ETV Bharat / entertainment

আলহীৰ ৰূপত আহিল কোন ? ঘৰৰ ভিতৰতে গুলীয়াই থৈ গ’ল টিকটকাৰ ছনা ইউছুফক ! - PAKISTANI TIKTOKER SANA YOUSAF

ইছলামাবাদৰ বাসগৃহত ১৭ বছৰীয়া পাকিস্তানী টিকটকাৰ ছনা ইউছুফক গুলীয়াই হত্যা । আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

pakistani TikToker Sana Yousaf shot dead at her home in Islamabad Police are investigating the case
টিকটকাৰ ছনা ইউছুফ (Photo: ANI)
author img

By ETV Bharat Entertainment Team

Published : June 3, 2025 at 3:46 PM IST

3 Min Read

হায়দৰাবাদ: ১৭ বছৰীয়া পাকিস্তানী কণ্টেণ্ট ক্ৰিয়েটৰ ছনা ইউছুফক ইছলামাবাদত নিজৰ ঘৰৰ ভিতৰতে গুলীয়াই হত্যা কৰা হয় ৷ ছনা ইউছুফৰ অনুৰাগীৰ মাজত এই খবৰে আলোড়নৰ সৃষ্টি কৰিছে । খবৰটো নিশ্চিত কৰিছে ছনাৰ বন্ধু ছৈয়দ আলী জৈন বুখাৰীয়ে ।

পাকিস্তানৰ সুপৰিচিত কণ্টেণ্ট ক্ৰিয়েটৰ ছনা ইউছুফৰ টিকটক আৰু ইনষ্টাগ্ৰামত ভালেসংখ্যক অনুসৰণকাৰী আছে । সংস্কৃতি, জীৱনশৈলী আৰু যুৱ সবলীকৰণৰ সৈতে জড়িত ভিডিঅ’ তেওঁ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি আহিছিল । সংবাদ মাধ্যমৰ খবৰ অনুসৰি সোমবাৰে ইছলামাবাদৰ বাসগৃহত পাকিস্তানী টিক-টকাৰ ছনা ইউছুফক গুলীয়াই হত্যা কৰা হয় ।

ছনাৰ বন্ধুৱে নিশ্চিত কৰে মৃত্যু

ছনাৰ বন্ধু ছৈয়দ আলী জৈন বুখাৰীয়ে তেওঁৰ মৃত্যু নিশ্চিত কৰিছে । ছৈয়দে নিজৰ ইনষ্টাগ্ৰামত এটা ভিডিঅ’ পোষ্ট কৰিছে, য’ত তেওঁ কৈছে, “ছনা ইউছুফ, পাকিস্তানী টিকটকাৰ... কিছু সময় আগতে তেওঁক হত্যা কৰা হৈছে । বিশ্বাস কৰিব পৰা নাই । এইটো কেনেকৈ সম্ভৱ ? বিশ্বাস কৰিব পৰা নাই । মই সম্পূৰ্ণ স্তম্ভিত হৈ পৰিছো । তাইক লগ পাইছিলোঁ । আমি একেলগে ৰাতিৰ আহাৰ খালোঁ । তাই বৰ ধুনীয়া ছোৱালী আছিল । বৰ ধেমেলীয়া ছোৱালী আছিল তাই । আল্লাই তাইৰ পৰিয়ালক শক্তি দিয়ক ।”

সংবাদ মাধ্যমৰ খবৰ অনুসৰি, ঘৰত প্ৰৱেশ কৰি ছনাক ওচৰৰ পৰা গুলীয়াই হত্যা কৰে অচিনাকি দুৰ্বৃত্তই । দুটা গুলীয়ে নিমিষতে নিথৰ কৰি পেলাই ছনাৰ দেহ । পিছত তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে পাকিস্তান ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স (পি আই এম এছ)লৈ লৈ যোৱা হয় ।

সংবাদ মাধ্যমৰ প্ৰতিবেদনে নিশ্চিত কৰিছে যে আৰক্ষীয়ে এই গোচৰৰ সক্ৰিয় তদন্ত চলাই আছে যদিও এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই । এই হত্যাকাণ্ডৰ আঁৰৰ উদ্দেশ্য এতিয়াও জানিব পৰা হোৱা নাই । আৰক্ষী সূত্ৰৰ উদ্ধৃতি দি প্ৰতিবেদনত কোৱা হৈছে যে ঘৰত প্ৰৱেশ কৰি গুলীচালনা কৰাৰ পিছত সেই স্থানৰ পৰা পলায়ন কৰে হত্যাকাৰীয়ে ৷

এটা সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, সন্দেহজনক লোকজন হয়তো অতিথি হিচাপে ঘৰলৈ আহিছিল । গুলীয়াই হত্যা কৰাৰ পাছতে আক্ৰমণকাৰীয়ে উক্ত স্থানৰ পৰা পলায়ন কৰে আৰু আৰক্ষীয়ে সন্দেহজনক লোকজনক গ্ৰেপ্তাৰ কৰিবলৈ তালাচী অভিযান আৰম্ভ কৰিছে ।

এই ঘটনাই ছ'চিয়েল মিডিয়াত ক্ষোভৰ সৃষ্টি কৰিছে । ছনাৰ বহু অনুগামীয়ে ন্যায় বিচাৰিছে । অৱশ্যে এনেদৰে পাকিস্তানত কিশোৰীক হত্যা কৰা এয়া প্ৰথম ঘটনা নহয় ।

ছনাৰ শেষৰটো পোষ্ট

কেইঘণ্টামানৰ আগতে ছনাই জন্মদিন উদযাপনৰ ভিডিঅ’ এটা শ্বেয়াৰ কৰিছিল । ভিডিঅ’টোত বন্ধু-বান্ধৱীৰ সৈতে জন্মদিন উদযাপন কৰা দেখা গৈছে ছনাক । এই উদযাপনৰ পিছত টিকটকাৰগৰাকীৰ মৃত্যুৰ খবৰে অনুৰাগীক স্তম্ভিত কৰি তুলিছে ।

লগতে পঢ়ক : 'আৰ ৰাজকুমাৰ' অভিনেতা মুকুল দেৱৰ মৃত্যু, তাৰকাসকলৰ শোক প্ৰকাশ -

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.