পেৰিছ অলিম্পিক 2024 ত পদক বিজয়ীলৈ তাৰকাৰ শুভেচ্ছা - Manu Bhaker and Sarabjot Singh
Manu Bhaker and Sarabjot Singh: দীপিকা-ৰণবীৰৰ পৰা আৰম্ভ কৰি অনিল কাপুৰ অজয় দেৱগণলৈকে এই চেলেব্ৰিটীসকলে মনু ভাকৰ আৰু সৰবজোৎ সিঙক ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে অভিনন্দন জনাইছে ৷

By ETV Bharat Entertainment Team
Published : July 31, 2024 at 12:21 PM IST
চিটাৰা ডেস্ক, 31 জুলাই : পেৰিছ অলিম্পিক 2024 ত, ভাৰতীয় শ্বুটাৰ মনু ভাকৰ আৰু সৰবজোৎ সিঙে তেওঁলোকৰ দৰ্শনীয় প্ৰদৰ্শনেৰে দেশৰ হৈ দ্বিতীয়টো পদক জিকিছে । চলচ্চিত্ৰ উদ্যোগৰ তাৰকাসকলে তেওঁলোক দুয়োকে এই বিজয়ৰ বাবে অভিনন্দন জনাইছে ।
মঙলবাৰৰ দিনটো দেশৰ বাবে আছিল এটা গৌৰৱৰ দিন । 2024 চনৰ পেৰিছ অলিম্পিকত ভাৰতীয় শ্বুটাৰ মনু ভাকৰ আৰু সৰবজোৎ সিঙে ব্ৰঞ্জৰ পদক লাভ কৰে । দুয়োজনে 10 মিটাৰ এয়াৰ পিষ্টল (মিক্সড টীম) প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল । দুয়োজনেই উৎকৃষ্ট শ্বুটিঙেৰে পদক লাভ কৰাত সফল হয় । এই দৰ্শনীয় বিজয়ৰ পিচতে দেশত বিৰাজ কৰিছে এক সুখৰ পৰিবেশে । তেওঁলোকৰ বিজয়ৰ বাবে সমগ্ৰ দেশে অভিনন্দন জ্ঞাপন কৰিছে । সমান্তৰালকৈ চলচ্চিত্ৰ জগতৰ তাৰকাসকলেও দুয়োগৰাকী খেলুৱৈৰ প্ৰদৰ্শনক প্ৰশংসা কৰাৰ লগতে জয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে ।
বলীউডৰ পাৱাৰ কাপল দীপিকা পাডুকন-ৰণবীৰ সিঙে মনু ভাকৰ আৰু সৰবজোৎ সিঙক ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে অভিনন্দন জনায় । দুই তাৰকাই নিজৰ অফিচিয়েল ইনষ্টাগ্ৰামত মনু আৰু সৰবজোতৰ ফটো পোষ্ট কৰি জয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰে ।
অজয়ে পেৰিছ অলিম্পিকৰ পৰা মনু আৰু সৰবজোতৰ এখন আলোকচিত্ৰ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি লিখে, "আইজ অন প্ৰাইজ' শব্দটো এক সম্পূৰ্ণ নতুন স্তৰলৈ লৈ গৈছে আৰু আমি ইয়াক ভাল পাইছো । আশা কৰোঁ আমি সৰবজোত সিঙৰ দৰে আৰু বহুতো পদক লাভ কৰিম ।"
ইয়াৰ উপৰিও অনিল কাপুৰ, সোণালী বেন্দ্ৰে, পুলকিত সম্ৰাট, মহেশ বাবু, সুনীল শ্বেট্টী, ৰকুল প্ৰীত, আয়ুষ্মান খুৰানা, মীৰা কাপুৰকে ধৰি বহু তাৰকাই শ্বুটাৰদ্বয়ক প্ৰশংসা আৰু অভিনন্দন জনাইছে ।
মহিলাৰ 10 মিটাৰ এয়াৰ পিষ্টল প্ৰতিযোগিতাত মনু ভাকৰে ব্ৰঞ্জৰ পদক লাভ কৰিছিল । ইয়াৰ পিচত তেওঁ সৰবজোৎ সৈতে 10 মিটাৰ এয়াৰ পিষ্টল (মিক্সড টীম)ত অংশগ্ৰহণ কৰে, য’ত দুয়োজন খেলুৱৈয়ে তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰে আৰু ব্ৰঞ্জৰ পদক লাভ কৰে । পেৰিছ অলিম্পিকত ভাৰতৰ পদকৰ সংখ্যা দুটালৈ বৃদ্ধি পাইছে ।
লগতে পঢ়ক : পেৰিছ অলিম্পিকলৈ যোৱা ভাৰতীয় খেলুৱৈসকললৈ চেলেব্ৰিটীৰ সৰ্মথন - Celebrities Cheer on Athletes

