ETV Bharat / entertainment

জুবিন নৌটিয়ালৰ সংগীতানুষ্ঠান বাতিল সন্দৰ্ভত সন্দৰ্ভত কি ক’লে আয়োজকে... - JUBIN NAUTIYAL MUSIC CONCERT

Jubin Nautiyal music concert: কাৰিকৰী কাৰণতেই বাতিল কৰা হ'ল জুবিন নৌটিয়ালৰ অনুষ্ঠান । অনুষ্ঠান বাতিল সন্দৰ্ভত মন্তব্য প্ৰকাশ আয়োজক মৌচুমী বৰাৰ । শুকুৰবাৰে মহানগৰীৰ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া আছিল এই অনুষ্ঠান ।

organiser mousumi bora comments on cancellation of jubin nautiyal music concert
জুবিন নৌটিয়ালৰ সংগীতানুষ্ঠান বাতিল
author img

By ETV Bharat Assamese Team

Published : March 30, 2024 at 11:42 AM IST

2 Min Read
Choose ETV Bharat
মৌচুমী বৰাৰ ভাষ্য

গুৱাহাটী, 30 মাৰ্চ : এটা ব্যক্তিগত সংগঠন সা ৰে গা মা আৰ্টছ অৱ্ মিউজিকৰ অধীনত জুবিন নৌটিয়ালৰ সংগীতানুষ্ঠান অনুষ্ঠিত হোৱাৰ কথা আছিল মহানগৰীৰ নেহৰু ষ্টেডিয়ামত ৷ কিন্তু অনুষ্ঠানৰ কেইঘণ্টামান পূৰ্বে বাতিল কৰা হ'ল তেওঁৰ সংগীতানুষ্ঠান । মহানগৰ আৰক্ষী আয়ুক্তগৰাকীয়ে এক প্ৰেছবাৰ্তা যোগে অৱগত কৰে এই কথা ।

এই সন্দৰ্ভত আৰক্ষী আয়ুক্ত গৰাকীয়ে উল্লেখ কৰে, "এটা ব্যক্তিগত সংগঠন সা ৰে গা মা আৰ্টছ অৱ্ মিউজিক এ আজি নেহৰু ষ্টেডিয়ামত আয়োজন কৰা এক অনুষ্ঠানৰ বাবে আৰক্ষী কৰ্তৃপক্ষৰ পৰা অনুমতি লাভ কৰিছিল"। জুবিন নৌটিয়ালৰ অনুষ্ঠান বাতিলৰ পাচত আটক কৰা হৈছিল আয়োজক সমিতিৰ মৌচুমী বৰাসহ ৮ জনক ।

নিশা পাণবজাৰ থানাত দীৰ্ঘসময়জোৰা জেৰাৰ অন্তত যাবলৈ দিয়া হয় মৌচুমী বৰাসহ মুঠ ৮ জনক । স্বাস্থ্য পৰীক্ষাৰ অন্তত আটাইকেইজনক যাবলৈ দিয়া হৈছে । অনুষ্ঠান বাতিলৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মৌচুমী বৰাই কয়, ‘‘আমাৰ একো অসুবিধা হোৱা নাছিল’’ ।

organiser mousumi bora comments on cancellation of jubin nautiyal music concert
জুবিন নৌটিয়ালৰ স্পষ্টীকৰণ

‘‘জুবিন নৌটিয়ালৰ অন্য শ্ব' আছিল আৰু তেওঁ দেৰাদুনৰ পৰা দিল্লীলৈ গাড়ীৰে আহিছিল যিটোৰ খৰচ আমি বহন কৰিছো । তেওঁৰ ফ্লাইট দিনৰ 2 টা বজাত আছিল । 2 টা বজাত তেওঁ আহি নোপোৱাৰ কাৰণে সেইখনৰ সলনি ৫ টা বজাত ফ্লাইট বুক কৰা হৈছিল । কিন্তু ৫ বজাৰ বিমানখনেৰে তেওঁ প্ৰায় ৭.৩০ বজাত গুৱাহাটীত অৱতৰণ কৰিলেহেঁতেন’’ । বৰাই কয় ৷

তেওঁ আৰু কয়, ‘‘আমাৰ অনুষ্ঠানেই আৰম্ভ হোৱাৰ কথা আছিল ৫ বজাত । সেয়ে এই সিদ্ধান্ত ল'বলগীয়া হয় ৷’’ ইফালে অনুষ্ঠান বাতিলৰ পাচত জুবিন নৌটিয়ালেও সামাজিক মাধ্যমযোগে এক স্পষ্টীকৰণ প্ৰকাশ কৰে ।

উল্লেখ্য যে, অনুষ্ঠানটো বাতিলৰ পাচতেই কালি পানীখাইটিৰ পৰা আৰক্ষীয়ে আটক কৰিছিল মৌচুমী বৰাক । সা ৰে গা মা আৰ্টচ অৱ্ মিউজিকৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত জুবিন নৌটিয়ালৰ উপৰিও ধৰ্মেশ য়েলাণ্ডেও অংশগ্ৰহণ কৰাৰ কথা আছিল ।

মন কৰিবলগীয়া যে এই একেটা অনুষ্ঠানেই চলিত মাহৰ ১৬ মাৰ্চত অনুষ্ঠিত হোৱাত কথা আছিল । পৰৱৰ্তী সময়ত ১৬ মাৰ্চৰ পৰিৱৰ্তে ২৯ মাৰ্চলৈ পিছুৱাই দিয়া হৈছিল । কিন্তু শুকুৰবাৰে অনুষ্ঠানৰ আৰম্ভণিৰ কিছুঘণ্টাৰ পূৰ্বে অনুষ্ঠানটো পুনৰ এবাৰ বাতিল হোৱাত অনুৰাগীসকল আশাহত হৈ পৰে ।

লগতে পঢ়ক : দুবাইত মমৰ মূৰ্তি উন্মোচনৰ পিচত পত্নী স্নেহালৈ এই প্ৰশ্ন আল্লু অৰ্জুনৰ - Allu Arjun Wax Statue