ETV Bharat / entertainment

ইত্যাদি মঞ্চৰ উদ্যোগত নাট্যসন্ধ্যাৰ আয়োজন

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অহা ৩০ অক্টোবৰ তাৰিখে সন্ধিয়া ৫ বজাত মঞ্চস্থ হ’ব নাট দুখনকৈ নাট ।

Organizing a theatre evening on the occasion of 3rd Annual Foundation Day of ityadi north eastern cultural forum
নাট্যসন্ধ্যাৰ আয়োজন (ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : October 26, 2024 at 1:11 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : স্বেচ্ছাসেৱী অনুষ্ঠান ইত্যাদি উত্তৰ-পূর্বাঞ্চল সাংস্কৃতিক মঞ্চৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজন কৰা হৈছে এখনি নাট্যসন্ধ্যাৰ । শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অহা ৩০ অক্টোবৰ তাৰিখে সন্ধিয়া ৫ বজাত মঞ্চস্থ হ’ব দুখনকৈ নাট ।

বৰাক উপত্যকাৰ আমন্ত্ৰিত নাট্যদল ৰেচ থিয়েটাৰে ইন্দ্ৰনীল দে’ৰ ৰচনা আৰু পৰিচালনাৰে পৰিবেশন কৰিব নাটক ‘‘চল কাবাদি’’ আৰু ‘‘ইত্যাদি নাট্যদল’’ৰ উদ্যোগত পংকজ গোস্বামীৰ পৰিচালনাৰে মঞ্চস্থ কৰা হ’ব নাট্যকাৰ গনেণ গগৈদেৱৰ কালজয়ী নাট ‘‘শকুনিৰ প্ৰতিশোধ’’ ।

নাট্যসন্ধ্যাৰ আয়োজন (ETV Bharat Assam)

শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰি এই কথা প্ৰকাশ কৰে ইত্যাদি উত্তৰ-পূর্বাঞ্চল সাংস্কৃতিক মঞ্চৰ বিষয়ববীয়াসকলে । উক্ত সংবাদমেলত উপস্থিত থাকে মঞ্চৰ সভাপতি ড৹ শিখা বেজবৰুৱা গোস্বামী, জ্যেষ্ঠ অভিনেতা ভৱেশ দাস, পংকজ গোস্বামী, অভিনেত্ৰী ভ্ৰান্তি মেধিকে আদি কৰি ইত্যাদি মঞ্চৰ আন আন বিষয়ববীয়াসকল ।

লগতে ইত্যাদি উত্তৰ-পূর্বাঞ্চল সাংস্কৃতিক মঞ্চই এইবর্ষত প্ৰথমবাৰৰ বাবে প্ৰদান কৰিব ইত্যাদি ‘‘বৰাক ব্ৰহ্মপুত্ৰ সমন্বয় বঁটা’’, ‘‘শিল্পীপ্ৰাণ বঁটা’’ আৰু ‘‘যুৱ প্ৰতিভা বঁটা’’ ৷ ডাঃ ৰণোজ পেগুক ‘‘বৰাক-ব্ৰহ্মপুত্ৰ সমন্বয় বঁটা’’ প্ৰদান কৰা হ’ব ।

লগতে সাংস্কৃতিক সাধনাৰ নিৰলস প্ৰচেষ্টাৰ বাবে ব্ৰহ্মপুত্ৰ উপত্যকাৰ পংকজ গোস্বামী আৰু বৰাক উপত্যকাৰ ইন্দ্ৰনীল দে’ ক ‘‘শিল্পী প্ৰাণ বঁটা’’ প্ৰদান কৰা হ’ব । অভিনেতা, পৰিচালক, নাট্যকাৰ, সংস্কৃতিৰ গৱেষক ছাত্ৰ তথা উদীয়মান সাংস্কৃতিক কৰ্মী শিৱসাগৰৰ চন্দ্ৰমনি গগৈক প্ৰদান কৰা হ’ব ‘‘যুৱ প্ৰতিভা বঁটা’’ ।

প্ৰকৃত কৰ্মক সন্মান কৰি তেওঁলোকৰ ক্ষেত্ৰখনক অধিক দায়িত্বশীল কৰি তোলা আৰু আন উঠি প্ৰজন্মকো এনে ধাৰাৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ উদ্দেশ্যৰে প্ৰদান কৰা হ’ব এই বঁটা । এই বঁটাত থাকিব একোটা স্মাৰক, মানপত্ৰ, পাটৰ চেলেং চাদৰ, পাটৰ গামোচা ।

লগতে পঢ়ক : এমাজন প্ৰাইমত টপ-১০ ৰ শীৰ্ষত অসমৰ পৰিচালকৰ হিন্দী ছবি কুকি