চিত্ৰশিল্পী মনোজ চক্ৰৱৰ্তীৰ একক চিত্র প্রদর্শনী
গুৱাহাটীত অনুষ্ঠিত হৈছে একক চিত্র প্রদর্শনী । ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চেণ্টাৰত অনুষ্ঠিত হৈছে চিত্ৰশিল্পী মনোজ চক্ৰৱৰ্তীৰ বিশেষ একক চিত্র প্রদর্শনী ।

By ETV Bharat Entertainment Team
Published : May 6, 2025 at 12:33 PM IST
গুৱাহাটী : চিত্ৰকলা ভালপোৱাসকললৈ সুখবৰ ৷ গুৱাহাটীত অনুষ্ঠিত হৈছে চিত্র প্রদর্শনী ৷ এমাহৰ বাবে চলি থাকিব এই প্ৰদৰ্শনী ৷ মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত ‘ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চেণ্টাৰ’ত অনুষ্ঠিত হৈ আছে চিত্ৰশিল্পী মনোজ কুমাৰ চক্ৰৱৰ্তীৰ একক চিত্ৰ প্ৰদৰ্শনী । অসম চৰকাৰ উদ্যোগত ১ মে'ৰ পৰা আৰম্ভ হোৱা এই চিত্ৰ প্ৰদৰ্শনী ৩০ মে'লৈ অনুষ্ঠিত হ’ব ৷
চিত্ৰশিল্পী মনোজ চক্ৰৱৰ্তীৰ হাতত প্ৰাণ পাই উঠা ছবিসমূহ প্ৰদৰ্শন কৰা হৈছে এই প্ৰদৰ্শনীত । তেওঁৰ চিন্তাত ভিন্ন ৰূপত ভিন্ন বিষয়ে জীৱন্ত ৰূপ লাভ কৰে ৷ তাৰ মাজৰে ১৯ খনকৈ ছবি তেওঁ চিত্ৰপ্ৰেমী দৰ্শকৰ বাবে প্ৰদৰ্শনীৰ জৰিয়তে মুকলি কৰি দিছে ।
প্ৰদৰ্শনী সন্দৰ্ভত মন্তব্য কৰি চিত্ৰশিল্পী মনোজ চক্ৰৱৰ্তীয়ে কয়, “খুবেই ভাল লাগিছে । ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চেণ্টাৰ'ত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এজন এজন শিল্পীক এমাহৰ বাবে প্ৰদৰ্শনী অনুষ্ঠিত কৰিবলৈ এই স্থান দিয়া হয় । ইয়াৰ পৰা দৰ্শকে ছবিসমূহ ক্ৰয়ো কৰিব পৰিব । আগৰ দুখনমান ছবিৰ লগতে মোৰ শেহতীয়া যিসমূহ ছবি আছে সেইসমূহ ইয়াত প্ৰদৰ্শনীৰ বাবে ৰখা হৈছে ।”

তেওঁ লগতে আৰু কয়, “দৰ্শক বুলি ক’লে স্থানীয় ৰাইজৰ লগতে যিসমূহ পৰ্যটক আছে, তেওঁলোকেও এই প্ৰদৰ্শনীখন চাবলৈ আহিছে । সাধাৰণতে গেলেৰীত প্ৰদৰ্শনী এখন অনুষ্ঠিত হ'লে যিসমূহ ছবি ভালপোৱা মানুহ থাকে, তেওঁলোকেহে প্ৰদৰ্শনী চাবলৈ যায়, কিন্তু ইয়াত ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চেণ্টাৰলৈ অহা দৰ্শকসকলেও প্ৰদৰ্শনী উপভোগ কৰিবলৈ পাইছে ।”

উল্লেখ্য যে, দৰ্শকে মন গ’লে ছবি ক্ৰয়ো কৰিব পাৰিব ৷ এই ছবিসমূহৰ মূল্য ৮ হাজাৰৰ পৰা ১৫ হাজাৰ টকা । এক্ৰলিক আৰু মিশ্ৰ মাধ্যমৰ সহায়েৰে অংকন কৰা হৈছে ছবিসমূহ ।
আনহাতে চিত্ৰশিল্পী মনোজ চক্ৰৱৰ্তীৰ কথা ক’বলৈ গ’লে, চিত্ৰ তথা ভাস্কৰ্য সাধনাকে নিজৰ পেচা হিচাপে গ্ৰহণ কৰা চক্ৰৱৰ্তীয়ে ২০০২ চনত নতুন দিল্লীস্থিত সৰ্বভাৰতীয় চাৰু কাৰু কলা পৰিষদে আয়োজন কৰা প্ৰদৰ্শনীত পেইণ্টিং বিভাগত ৰাজ্যিক বঁটা লাভ কৰিছিল ৷ পৰৱৰ্তী সময়ত ২০০৪ চনত অসম চাৰু কাৰু কলা মহাবিদ্যালয়ে আয়োজন কৰা শিল্প প্ৰদৰ্শনীত চাৰ্টিফিকেট অফ মেৰিট লাভ কৰিছিল ৷

কলাক্ষেত্ৰ সমাজে আয়োজন কৰা NESEA প্ৰদৰ্শনীত ক্ৰমাগতভাৱে তিনি বছৰলৈ certificate of commendation লাভ কৰিবলৈ সক্ষম হৈছে তেওঁ ৷ ইয়াৰোপৰি ২০০৯ চনত ললিত কলা একাডেমীৰ সৰ্বভাৰতীয় প্ৰদৰ্শনীৰ বাবে তেওঁৰ ভাস্কৰ্য নিৰ্বাচিত হৈছিল ৷ ২০০৮-০৯ বৰ্ষত ললিত কলা একাডেমীয়ে আয়োজন কৰা Octave Celebrating North East শীৰ্ষক প্ৰদৰ্শনীত তেওঁ অংশগ্ৰহণ কৰাৰ লগতে বৰ্তমান সময়লৈকে অসম তথা ভাৰতৰ বিভিন্ন ঠাইত দলীয় তথা একক প্ৰদৰ্শনীতো অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে মনোজে ।

শেহতীয়াকৈ ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চেণ্টাৰত অনুষ্ঠিত কৰা তেওঁৰ একক চিত্ৰ প্ৰদৰ্শনী উপভোগ কৰিবলৈ বহু দৰ্শকে ভিৰ কৰা পৰিলক্ষিত হৈছে ।
লগতে পঢ়ক : কেঁচুমতাৰ মাজত শিল্প, কলমৰ চিঁয়াহীৰে মনৰ ভাৱ: মনোজ-মণিকাৰ এই কাহিনী জানেনে আপুনি ?

