অযোগ্য বিবেচিত হোৱাৰ পিচত মল্লযুঁজৰ পৰা অৱসৰ ঘোষণা বিনেশৰ: ছ’চিয়েল মিডিয়া কঁপাইছে বলীউড তাৰকাই - Celebs on Vinesh Phogat retirement
Bollywood Reacts Vinesh Phogat: ভাৰতীয় মহিলা মল্লযোদ্ধা বিনেশ ফোগাটক পেৰিছ অলিম্পিক 2024 ৰ পৰা অযোগ্য ঘোষণা কৰা হৈছে । এই বাতৰিৰ পিচত মল্লযুঁজাৰুগৰাকীয়ে আজি অৱসৰ ঘোষণা কৰে । বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মা আৰু ছাৰা আলী খানে এই খবৰত শোক প্ৰকাশ কৰিছে ।

By ETV Bharat Entertainment Team
Published : August 8, 2024 at 11:49 AM IST
চিটাৰা ডেস্ক, 8 আগষ্ট : ভাৰতীয় মহিলা মল্লযুঁজাৰু বিনেশ ফোগাটক পেৰিছ 2024 অলিম্পিকৰ পৰা অযোগ্য ঘোষণা কৰাত হতাশা প্ৰকাশ কৰিছে অনুষ্কা শৰ্মা আৰু ছাৰা আলী খানে । মল্লযুঁজাৰুগৰাকীক উৎসাহিত কৰিবলৈ তেওঁ ছ’চিয়েল মিডিয়াত এটা টোকা শ্বেয়াৰ কৰিছে । ইয়াৰ পূৰ্বে আলিয়া ভাট, ৰণবীৰ সিং, স্বৰা ভাস্কৰ, কৰীণা কাপুৰ, মালাইকা অৰোৰা, তাপসী পন্নুকে ধৰি বহু চেলেব্ৰিটীয়ে বিনেশক সমৰ্থন কৰিবলৈ আগবাঢ়ি আহিছিল ।
বিনেশ ফোগাটৰ অযোগ্যতা আৰু অৱসৰৰ ঘোষণাত মৰ্মাহত হৈ পৰিছে অনুষ্কা শৰ্মা । তেওঁ নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম ষ্ট’ৰীত বিনেশৰ বাবে এটা বিশেষ টোকা শ্বেয়াৰ কৰিছে ৷ য’ত লিখা আছে, ‘‘আমি সকলোৱে দুখী ৷ কিন্তু আপুনি নিশ্চয় কি অৱস্থাৰ মাজেৰে পাৰ হৈ গৈছে ৷ মই কল্পনাও কৰিব পৰা নাই । আপুনি এজন প্ৰকৃত চেম্পিয়ন । আপুনি আমাক ভাৰতীয় হিচাপে গৌৰৱান্বিত কৰে । পৃথিৱীয়ে আপোনাক পুনৰ উদযাপন কৰিব ।’’

ছাৰা আলী খান
বিনেশক সমৰ্থন জনাবলৈ ছাৰা আলী খানো আগবাঢ়ি আহিছে । তেওঁ নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত বিনেশৰ এখন ছবি পোষ্ট কৰি কেপশ্যনত লিখিছে, ‘‘বিনেশ ফোগাট, আপুনি আমাৰ সকলোৰে বাবে এজন প্ৰকৃত চেম্পিয়ন । আপোনালোকক লৈ আমি গৌৰৱান্বিত ।’’

কৰণ জোহৰ
বিনেশ ফোগাটৰ বাবে এক উষ্ম বাৰ্তা শ্বেয়াৰ কৰিছে ছবি নিৰ্মাতাগৰাকীয়ে । মল্লযুঁজাৰুৰ হৈ তেওঁ ইনষ্টাগ্ৰাম ষ্ট’ৰীত লিখিছে, ‘‘বিনেশ ফোগাটে ইতিহাসত নিজৰ নাম পঞ্জীয়ন কৰিছে । তেওঁৰ অধ্যৱসায়, শক্তি আৰু অজেয়তাৰ অনুভৱেই তেওঁৰ বাবে পদক । তেওঁ সোণৰ দৰে । কিংবদন্তী । পিৰিয়ড ।’’ অনিল কাপুৰ, সুনীল শ্বেট্টী, বৰুণ ধৱন, সনু ছুদকে ধৰি বহু তাৰকাই বিনেশ ফোগাটৰ মনোবল বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছে ।
বিনেশে অৱসৰ ঘোষণা কৰে
পেৰিছ অলিম্পিকৰ পৰা অযোগ্য ঘোষণা হোৱাৰ পিচত বৃহস্পতিবাৰে (8 আগষ্ট) পুৱতি নিশা বিনেশ ফোগাটে মল্লযুঁজৰ পৰা অৱসৰ ঘোষণা কৰে । তেওঁ তেওঁৰ অফিচিয়েল এক্স একাউণ্টত অৱসৰ ঘোষণা কৰি এক হৃদয়বিদাৰক বাৰ্তা পোষ্ট কৰে ।
তেওঁ লিখিছে, ‘‘মা কুস্তী মোৰ বিপৰীতে জিকি গ’ল, মই হাৰি গ’লো, দুঃখিত আপোনাৰ সপোন, মোৰ সাহস সকলো ভংগ হৈছে, এতিয়া ইয়াতকৈ অধিক শক্তি আৰু নাই । গুডবাই ৰেছলিং 2001-2024 । মই সদায় আপোনালোক সকলোৰে ওচৰত ঋণী হৈ থাকিম, দুঃখিত ।"
माँ कुश्ती मेरे से जीत गई मैं हार गई माफ़ करना आपका सपना मेरी हिम्मत सब टूट चुके इससे ज़्यादा ताक़त नहीं रही अब।
— Vinesh Phogat (@Phogat_Vinesh) August 7, 2024
अलविदा कुश्ती 2001-2024 🙏
आप सबकी हमेशा ऋणी रहूँगी माफी 🙏🙏
অলিম্পিক 2024 ত বিনেশ ফোগাটৰ খেল
মহিলা কুস্তি 50 কিলোগ্ৰাম শাখাৰ প্ৰথম ৰাউণ্ডত বিনেশে চেম্পিয়ন য়ুই চুচাকিক 10 ছেকেণ্ড সোনকালে পৰাস্ত কৰে । ইয়াৰ পিচত তেওঁ কোৱাৰ্টাৰ ফাইনেলত ওকছানা লিভাঞ্চক পৰাস্ত কৰে আৰু ছেমিফাইনেলত য়ুচনেলিছ গুজমান লোপেজক পৰাস্ত কৰি ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিছিল ।
লগতে পঢ়ক : 'কিপ ইয়ৰ চিন আপ': বিনেশ ফোগাটৰ কাষত থিয় দিছে সমগ্ৰ বলীউড - Bollywood Reacts Vinesh Phogat

