পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণ: দুখ-ক্ৰোধ-শোকত ম্ৰিয়মান তাৰকাসমাজ
২২ এপ্ৰিলৰ পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাই জোকাৰি গৈছে বিশ্ব ৷ বলীউডৰ তাৰকাসকলে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছে অনুভৱ ৷

By ETV Bharat Entertainment Team
Published : April 23, 2025 at 11:38 AM IST
|Updated : April 23, 2025 at 1:45 PM IST
হায়দৰাবাদ : ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীয়ে লক্ষ্য কৰি লয় পৰ্যটকক ৷ এই সন্ত্ৰাসবাদীৰ আক্ৰমণে সমগ্ৰ বিশ্ব কঁপাই তুলিছে । আক্ৰমণত ২৮ জন নিৰীহ পৰ্যটকে প্ৰাণ হেৰুৱায় । কেৱল ভাৰতৰ নাগৰিকেই নহয়, নেপাল আৰু ইউ এ ইৰ নাগৰিকো মৃত্যুৰ মুখত পৰে ৷ এই ঘটনাত সমগ্ৰ দেশ স্তম্ভিত হৈ পৰিছে ৷ ছবিজগতৰ তাৰকাসকলেও এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । বহু চেলেব্ৰিটীয়ে ছ’চিয়েল মিডিয়াত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰাৰ লগতে ভুক্তভোগী পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ।
অক্ষয় কুমাৰে ছ’চিয়েল মিডিয়াত লিখিছে, “পহলগামত পৰ্যটকৰ ওপৰত কৰা সন্ত্ৰাসবাদী আক্ৰমণ গভীৰভাৱে দুখজনক । নিৰীহ লোকক হত্যা কৰে অসুৰহে । তেওঁলোকৰ পৰিয়ালৰ বাবে প্ৰাৰ্থনা কৰিছো ।”

ইলিয়ানা ডি ক্ৰুজে লিখিছে, “পহলগামত হোৱা আক্ৰমণৰ বিষয়ে মোৰ কোনো শব্দ নাই । আক্ৰমণৰ বলি হোৱা সকলৰ বাবে মোৰ হৃদয় দুখেৰে ভৰি পৰিছে । এই ঘটনাই মোৰ হৃদয় ভাঙি পেলাইছে ।”

অনুপম খেৰে ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰে য’ত তেওঁ কয়, “পহলগামত হিন্দুসকলৰ লগত যি নৰসংহাৰৰ ঘটনা সংঘটিত হৈছে, সেই ঘটনাই মোক দুখ দিছে যদিও বেছিকৈ খঙহে উঠিছে । জীৱনত এনেকুৱা বহুত দেখিছো, কাশ্মীৰী হিন্দুৰ লগত এনেকুৱা অত্যাচাৰ হৈছে । কিন্তু এইবাৰ বাহিৰৰ পৰা অহা মানুহক ধৰ্মৰ বিষয়ে সুধি হত্যা কৰা হ’ল, ইয়াক লৈ মোৰ কোনো শব্দ নাই ।”
জাহ্নৱী কাপুৰে লিখিছে, “মোৰ কোনো শব্দ নাই, মই মাথো বাকৰুদ্ধ আৰু পহলগাম আক্ৰমণত নিহত হোৱা লোকসকলক লৈ দুখী । তেওঁলোকৰ বাবে ন্যায়ৰ দাবী কৰিছো, কিন্তু এইয়া কিমান দিনলৈ চলি থাকিব ? আক্ৰমণত নিহত পৰিয়াললৈ মোৰ সমবেদনা, আমি সকলোৱে আপোনালোকৰ লগত আছো । এই সময়ত ভগৱানে আপোনালোকক শক্তি দিয়ক ।”

বিকী কৌশলে লিখিছে, “সেই নিৰীহ লোকসকলৰ ওপৰত হোৱা আক্ৰমণ আৰু তেওঁলোকৰ পৰিয়ালৰ যন্ত্ৰণা আমি কল্পনাও কৰিব নোৱাৰো । পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত নিহত নিৰীহ লোকৰ পৰিয়াললৈ আমাৰ গভীৰ সমবেদনা । আশা কৰো অপৰাধীয়ে নিশ্চয় শাস্তি পাব ।”

এওঁলোকৰ উপৰিও ৰাজপাল যাদৱ, সোণালী বেন্দ্ৰে, সোণম কাপুৰ, অনুষ্কা শৰ্মাকে ধৰি বহু তাৰকাই পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক লৈ ছ’চিয়েল মিডিয়াত ক্ষোভ প্ৰকাশ কৰাৰ লগতে নিহত নিৰীহ পৰ্যটকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ৷

খবৰ অনুসৰি, দুপৰীয়া পহলগামৰ বৈছাৰণ উপত্যকাৰ ওপৰৰ অংশলৈ যেতিয়া পৰ্যটকসকলে ঘোঁৰাত উঠি গৈ আছিল, তেতিয়া হঠাতে চাৰিজন সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰে । তাত উপস্থিত থকা ৰাইজৰ মতে, সন্ত্ৰাসবাদীয়ে পৰ্যটকসকলক পাঞ্জাবী ভাষাত তেওঁলোকৰ ধৰ্মৰ বিষয়ে সোধে আৰু তাৰ পিছত নিৰ্বিচাৰে গুলীচালনা কৰে, যাৰ ফলত ২৬ জন নিৰীহ লোকে প্ৰাণ হেৰুৱায় ।
লগতে পঢ়ক : পহলগামত পৰ্যটকক উদ্দেশ্যি সন্ত্ৰাসবাদীৰ গুলীবৰ্ষণ; আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিৰ গৰিহণা

