আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চৰ্চিত ছবি 'আইৰণ গাৰ্লছ' আপোনাৰ কাষত, কি কয় কলা-কুশলীয়ে...
শুকুৰবাৰে ছবিগৃহলৈ আন এখন নতুন অসমীয়া ছবি । লোক-সংস্কৃতিক বিশ্ব দৰবাৰত জিলিকাই তোলা ছবিখন কিয় বিশেষ ? এক আছুতীয়া সাক্ষাৎকাৰ ।

Published : July 24, 2025 at 9:25 PM IST
গুৱাহাটী: অসমৰ লোক-সংস্কৃতিক বিশ্বৰ প্ৰান্তে প্ৰান্তে জিলিকাই তোলাৰ পিছত এইবাৰ 'আইৰণ গাৰ্লছ' আহি আছে ঘৰুৱা দৰ্শকৰ মাজলৈ । ২৫ জুলাই অৰ্থাৎ শুকুৰবাৰে ছবিখনে মুক্তি লাভ কৰিব ৰাজ্যৰ প্ৰতিটো ছবিগৃহত ।
অসমৰ লোকসংস্কৃতিৰ সাধনাত ব্ৰতী হৈ থকা পদ্মশ্ৰী দ্ৰোণ ভূঞাৰ জীৱন কাহিনী সমৃদ্ধ তথা অসমৰ লোক-সংস্কৃতিৰ অন্যতম আধাৰ ওজাপালি আৰু দেওধনী নৃত্যক ৰাইজৰ মাজলৈ উলিয়াই লৈ অনাৰ অন্যতম প্ৰয়াস হৈছে 'আইৰণ গাৰ্লছ' । ছবিখনৰ পৰিচালনা ৰাজেন দাসৰ । ই টিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ছবিখনৰ পৰিচালক ৰাজেন দাসৰ লগতে পদ্মশ্ৰী দ্ৰোণ ভূঞা আৰু অভিনেত্ৰী জেচমিন দাসে ছবিখনৰ সন্দৰ্ভত কয় বহু কথা ।
ছবিখনৰ সন্দৰ্ভত পৰিচালক ৰাজেন দাসৰ মন্তব্য :
'আইৰণ গাৰ্লছ'ৰ সন্দৰ্ভত পৰিচালক ৰাজেন দাসে কয়, "'আইৰণ গাৰ্লচ' ছবিখন অসমৰ লোক-সংস্কৃতিৰ জগতখনৰ এক শিঁপাৰ আলোক সন্ধানী যাত্ৰা । আমাৰ যদি জাতিটো জীয়াই থাকিব লাগে তেন্তে আমাৰ শিপাদাল জীয়াই থাকিব লাগিব । আমাৰ লোক-সংস্কৃতিৰ মাজতে জীয়াই আছে আমাৰ জাতীয় দায়বদ্ধতাৰ এক শিপা । 'আইৰণ গাৰ্লছ' হ'ল এই আলোক সন্ধানী যাত্ৰা ।"
পৰিচালক দাসে লগতে কয়,"বিলুপ্তপ্ৰায় ওজাপালি আৰু দেওধনী নৃত্য, যি অসমৰ পৰা হেৰাই যোৱাৰ উপক্ৰম হৈছে, প্ৰাচীন কালত এইয়া অসমৰ এক স্বৰ্ণিল লোক-সংস্কৃতি আছিল, কিন্তু কালক্ৰমত ভিন্ন কাৰণত এই শিল্প আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ উপক্ৰম হ'ল । সেই কাৰণসমূহ আমি দেখুৱাইছোঁ । মোৰ পূৰ্বৰ ছবি 'লাইফ ইন এ পাপেট'ত যিদৰে হেৰাই যোৱা পুতলা নাচ শিল্পটোক দাঙি ধৰিবলৈ চেষ্টা কৰিছিলোঁ, ঠিক তেনেদৰে এই ছবিখনতো আমাৰ লোকসংস্কৃতি ওজাপালি আৰু দেওধনী নৃত্য নৱ-প্ৰজন্মৰ সন্মুখত চিনাকি কৰাই দিয়াৰ সমান্তৰালকৈ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ পাৰোঁ তাৰ বাবে এক সামাজিক দায়বদ্ধতাৰে এই ছবিখন নিৰ্মাণ কৰা হৈছে ।"
ছবিখনৰ সন্দৰ্ভত পদ্মশ্ৰী দ্ৰোণ ভূঞাৰ মন্তব্য:
অসমৰ লোকসংস্কৃতিক এক অবিচ্ছেদ্য অংগ ওজাপালি । ওজাপালিৰ এটা ভাগ হ'ল সুকন্নানি ওজাপালি । সুকন্নানি ওজাপালিৰ এক আংগিক উপাদান হ’ল দেওধনী নৃত্য । এই সন্দৰ্ভত ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰা পদ্মশ্ৰী দ্ৰোণ ভূঞা ওজাই কয়,"সমগ্ৰ অসমতে মুঠ ১৪ বিধ ওজাপালি আছে । ইয়াৰে সুকন্নানি ওজাপালিৰ লগতে দেওধনী নৃত্য আছে । 'আইৰণ গাৰ্লছ' ছবিখনত এই সুকন্নানি ওজাপালিৰ লগতে দেওধনী নৃত্য আছে ।"
ইফালে প্ৰথমবাৰৰ বাবে অসমীয়া ছবিত অভিনয় কৰা জেচমিন দাসেও ব্যক্ত কৰে ছবিখনত অভিনয় কৰাৰ অভিজ্ঞতা । উল্লেখ্য যে, ৪ বছৰীয়া পৰিকল্পনাৰে ৰাজেন দাসে নিৰ্মাণ কৰি উলিওৱা এই ছবিখনৰ প্ৰযোজনাও তেওঁ নিজেই কৰিছে । অসমীয়া লোক-সংস্কৃতিৰ ওপৰত নিৰ্মাণ কৰা এইখন তেওঁৰ দ্বিতীয়খন ছবি । ইয়াৰ পূৰ্বে 'লাইফ ইন এ পাপেট'ৰ জড়িতে অসমৰ হেৰাই যাব খোজা পুতলা নাচ সংস্কৃতি তেওঁ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল ।
অসমক গৌৰৱান্বিত কৰি কেৱল লোক-সংস্কৃতিক বিশ্বদৰবাৰত প্ৰসাৰৰ বাবে পৰিচালক ৰাজেন দাসে 'আইৰণ গাৰ্লছ'ক লৈ গৈছিল বিশ্বৰ প্রান্তে প্রান্তে । অসমৰ লোকসংস্কৃতিৰ বিজয় নিচান উৰুৱাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগ' চহৰত আনুষ্ঠিত হোৱা মর্যাদাপূর্ণ দক্ষিণ এছিয়া চলচ্চিত্র মহোৎসৱত বিগত বৰ্ষত 'আইৰণ গাৰ্লছ' ছবিখন প্ৰদৰ্শন হৈছিল । সেইদৰে নাইজেৰিয়া চৰকাৰৰ সাংস্কৃতিক দপ্তৰৰ আমন্ত্রণত আফ্রিকা মহাদেশৰ হলিউদস্বৰূপ ৰাজধানী আবুজাৰ চলচ্চিত্ৰগৃহত 'আইৰন গাৰ্লছ' প্রদর্শন হৈছিল য'ত উপস্থিত আছিল প্রায় ৪০ খন দেশৰ ৰাষ্ট্রদূত, প্রতিনিধিৰ লগতে ভাৰতীয় হাই কমিচনৰ প্ৰতিনিধি ।
নাইজেৰিয়াৰ সাংস্কৃতিক দপ্তৰৰ চলচ্চিত্ৰ সঞ্চালকালয়ে অসমৰ লোক-সংস্কৃতিৰ এই স্বর্ণিল ৰূপ প্ৰত্যক্ষ কৰি পৰিচালকক সন্মানীয় 'জুমা এম্বেছাদৰ' উপাধি প্রদান কৰিছিল । সমান্তৰালভাৱে নতুন দিল্লীৰ এন, এফ, ডি, চি চিনেগৃহত ৰাষ্ট্ৰীয় সংবাদপত্র 'দৈনিক জাগৰণৰ উদ্যোগত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত অসমক গৌৰৱান্বিত কৰি 'ভিলেজ ৰকষ্টাৰ-২'ৰ সৈতে একেলগে প্রদর্শন হৈছিল 'আইৰণ গাৰ্লছ' ।
তাৰোপৰি হিমাচল প্ৰদেশৰ ৰাজ্যপালে 'আইৰণ গাৰ্লছ'ৰ পৰিচালক ৰাজেন দাসৰ হাতত তুলি দিছিল জুৰী শ্রেষ্ঠ ছবিৰ সন্মান । এই মহোৎসৱত উপস্থিত আছিল অসম তনয়া সীমা বিশ্বাস । আন্তঃৰাষ্ট্ৰীয় কেইবাখনো ছবি সমাৰোহত প্ৰদৰ্শিত হৈ সন্মান বুটলিবলৈ সক্ষম হোৱা এই ছবিখনে অসমৰ উঠি অহা প্ৰজন্মক আমাৰ কৃষ্টি-সংস্কৃতিৰ এক সুন্দৰ তথ্য প্ৰদান কৰিব । ইয়াত দ্ৰোণ ভূঞাই নিজেই মুখ্য চৰিত্ৰত অভিনয় কৰিছে ।
ছবিখনৰ সহঃ প্ৰযোজকৰ দায়িত্ব বহন কৰিছে মিনাক্ষী দাসে ৷ পদ্মশ্ৰী দ্ৰোণ ভূঞাৰ লগতে আশা বৰদলৈ, মৃদুল বৰুৱা, জেচমিন দাস, দিপান্বিতা দাস, বিশাল স্বৰ্গীয়াৰী, তৰুণ আজাদ ডেকা, প্ৰকাশ ঠাকুৰীয়া আদিয়ে ইয়াত অভিনয় কৰিছে । এই ছবিখনত সীমা ডেকা, প্ৰিয়ংকা দাস, নেহা চহৰীয়া, ময়ুৰী শিৱম নাথ আদিৰ দৰে প্ৰকৃততেই দেওধনী নৃত্যৰ সৈতে জড়িত দেওধনী শিল্পীয়ে অভিনয় কৰিছে ৷ ছবিখনৰ চাউণ্ড ডিজাইন কৰিছে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত দেৱজিৎ গায়নে ৷ সংগীত সৌৰভ মহন্তৰ, সম্পাদনা ধীৰাজ মজুমদাৰৰ আৰু ডিআই শ্যামল দাসৰ ৷

