পত্নী আন্না লেঝনেভা-চিৰঞ্জীৱীৰ সন্মুখত পৱন কল্যাণৰ শপত গ্ৰহণ - Pawan Kalyan Oath Ceremony
Pawan Kalyan Oath Ceremony: পৱন কল্যাণৰ শপতগ্ৰহণ অনুষ্ঠানটো বৃহৎ পৰিয়ালটোৰ অন্যান্য সদস্যৰ লগতে পত্নী আন্না লেঝনেভা, ভাতৃ চিৰঞ্জীৱী, ভতিজা তথা অভিনেতা সাই ধৰম তেজকে ধৰি পৰিয়ালৰ অন্য সদস্যসকলৰ উপস্থিতিত অধিক স্মৰণীয় হৈ ৰ’ব ।

Published : June 12, 2024 at 1:46 PM IST
চিটাৰা ডেস্ক, 12 জুন : ২০২৪ চনৰ বিধানসভা আৰু লোকসভা নিৰ্বাচনত জনসেনা পাৰ্টীৰ দৰ্শনীয় প্ৰদৰ্শনৰ পিচত পৱন কল্যাণ অন্ধ্ৰপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰীৰ ভূমিকা গ্ৰহণ কৰিবলৈ সাজু হৈছে । অভিনেতাৰ পৰা ৰাজনীতিবিদলৈ পৰিণত হোৱা পৱন কল্যাণক আজিৰ এই গুৰুত্বপূৰ্ণ দিনটোত বিখ্যাত চলচ্চিত্ৰৰ পটভূমিৰ পৰা অহা তেওঁৰ বৃহৎ পৰিয়ালটোৱে কায়িকভাৱে উপস্থিত থাকি সমৰ্থন দিয়া দেখা যায় ।
পৱন কল্যাণৰ জ্যেষ্ঠ ভাতৃ তথা ছুপাৰষ্টাৰ চিৰঞ্জীৱী শপতগ্ৰহণ অনুষ্ঠানৰ বাবে সন্মানীয় আমন্ত্ৰিতসকলৰ ভিতৰত অন্যতম । দক্ষিণৰ ছুপাৰষ্টাৰ ৰজনীকান্তেও এই অনুষ্ঠানত উপস্থিত থাকে ৷
টিডিপি আৰু বিজেপিৰ সৈতে মিত্ৰতাৰ অংশ হিচাপে পৱনৰ জে এছ পিয়ে অন্ধ্ৰত বিধানসভাৰ ২১ খন আসন আৰু দুখন লোকসভা আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল । আজি অন্ধ্ৰপ্ৰদেশত শপত গ্ৰহণ কৰা এন চন্দ্ৰবাবু নাইডুৰ নেতৃত্বত 24 জনীয়া মন্ত্ৰী পৰিষদত যোগদান কৰে কল্যাণে ৷
কল্যাণৰ পত্নী আন্না লেঝনেভাই এই বিশেষ দিনটোৰ বাবে পৰিধান কৰি আহে এখন শাৰী । পৱনৰ শপতগ্ৰহণ অনুষ্ঠানত তেওঁৰ কাষত থিয় হ'বলৈ তেওঁৰ পৰিয়ালে হায়দৰাবাদৰ পৰা বিজয়ৱাড়ালৈ যাত্ৰা কৰে ।
ভাইৰেল ছবি এখনত চিৰঞ্জীৱীৰ পত্নী সুৰেখা কনিডেলাক তেওঁৰ ভায়েক নগেন্দ্ৰ বাবুৰ সৈতে বহি থকা অৱস্থাত দেখা গৈছে । স্নেপশ্বটটোত পৱন কল্যাণৰ ভতিজা তথা অভিনেতা সাই ধৰম তেজ আৰু পৰিয়ালৰ আন সদস্যসকলকো প্ৰদৰ্শন কৰা হৈছে । ভাইৰেল ছবিখনত প্ৰাক্তন পত্নী ৰেণু দেশাইৰ সৈতে থকা পৱনৰ দুই সন্তান আকিৰা নন্দন আৰু আদ্যকো দেখা গৈছে ।
পুৱা ১১.২৭ বজাত ৰাজ্যপালে ৭৪ বছৰীয়া নাইডুক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায় ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডাৰ লগতে অন্যান্য কেন্দ্ৰীয় মন্ত্ৰী, এন ডি এৰ সহযোগী দল আৰু বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে তেওঁলোকৰ উপস্থিতিৰে শপত গ্ৰহণ অনুষ্ঠানটোৰ শোভা বৰ্ধন কৰে ।
লগতে পঢ়ক : চন্দ্ৰবাবু নাইডুৰ শপতগ্ৰহণত অংশগ্ৰহণৰ বাবে আহিল মেগাষ্টাৰ ৰজনীকান্ত - AP CM oath taking ceremony

