যেতিয়া মানুহে আপোনাক ভাল পায়…হেৰা ফেৰী ৩ ক লৈ পৰেশ ৰাৱাল
হেৰা ফেৰী ৩ সন্দৰ্ভত অক্ষয় কুমাৰ, পৰেশ ৰাৱাল আৰু সুনীল শেট্টীৰ মাজত চলি থকা আইনী যুঁজ এতিয়া অন্ত পৰিল ।

By ETV Bharat Entertainment Team
Published : June 30, 2025 at 6:10 PM IST
হায়দৰাবাদ : ‘হেৰা ফেৰী ৩’ক লৈ দীৰ্ঘদিন ধৰি বিভিন্ন বাতৰি চলি আছে । দৰ্শকৰ প্ৰিয় চৰিত্ৰ ‘বাবু ভাইয়া’ৰ চৰিত্ৰত পৰেশ ৰাৱালে আৰু অভিনয় নকৰে বুলি খবৰ বিয়পি পৰাৰ পাছতে অধিকাংশ অনুৰাগী হতাশ হৈ পৰিছিল । এতিয়া শেহতীয়াকৈ পৰেশ ৰাৱালে এই হতাশা দূৰ কৰি অনুৰাগীৰ মনত আশাৰ সঞ্চাৰ কৰিছে ৷ তেওঁ অক্ষয় কুমাৰ আৰু সুনীল শেট্টীৰ সৈতে ‘হেৰা ফেৰী ৩’ত অভিনয় কৰিব ।
উভতি অহাটো নিশ্চিত কৰিলে ৰাৱালে

বলীউডৰ প্ৰবীণ অভিনেতা পৰেশ ৰাৱালে ‘হেৰা ফেৰী ৩’ত নিজৰ প্ৰত্যাৱৰ্তন নিশ্চিত কৰি কয় যে সকলো সমস্যা এতিয়া সমাধান হৈছে । এটা সাক্ষাৎকাৰত হেৰা ফেৰী ৩ বিতৰ্কৰ বিষয়ে সোধাত তেওঁ উত্তৰ দিয়ে, "কোনো বিতৰ্ক নাই । মোৰ বিশ্বাস যেতিয়া মানুহে কিবা এটা ইমান ভাল পায় তেতিয়া আপুনি অধিক সাৱধান হোৱা উচিত । দৰ্শকৰ প্ৰতি আমাৰ দায়িত্ব আছে । দৰ্শকে যেতিয়া আপোনাক বহুত শলাগ লয়, তেতিয়া আপুনি কথাবোৰ সহজভাৱে ল'ব নোৱাৰে । কঠোৰ পৰিশ্ৰম কৰি তেওঁলোকক (চিনেমাখন) উপহাৰ দিয়ক । গতিকে, মোৰ মতামত আছিল যে সকলো একত্ৰিত হ'ব লাগে, কঠোৰ পৰিশ্ৰম কৰিব লাগে । আন একো নহয়, সকলো এতিয়া সমাধান হৈছে ।"
Baburao Is Back – Issue Resolved!
— Akshay Kumar Fans Group (@AKFansGroup) June 29, 2025
It’s official - @SirPareshRawal is back. He confirms the #HeraPheri3 issue is resolved. All set to reunite with #AkshayKumar𓃵 and @SunielVShetty
VC - The Himanshu Mehta Show YT Channel pic.twitter.com/RnGtOGvE9R
ছবিখন একেই তাৰকামণ্ডলী লৈ নিৰ্মাণ কৰা হৈছে নেকি বুলি সোধাত পৰেশ ৰাৱালে কয়, "চিনেমাখন আগতেই ওলোৱাৰ কথা আছিল, কিন্তু আমি নিজকে শুধৰাবলগীয়া আছিল । সকলোৱেই সৃষ্টিশীল মানুহ, সেয়া প্ৰিয়দৰ্শনেই হওক, অক্ষয়েই হওক বা সুনীলেই হওক । তেওঁলোকৰ বন্ধুত্ব বহু বহু বছৰ ধৰি ।"
NO … There are Three Heroes in Hera Pheri . 🙏❤️ https://t.co/k7naUD5jiC
— Paresh Rawal (@SirPareshRawal) June 9, 2025
হেৰি ফেৰী ৩ বিতৰ্ক
হেৰা ফেৰী ৩ৰ পৰা পৰেশ ৰাৱালৰ আকস্মিক প্ৰস্থানে কেইবা সপ্তাহ ধৰি পৰিৱেশ গৰম কৰি ৰাখে । খবৰ অনুসৰি সৃষ্টিশীল মতানৈক্যৰ বাবে অভিনেতাগৰাকীয়ে ছবিখন এৰি দিছিল । ১৮ মে’ত পৰেশে আনুষ্ঠানিকভাৱে ঘোষণা কৰে যে তেওঁ এতিয়া হেৰা ফেৰী ৩ৰ অংশ নহয় ।
I wish to put it on record that my decision to step away from Hera Pheri 3 was not due to creative differences. I REITERATE THAT THERE ARE NO CREATIVE DISAGREEMENT WITH THE FILM MAKER . I hold immense love, respect, and faith in Mr. Priyadarshan the film director.
— Paresh Rawal (@SirPareshRawal) May 18, 2025
হেৰা ফেৰী ৩ৰ পৰা পৰেশ ৰাৱালক আতৰোৱাৰ পিছত ছবিখনৰ প্ৰযোজক অক্ষয় কুমাৰে ২৫ কোটি টকাৰ ক্ষতিপূৰণ বিচাৰি তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে । অক্ষয়ৰ প্ৰডাকশ্যন হাউছে দাবী কৰে যে তেওঁলোকে প্ৰবীণ অভিনেতাগৰাকীক পাৰ্ট পেমেণ্ট হিচাপে ১১ লাখ টকা দিছিল আৰু তেওঁ ইতিমধ্যে প্ৰজেক্টটোৰ বাবে আন ভিডিঅ’ৰ লগতে এটা প্ৰ’ম’ ক্লিপ শ্বুট কৰিছিল । অক্ষয়ে আইনী জাননী প্ৰেৰণ কৰাৰ পিছত পৰেশৰ আইনী দলে ঘোষণা কৰে যে অভিনেতাগৰাকীয়ে ১৫ শতাংশ সুতৰ সৈতে ১১ লাখ টকাৰ ধন অক্ষয়ৰ প্ৰডাকশ্যন কোম্পানীক ঘূৰাই দিছে ।
২০০০ চনত মুক্তি লাভ কৰা প্ৰথমখন হেৰা ফেৰী ছবিত অক্ষয় কুমাৰ, সুনীল শেট্টী আৰু পৰেশ ৰাৱালে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল । টাবু, গুলশন গ্ৰ’ভাৰ, ৰাজাক খানৰ দৰে তাৰকাও ছবিখনত আছিল । তাৰ পিছত ২০০৬ চনত ফিৰ হেৰা ফেৰী মুক্তি পায় । য'ত মুখ্য অভিনেতাসকল একেই আছিল । তাৰ বাহিৰেও বিপাশা বসু, ৰাজপাল যাদৱ, ৰিমি সেন, জনী লিভাৰ, শৰৎ সাক্সেনাই অভিনয় কৰিছিল । এতিয়া ইয়াৰ তৃতীয় কিস্তিক লৈ কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই যদিও ছবিখন অহাটো নিশ্চিত ।
লগতে পঢ়ক : এন ৱাই আই এফত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা নৱাজুদ্দিন ছিদ্দিকীলৈ, ‘আই এম নট এন এক্টৰ’ ছবিত প্ৰশংসনীয় অভিনয়

