাচিত সেনা অতি মৰ্মাহত, বীৰ লাচিত সেনাৰ এনে এক অনুষ্ঠান নাছিল য'ত তেওঁ গান গোৱা নাছিল, আমাৰ সংগঠনৰ বাবে এক বৃহৎ ক্ষতি, আমি এনে জাতীয়তাবাদী চিন্তাধাৰাৰ শিল্পী আৰু বিচাৰি নপাম ৷ তেওঁ টকাৰ লোভত এদিনো গান নাগালে ৷" আগন্তক ২৪ ফেব্ৰুৱাৰীৰ খিলঞ্জীয়া দিৱসত যোৰহাটৰ মেলেঙত বীৰ লাচিত সেনাৰ মুখ্য কাৰ্যালয়ৰ মঞ্চ ৰাজীৱ শদিয়া মঞ্চ নামেৰে মুকলি কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলিও তেওঁ কয় ৷

আনহাতে, শাসকীয় দলৰ তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণে শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি পৰিয়ালবৰ্গক সাক্ষাৎ কৰে ৷ তেওঁ কয়, "শিল্পীজনৰ বিয়োগত অতি মৰ্মাহত, তেওঁ গীতেৰে অসমৰ সকলো জাতি-জনগোষ্ঠীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল, গুৰুত্বপূৰ্ণ কথাটো হ’ল যে তেওঁ জাতি আৰু মাটিৰ গান গাইছিল আৰু অসমখনক শুদ্ধভাৱে আগুৱাই নিয়াৰ প্ৰয়াস কৰিছিল ৷ আমি সকলোৱে মিলি পৰিয়ালৰ কাম-কাজসমূহ আগুৱাই নিব লাগিব ।" ইয়াৰোপৰি প্ৰাক্তন আলফা নেতা জিতেন দত্তকে আদি কৰি বিভিন্ন সংগঠনৰ নেতাই শোকসন্তপ্ত পৰিয়ালটোৰ কাষত উপস্থিত হৈ সমবেদনা জ্ঞাপন কৰে ।

উল্লেখ্য যে, দেওবাৰে তিনিচুকীয়া জিলাৰ তৰাণী বনাঞ্চলৰ কাষত দুৱাৰমৰা নৈৰ পাৰৰ ভিতৰুৱা ৰসবাৰী গাঁৱত আয়োজন কৰা "ৰসবাৰী পৰ্যটন মেলা"ৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰি আছিল ৰাজীৱ শদিয়াই । ৰসবাৰী পৰ্যটন মেলাৰ সাংস্কৃতিক অনুষ্ঠানত কেইবাশতাধিক জনতাৰ সন্মুখত দুটা গান পৰিবেশন কৰি তৃতীয়টো গান গাবলৈ লওতেই এই অঘটন ঘটি যায় ৷ মঞ্চৰ পৰা হঠাৎ অসুস্থ হৈ বাগৰি পৰে শিল্পী ৰাজীৱ শদিয়া ৷ বুকু আৰু কাণত সোপা মাৰি ধৰা বুলি মন্তব্য কৰি নিমিষতে মঞ্চৰ তলত বাগৰি পৰিছিল ৰাজীৱ শদিয়া ৷ প্ৰথমে ৰাজীৱ শদিয়াক ততাতৈয়াকৈ সতীৰ্থ তথা উদ্যোক্তাসকলে ৰূপাইৰ এখন ব্যক্তিগত নাৰ্ছিংহোমলৈ লৈ যায় যদিও পিছত জৰুৰীকালীনভাৱে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত ভৰ্তি কৰোৱা হয় ৷ চিকিৎসকৰ মতে, ৰাজীৱ শদিয়াৰ ৰক্ত চাপ অতি নিম্ন হৈ পৰে । শিল্পীগৰাকীৰ প্ৰাণ ৰক্ষা কৰিবলৈ তেওঁলোকে অহৰহ চেষ্টা কৰিছিল যদিও সোমবাৰে দিনৰ ভাগত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ ।

লগতে পঢ়ক : জাতি-মাটিৰ গীত গাই গায়েই গুছি যোৱা ৰাজীৱ শদিয়াক শেষ শ্ৰদ্ধা অজস্ৰজনৰ