ETV Bharat / entertainment

সকলোৱে সীমাত থাকি কাম কৰিলে বিহুত অপ্ৰীতিকৰ পৰিস্থিতি….এয়া কি ক’লে পদ্মনাভে ?

বিহুৰ বাবে সাজু হৈ উঠিছে কণ্ঠশিল্পীসকল । ন-পুৰণি বহুগীতৰ সম্ভাৰেৰে বিহুমঞ্চত গীত পৰিৱেশনৰ বাবে সাজু কণ্ঠশিল্পী পদ্মনাভ বৰদলৈ ৷

PADMANAV BORDOLOI
কণ্ঠশিল্পী পদ্মনাভ বৰদলৈ (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : April 10, 2025 at 2:15 PM IST

|

Updated : April 10, 2025 at 2:21 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী: পদূলিমুখত হেঁপাহৰ ৰঙালী । বিহুক লৈ ব্যস্ততা বাঢ়িছে প্ৰতিগৰাকী অসমীয়াৰ । উজনিৰ পৰা নামনিলৈ সকলোতে এতিয়া শুনিবলৈ পোৱা গৈছে ঢোলৰ গুমগুমনি, পেঁপাৰ টিহিটি মাত । সমান্তৰালকৈ বিহুৰ দিন চমু চাপি অহাৰ লগে লগে ব্যস্ততা বাঢ়িছে কণ্ঠশিল্পীসকলৰো । ৰাজ্যৰ প্ৰতিগৰাকী ন-পুৰণি কণ্ঠশিল্পী এতিয়া ব্যস্ত অন্তিম পৰ্যায়ৰ আখৰাত । বহুকেইটা ন-পুৰণি গীতৰে বিহু লৈ সাজু হৈছে কণ্ঠশিল্পী পদ্মনাভ বৰদলৈ ।

ই টিভি ভাৰত অসমে কণ্ঠশিল্পীগৰাকীৰ প্ৰস্তুতি সন্দৰ্ভত জানিবলৈ তেওঁৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰে ৷ অনুশীলনৰ পৰা আৰম্ভ কৰি বহু কথাই কৈ গ’ল পদ্মনাভে ৷

কণ্ঠশিল্পী পদ্মনাভ বৰদলৈৰ বিহুৰ প্ৰস্তুতি (ETV Bharat Assam)

পদ্মনাভ বৰদলৈৰ বিহুৰ প্ৰস্তুতি

বিহুৰ প্ৰস্তুতি সন্দৰ্ভত কণ্ঠশিল্পীগৰাকীয়ে জনাই যে এইবছৰৰ বিহুৰ প্ৰস্তুতি আগতকৈ ব্যতিক্ৰম নহয় ৷ প্ৰত্যেক বছৰৰ দৰে এইবাৰো কণ্ঠশিল্পীসমাজ, বাদ্যযন্ত্ৰীসমাজ সুন্দৰকৈ গীত-মাত পৰিৱেশন কৰিবলৈ সাজু হৈ উঠিছে ।

পিছে বিহুৰ ৰঙীয়াল সময়ৰ মাজতো পদ্মনাভে এই কথা উল্লেখ কৰে যে এইবাৰ খুব হুলস্থুলৰ মাজত সকলো শিল্পী বিহুৰ বাবে সাজু হৈছে । কিয়নো শেহতীয়াকৈ কণ্ঠশিল্পীসকলৰ মাননিক লৈ বহুতে অশান্তিময় পৰিৱেশ সৃষ্টি কৰিবলৈ বিচৰা পৰলক্ষিত হৈছিল ৷ কিন্তু সকলো বাধা নেওচি এক গঠনমূলক মনোভাৱেৰে শিল্পীসকল বিহুত গীত পৰিবেশন কৰিবলৈ সাজু হৈছে বুলি হাঁহিমুখে মন্তব্য কৰে তেওঁ ৷

বিহুমঞ্চত কি আছে শ্ৰোতা-দৰ্শকৰ বাবে বিশেষ ?

“বিহু মঞ্চত এইবাৰ দৰ্শকে মোৰ যিখিনি নিজৰ গীত আছে দিহিং-দিচাং-ডিমৰু শুনিবলৈ পাব ৷ লগতে আমাৰ যিসকল স্বনামধন্য শিল্পী আছে যেনে ড৹ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকাদেৱৰ পৰা আৰম্ভ কৰি আমাৰ যিসমূহ থলুৱা লোকগীত, যেনে গোৱালপৰীয়া লোকগীত, কামৰূপীয়া লোকগীতৰ লগতে বহু ন-পুৰণি বিহুগীত ৰাইজে শুনিবলৈ পাব ।”

যিটো গানৰ বাবে বিতৰ্কৰ মাজত সোমাই পৰিছিল পদ্মনাভ বৰদলৈ, সেইটো গানেই গুণগুণাই স্পষ্টকৈ নিজৰ মত দাঙি ধৰিলে তেওঁ ৷ তেওঁৰ ভাষ্য অনুসৰি তেওঁৰ ‘কৰো কাৰো লাগে’ এই গানটোৱে যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ গানটো দৰ্শকে এইবাৰ বিহুৰ মঞ্চত শুনিবলৈ পাব । সামাজিক মাধ্যমত একাংশই ভুৱা একাউণ্ট খুলি তেওঁৰ এই গানটোক লৈ অযথা বিতৰ্ক আৰম্ভ কৰে বুলিও কটাক্ষ কৰে শিল্পীগৰাকীয়ে ৷ কিন্তু মুক্তিৰ পিছতে তেওঁৰ এই গানটোৱে খুব মৰম-আদৰ লাভ কৰিবলৈ সক্ষম হৈছিল বুলি আন্তৰিকতা প্ৰকাশ কৰে তেওঁ ৷

মাননি সন্দৰ্ভত বিতৰ্ক কিমান গ্ৰহণযোগ্য ?

কিছুদিন পূৰ্বে শিল্পীৰ মাননিক লৈ সৃষ্টি হৈছিল বিতৰ্কৰ । সেই বিতৰ্ক কিমান গ্ৰহণযোগ্য আছিল বুলি সোধা এক প্ৰশ্নৰ উত্তৰত কণ্ঠশিল্পীগৰকীয়ে কয়, “মাননিক লৈ যিটো বিতৰ্ক সেইটো মই একেবাৰে ভিত্তিহীন বুলি ভাবো । কাৰণ কাৰোবাৰ পাৰিশ্ৰমিকটো খুব এক ব্যক্তিগত কথা । সেয়া শিল্পীগৰাকী আৰু কমিটীৰ মাজৰ বিষয়, তাত মোৰ মতে বিতৰ্ক কৰাৰ কোনো কাৰণ নাই আৰু যিসকলে বিতৰ্ক কৰি আছে তেওঁলোকৰ কামেই হৈছে বিতৰ্ক কৰা । আমাৰ কাম হৈছে গীত গাই মানুহক আমোদ যোগোৱা, গতিকে আমি সেইটোত ব্যস্ত হৈ আছো ।”

অসমীয়া মানুহে অতিথিপৰায়ণ হ’বলৈ গৈ নিজৰ মানুহখিনিক পাহৰি যায় নেকি ?

এই সন্দৰ্ভত কণ্ঠশিল্পীগৰাকীয়ে কয়, “আমাৰ অসমবাসী ৰাইজ খুব আবেগিক । মানুহক উৎসাহ উদ্দীপনা দি খুব ভাল পাওঁ, বিশেষকৈ বাহিৰাগত মানুহখিনিক ৷ সংগীতৰ কোনো ভাষা বা স্থান নাই, সংগীত এটা নিজেই ভাষা । গতিকে বেলেগ ভাষাৰ মানুহেই হওক বা আমাৰ অসমৰেই হওক, যিয়েই ভাল গান গায় আছে, তেওঁলোক আগবাঢ়ি যাওক । কিন্তু সমান্তৰালকৈ আমাৰ অসমীয়া যিখিনি কণ্ঠশিল্পী বা বাদ্যশিল্পীয়ে অসমীয়া গীত-মাত ৰচনা কৰি আছে তেওঁলোকেও উচিত মাননি, মান আৰু সন্মান পোৱাটো উচিত ।”

উল্লেখ্য যে অহা ১৪ এপ্ৰিলৰ পৰা আৰম্ভ হ'ব কণ্ঠশিল্পী পদ্মনাভ বৰদলৈৰ অনুষ্ঠান । ইতিমধ্যে কেইবাখনো বিহু সমিতিৰ লগত চুক্তিবদ্ধ হৈছে কণ্ঠশিল্পীগৰাকী । কণ্ঠশিল্পীগৰাকীৰ সৈতে এইবাৰ অনুষ্ঠান পৰিৱেশন কৰিব নৱাগতা কণ্ঠশিল্পী ভাৰ্গৱী গোস্বামীয়ে ।

লগতে পঢ়ক : ভাতৃ হিচাপে কণ্ঠশিল্পী নীলোৎপল বৰাই কি উপদেশ দিলে পদ্মনাভ বৰদলৈক ?

Last Updated : April 10, 2025 at 2:21 PM IST