ETV Bharat / entertainment

সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা পাকিস্তানী তাৰকাৰ - PAKISTANI ACTORS ON PAHALGAM ATTACK

ফাৱাদ খান আৰু হানিয়া আমিৰকে ধৰি পাকিস্তানী চেলেব্ৰিটীসকলে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দি শোক প্ৰকাশ কৰে ৷ সংহতিৰে সীমান্তৰ বাহিৰত মানৱতাৰ আহ্বান জনায় ।

Pahalgam Terror Attack
পাকিস্তানী চেলেব্ৰিটীৰ শোক প্ৰকাশ (Photo: IANS, Instagram)
author img

By ETV Bharat Entertainment Team

Published : April 24, 2025 at 1:20 PM IST

4 Min Read

হায়দৰাবাদ: জম্মু-কাশ্মীৰৰ পহলগাম অঞ্চলত ২৬ জন লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণে সকলোকে কন্দুৱাইছে ৷ বিশ্বৰ চাৰিওপিনৰে পৰা এই ঘটনাক লৈ প্ৰতিক্ৰিয়া দেখা পোৱা গৈছে ৷ শেহতীয়াকৈ ফাৱাদ খান, হানিয়া আমিৰ, মাওৰা হোকানেকে ধৰি কেইবাগৰাকীও বিশিষ্ট পাকিস্তানী চেলেব্ৰিটীয়ে এই হিংসাত্মক ঘটনাক তীব্ৰ নিন্দা কৰিছে । মঙলবাৰে বিয়লি বৈছাৰণ উপত্যকাত সংঘটিত হোৱা এই আক্ৰমণে মানৱ সমাজক জোকাৰি গৈছে ।

এই শোকাৱহ ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে পাকিস্তানী তাৰকাসকলে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত দুখ প্ৰকাশ কৰাৰ লগতে ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে সংহতিৰে থিয় দিয়ে ।

ছবি আবিৰ গুলালৰ ওপৰত নিষেধাজ্ঞাৰ মাজতে ফাৱাদ খানৰ বক্তব্য

Pahalgam Terror Attack
শোকস্তব্ধ মানৱ সমাজ (Photo : Instagram)

বৰ্তমান নিজৰ আগন্তুক বলীউড ছবি আবিৰ গুলালক লৈ বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ থকা অভিনেতা ফাৱাদ খানে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত শোক প্ৰকাশ কৰিছে । তেওঁ লিখিছে, "পহলগামত সংঘটিত জঘন্য আক্ৰমণৰ খবৰ পাই গভীৰভাৱে দুখী হৈছো । আমাৰ চিন্তা আৰু প্ৰাৰ্থনা এই ভয়ংকৰ কাণ্ডৰ বলি হোৱা লোকসকলৰ লগত আছে আৰু আমি এই কঠিন সময়ত তেওঁলোকৰ পৰিয়ালৰ বাবে শক্তি আৰু নিৰাময়ৰ বাবে প্ৰাৰ্থনা কৰিছো ।"

Pahalgam Terror Attack
শোকস্তব্ধ মানৱ সমাজ (Photo : Instagram)

ভাৰতীয় মনোৰঞ্জন উদ্যোগত পাকিস্তানী শিল্পীৰ ওপৰত দীৰ্ঘদিন ধৰি নিষেধাজ্ঞা আৰোপ কৰা ফেডাৰেশ্যন অফ ৱেষ্টাৰ্ণ ইণ্ডিয়া চিনে এম্প্লয়িজ (এফ ডব্লিউ আই চি ই)য়ে পুনৰবাৰ এই কথা উল্লেখ কৰাৰ সময়তে ফাৱাদৰ এই মন্তব্য আহিছে । এই আক্ৰমণৰ পিছতে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ উদ্বেগ আৰু এনে সময়ত সংহতিৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি এফ ডব্লিউ আই চিয়ে ২০১৯ চনৰ নিৰ্দেশনা নবীকৰণ আৰু কঠোৰভাৱে বলবৎ কৰাৰ কথা ঘোষণা কৰে । ফলত ৯ মে’ত মুক্তি পাবলগীয়া খান আৰু ভাৰতীয় অভিনেত্ৰী বাণী কাপুৰ অভিনীত আবিৰ গুলাল ছবিখনক ভাৰতত মুক্তিৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।

Pahalgam Terror Attack
শোকস্তব্ধ মানৱ সমাজ (Photo : Instagram)

হানিয়া আমিৰ: "শোকে একে ভাষা কয়"

অভিনেত্ৰী হানিয়া আমিৰেও নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এটা আন্তৰিক বাৰ্তা শ্বেয়াৰ কৰি শোকৰ সাৰ্বজনীন স্বৰূপ আৰু সীমান্তৰ ইপাৰে-সিপাৰে মমতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । "যিকোনো ঠাইতে ট্ৰেজেডী আমাৰ সকলোৰে বাবে এক ট্ৰেজেডী । মোৰ অন্তৰ শেহতীয়া পৰিঘটনাৰ দ্বাৰা প্ৰভাৱিত নিৰীহ জীৱনৰ সৈতে আছে । যন্ত্ৰণাত, শোকত আৰু আশাত - আমি এক। যেতিয়া নিৰীহ জীৱন হেৰাই যায়, তেতিয়া দুখ অকল তেওঁলোকৰ নহয় - ই আমাৰ সকলোৰে । আমি য’ৰ পৰাই নাহো কিয়, শোকে একে ভাষা কয় । আমি মানৱতাক বাছি লওঁ, সদায় ৷" তেওঁ লিখিছে ।

Pahalgam Terror Attack
শোকস্তব্ধ মানৱ সমাজ (Photo : Instagram)

মাওৰা হোকানে, ফাৰহান ছাইদ আৰু আনসকলৰ মন্তব্য

সনম তেৰী কছম খ্যাত মাওৰা হোকানেও এই মৰ্মান্তিক ঘটনাক লৈ দুখ প্ৰকাশ কৰি লিখিছে, "আক্ৰান্ত পৰিয়ালসমূহলৈ মোৰ গভীৰ সমবেদনা.. এজনৰ বিৰুদ্ধে সন্ত্ৰাসবাদৰ এনে কাৰ্যই সকলোৰে বিৰুদ্ধে সন্ত্ৰাসবাদ.. বিশ্বৰ কি হৈছে ???"

গায়ক আৰু অভিনেতা ফাৰহান ছাইদে নিজৰ বাৰ্তা চমু অথচ শক্তিশালী কৰি ৰাখিছে: "#পহলগামআক্ৰমণৰ বলি হোৱা লোক আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে আন্তৰিক শোক।"

অভিনেতা উছামা খানে X (পূৰ্বৰ টুইটাৰ)ত এটা পোষ্টত লিখিছে, "#PhalgamAttack ত বলি হোৱা পৰিয়াল আৰু আপোনজনলৈ আন্তৰিকতাৰে সমবেদনা প্ৰকাশ কৰিছো । এই কঠিন সময়ত তেওঁলোকে শক্তি বিচাৰি পাওক। সন্ত্ৰাসবাদ নিন্দনীয়, য’তেই সংঘটিত নহওক কিয়, পাকিস্তানত হওক, ভাৰতত হওক বা আন যিকোনো ঠাইত হওক । আমি এনে অৰ্থহীন হিংসাৰ বিৰুদ্ধে থিয় দিয়া উচিত ৷"

আক্ৰমণ আৰু ইয়াৰ পিছৰ পৰিণতি

মঙলবাৰে দুপৰীয়া প্ৰায় ২:৩০ বজাত অনন্তনাগ জিলাৰ বৈছাৰণ উপত্যকাত অস্ত্ৰধাৰী সন্ত্ৰাসবাদীয়ে চাৰিওফালৰ পাহাৰৰ পৰা নামি পৰ্যটকৰ ওপৰত গুলীচালনা কৰে । নিহত ২৬ জনৰ ভিতৰত দুজন বিদেশী নাগৰিক। খবৰ অনুসৰি পাকিস্তানভিত্তিক সন্ত্ৰাসবাদী গোট লস্কৰ-ই-তৈবা (এল ই টি)ৰ সহযোগী সংগঠন ৰেজিষ্টেন্স ফ্ৰণ্টে (টি আৰ এফ)এই আক্ৰমণৰ দায়িত্ব মূৰ পাতি লৈছে ।

ভাৰতৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে পিছদিনা সেই স্থান পৰিদৰ্শন কৰে আৰু ঘোষণা কৰে যে ৰাষ্ট্ৰই কেতিয়াও সন্ত্ৰাসবাদৰ সন্মুখত মূৰ তল নকৰে, ভুক্তভোগীসকলক ন্যায়ৰ প্ৰতিশ্ৰুতি দিয়ে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰিস্থিতিৰ মূল্যাংকন আৰু পৰৱৰ্তী পদক্ষেপৰ বিষয়ে আলোচনা কৰিবলৈ কেবিনেট কমিটী অন ছিকিউৰিটি (চি চি এছ)ৰ এখন উচ্চ পৰ্যায়ৰ বৈঠকো আহ্বান কৰে।

লগতে পঢ়ক : পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণ: দুখ-ক্ৰোধ-শোকত ম্ৰিয়মান তাৰকাসমাজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.