ETV Bharat / entertainment

আন্তৰ্জাতিক নাৰী দিৱস: এইকেইখন অসমীয়া ছবিয়ে দাঙি ধৰিছিল সমাজত নাৰীৰ গুৰুত্ব

চিনেমা এখন সমাজৰ বাৰ্তাবাহক ৷ অসমীয়া চলচ্চিত্ৰ উদ্যোগে এনে বহু ছবি আগবঢ়াইছে যিয়ে সমাজ সংস্কাৰৰ দিশত বহু কাম কৰিছে ৷

Some of the women-centric films of the Assamese film industry
অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ নাৰীকেন্দ্ৰিক কেইখনমান ছবি (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : March 8, 2025 at 1:41 PM IST

8 Min Read
Choose ETV Bharat

হায়দৰাবাদ : আজি আন্তৰ্জাতিক নাৰী দিৱস ৷ অতীতৰে পৰা নাৰীয়ে সহ্য কৰি অহা অত্যাচাৰ, নাৰী-পুৰুষৰ মাজত তুলনাত্মক চিন্তাধাৰা, সমাজত নাৰীৰ স্থান আদি বিষয়ত গুৰুত্ব প্ৰদান কৰে এই আন্তৰ্জাতিক নাৰী দিৱসে ৷ এখন সমাজত প্ৰকৃতাৰ্থত নাৰীৰ স্থান- অতীজৰে পৰা আজি পৰ্যন্ত ই এটা বিতৰ্কিত বিষয় ৷ পিছে সময়ে সময়ে নিজৰ অধিকাৰৰ বাবে নাৰীয়ে মাত মাতি আহিছে ৷ কেৱল নাৰীয়েই যে নাৰীৰ বাবে মাত মাতিছে তেনে নহয় বহু সচেতন পুৰুষেও নাৰীৰ বাবে আগবাঢ়ি আহি সমাজৰ বিপক্ষে থিয় দিছে ৷

এইক্ষেত্ৰত আমি উদাহৰণ হিচাপে ক’ব পাৰো চলচ্চিত্ৰ নিৰ্মাতাৰ কথা ৷ বহু পুৰুষ চলচ্চিত্ৰ নিৰ্মাতাই চিনেমাৰ জৰিয়তে মানৱ জীৱনত মহিলাৰ গুৰুত্বপূৰ্ণ অৱদানৰ কথা উপস্থাপন কৰিছে ৷ চাবলৈ গ’লেতো আমি নাৰীয়েই সৃষ্টি চলাই নিছে বুলি ক’ব পাৰো ৷ নাৰীতো কেৱল সন্তান জন্ম দিয়াৰ আহিলা নহয় ৷ পৃথিৱীৰ প্ৰতিগৰাকীয়ে নাৰীয়ে যদি সন্তান জন্ম নিদিও বুলি পণ লয়, এই পৃথিৱীৰ জানো কিবা অৰ্থ থাকিব ?

অন্য চলচ্চিত্ৰ উদ্যোগসমূহৰ দৰে জলীউডেও নাৰীকেন্দ্ৰিক বহু চিনেমা কৰিছে ৷ তাৰে কেইখনমানত চকু ফুৰাও আহক-

অগ্নিস্নান :

১৯৮৫ চনত মুক্তিপ্ৰাপ্ত ভবেন্দ্ৰনাথ শইকীয়া পৰিচালিত এখন ড্ৰামাভিত্তিক অসমীয়া চলচ্চিত্ৰ । শইকীয়াৰ অন্তৰীপ নামৰ গল্পৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছিল । চলচ্চিত্ৰখনত ইন্দ্ৰ বণিয়া, কাশ্মীৰি শইকীয়া বৰুৱা, মলয়া গোস্বামী, বিজু ফুকনৰ বলিষ্ঠ অভিনয় দেখিবলৈ পোৱা গৈছিল ।

ভবেন্দ্ৰনাথ শইকীয়াই চলচ্চিত্ৰখনৰ বাবে ১৯৮৫ চনৰ শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে আৰু চলচ্চিত্ৰখনে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) লাভ কৰে ।

ছবিখনৰ কাহিনী মনোবৈজ্ঞানিক । দ্বিতীয় বিবাহ কৰিবলৈ মন মেলা এজন সম্পদশালী ব্যৱসায়ীৰ সিদ্ধান্তই তেওঁৰ প্ৰথমা পত্নী আৰু পুত্ৰৰ মনত তীব্ৰ খং আৰু আশ্চৰ্যৰ সৃষ্টি কৰে । স্বামীৰ প্ৰতি তেওঁৰ অপৰিসীম প্ৰেম থকাৰ পিছতো প্ৰথমা পত্নীয়ে প্ৰৱঞ্চনা পোৱা যেন অনুভৱ কৰে আৰু তেওঁ ইয়াৰ প্ৰতিশোধ লয় ।

সন্মান

  • 'ভাৰতীয় পেনোৰামা'লৈ নিৰ্বাচিত ।
  • ফ্ৰান্সৰ নেণ্টিছ চলচ্চিত্ৰ মহোৎসৱৰ বাবে নিৰ্বাচিত ।
  • বাংলাদেশৰ ঢাকা চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত ।

কোলাহল :

১৯৮৯ চনত মুক্তিপ্ৰাপ্ত ভবেন্দ্ৰনাথ শইকীয়াৰ পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ । শইকীয়াই ১৯৬৯ চনত লিখা এন্দুৰ নামৰ গল্পৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হয় ৷ অভিনয়ত আছে ৰুণু দেৱী ঠাকুৰ, অৰুণ নাথ, বিভূ ৰঞ্জন চৌধুৰী আদি । চলচ্চিত্ৰখনে ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ছবি মহোৎসৱত অসমীয়া ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) লাভ কৰে ।

কৰ্মৰ সন্ধানত ঘৰৰ পৰা আঁতৰত থাকে কিৰণৰ স্বামী ৷ একমাত্ৰ সন্তানৰ ওপৰতে ভৰষা কৰি জীৱনত আগবাঢ়ি গৈ থকাৰ মাজতে হঠাৎ বিধাতাই কাঢ়ি নিয়ে সন্তানকো ৷ পুৰুষ নথকা ঘৰখনত কিৰণৰ কাষ চাপিবলৈ উদ্বাউল হৈ থাকে ওচৰৰে বহু লোক ৷ কিছুদিনৰ পাছত খবৰ পাই যে গিৰীয়েকেও অইন এগৰাকী মহিলাৰ লগত থাকিবলৈ লয় ৷ সংকটৰ এই মুহূৰ্তত কাষ চাপি আহে এজন পুৰুষ যিয়ে কিৰণক বিয়া কৰাব বিচাৰে ৷ জীৱনৰ এই কঠিন সময়ত কিৰণে কি সিদ্ধান্ত লয় আৰু সেই সিদ্ধান্তই কেনেধৰণৰ ভূমিকা পালন কৰে-সেইয়াই মূলতঃ কোলাহলৰ কাহিনী ৷

সন্মান

  • মহিলাৰ সংঘৰ্ষৰ সাহসী বিষয়টোৰ বাবে কোলাহলক ১৯৮৮ চনৰ অসমীয়া ভাষাৰ শ্ৰেষ্ঠ কাহিনী-চিত্ৰৰ বঁটা প্ৰদান কৰা হয় ৷
  • ছবিৰ পৰিচালক আৰু প্ৰযোজক হিচাপে ৰজত কমল বঁটা লাভ কৰে ড৹ শইকীয়াই ৷
  • ১৯৮৮ চনৰ 'ভাৰতীয় পেনোৰামা'লৈয়ো নিৰ্বাচিত হয় ছবিখন ।

অদাহ্য :

মামণি ৰয়ছম গোস্বামীৰ ৰচিত উপন্যাস দঁতাল হাতীৰ উঁয়ে খোৱা হাওদাৰ আধাৰত নিৰ্মিত সান্ত্বনা বৰদলৈৰ দ্বাৰা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ । ১৯৯৬ চনত এই চলচ্চিত্ৰখন মুক্তি দিয়া হয় ।

চলচ্চিত্ৰখনৰ কাহিনী ১৯৪০ চনৰ অসমৰ পৰিস্থিতিৰ ওপৰত । তিনিগৰাকী বিধৱা তিৰোতাই সেইসময়ৰ সমাজৰ নীতি-নিয়মবোৰৰ মাজেৰে কেনেদৰে দুৰ্বিষহ জীৱন যাপন কৰে সেয়াই ছবিখনত দেখুওৱা হৈছে ।

সন্মান

  • অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা
  • বিচাৰকৰ বিশেষ বঁটা (১৯৯৭)
  • এছিয়ান চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠা মহিলা পৰিচালক হিচাপে ড॰ সান্ত্বনা বৰদলৈ "Silver Peacock" বঁটা (১৯৯৭)
  • চলচ্চিত্ৰৰ চিত্ৰগ্ৰহণকাৰী মৃণাল কান্তি দাসলৈ "শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰীৰ বঁটা", ১৯৯৭
  • শ্বেৰ চৌধুৰীলৈ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাজ্যিক বঁটা, ১৯৯৭

তেজীমলা :

লক্ষ্মীনাথ বেজবৰুৱাৰ তেজীমলা সাধুৰ আধাৰত ১৯৬৩ চনত মুক্তি পোৱা এখন নাৰীকেন্দ্ৰিক ছবি । ছবিৰ পৰিচালক আছিল আনোৱাৰ হুছেইন । তেজীমলাই আঞ্চলিক ছবিৰ শিতানত শ্ৰেষ্ঠ অসমীয়া ছবি হিচাপে ৰাষ্ট্ৰপতিৰ “চাৰ্টিফিকেট অফ মেৰিট” লাভ কৰে ।

তেজীমলা সাধুৰ আধাৰত ৰচনা কৰা হৈছে যদিও বাস্তৱসন্মত কৰাৰ খাটিৰত যথেষ্ট সালসলনি কৰা হৈছে । ইন্দিৰা বৰুৱা, বীণা বৰুৱা, অনুৰাধা দেৱী, ৰোহিনী বৰুৱা, জিতেন্দ্ৰ কুমাৰ, মফিদা বেগম অভিনীত ছবিখন দৰ্শকে খুব প্ৰশংসা কৰিছিল ৷

সন্মান

  • ছবিখনে ১০ম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ (১৯৬২) অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবি শিতানত “চাৰ্টিফিকেট অফ মেৰিট” লাভ কৰে ।

আকাশীতৰাৰ কথাৰে :

২০০৩ চনৰ ১৪ নৱেম্বৰত মুক্তি লাভ কৰা এখন অসমীয়া ভাষাৰ কথাছবি । ছবিখনৰ কাহিনী-চিত্ৰনাট্য আৰু গৱেষণা হৈছে মঞ্জু বৰাৰ । ছবিখনৰ এটি গীতত কণ্ঠদান কৰি ছবিখনৰ সংগীত পৰিচালক তৰালি শৰ্মাই ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ নেপথ্য গায়িকাৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল ।

ছবিখনৰ কাহিনীভাগ এগৰাকী উচ্চাকাংক্ষী যুৱতী আকাশীতৰাৰ জীৱনক কেন্দ্ৰ কৰি ঘূৰি থাকে । স্বাধীনচিতীয়া মনৰ আকাশীতৰাই বৈবাহিক বান্ধোনত সোমাই পৰাৰ পাছতেই তেওঁৰ স্বতন্ত্ৰতাত বাধা আহি পৰে । স্বামী ৰাঘৱ চৌধুৰীৰ স্বেচ্ছাচাৰী আৰু অবাঞ্ছিত ব্যৱহাৰে আকাশীতৰাৰ মৰ্যাদা প্ৰতিটো মুহূৰ্ততে বিনষ্ট কৰে । ব্যক্তিগত স্বাধীনতা হেৰুৱাই আকাশীতৰা ক্ৰমাৎ হতাশাগ্ৰস্ত হৈ পৰে আৰু বৈবাহিক জীৱনটোৰ পৰা তেওঁ লাহে লাহে পৃথক হৈ আহে । অপৰ্ণা দত্ত চৌধুৰী, বিষ্ণু খাৰঘৰীয়া, প্ৰাঞ্জল শইকীয়া, অনুপ হাজৰিকা, অংকুৰ বিষয়া, ৰীণা বৰা, পৰাগ বৰুৱা আদি তাৰকাৰ সমাহাৰেৰে ছবিখন এখন প্ৰশংসিত ছবি ৷

সন্মান

  • চেঞ্চৰ বৰ্ডৰ পৰা 'এ' প্ৰমাণপত্ৰ লাভ কৰা ছবিখনে আঞ্চলিক ভিত্তিত শ্ৰেষ্ঠ ছবিৰ ৰজত কমল বঁটা লাভ কৰে ।
  • ২০০৪ চনত অনুষ্ঠিত হোৱা ৫১ সংখ্যক ৰাষ্ট্ৰীয় ছবি মহোৎসৱত ছবিখনৰ পৰিচালক মঞ্জু বৰা আৰু প্ৰযোজক সংগীতা তামুলীয়ে পুৰস্কাৰ হিচাপে ৰজত কমল বঁটা লাভ কৰে ।

জয়মতী :

১৯৩৫ চনত মুক্তি পোৱা প্ৰথমখন অসমীয়া কথাছবি । লক্ষ্মীনাথ বেজবৰুৱাৰ ১৭ শতিকাৰ অসমৰ 'সতী জয়মতী' নাটকৰ ওপৰত ভিত্তি কৰি, জ্যোতিপ্ৰসাদ আগৰৱালাই এই ছবিখন প্ৰযোজনা আৰু পৰিচালনা কৰিছিল । আইদেউ সন্দিকৈয়ে এই ছবিত মূল নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছিল । ১৯৩৩ চনত ছবিখনৰ কাম আৰম্ভ কৰা হয় আৰু মুক্তি দিয়া হয় ১৯৩৫ চনত ।

সোতৰ শতিকাৰ অসম বুৰঞ্জীৰ এটি অধ্যায়ক আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা এই কথাছবিখনত জয়মতীৰ কাহিনী দৰ্শোৱা হৈছে । কাহিনীটো বুৰঞ্জীমূলক হ'লেও ছবিখনত ইয়াক সমকালীন ভাৰতবৰ্ষৰ ৰাজনৈতিক পৰিস্থিতিৰ লগত তুলনা কৰা দেখা যায় ।

ফিৰিঙতি :

১৯৯২ চনত মুক্তিপ্ৰাপ্ত জাহ্নু বৰুৱা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ । প্ৰযোজক শৈলধৰ বৰুৱা আৰু মুখ্য ভূমিকাত অভিনয় কৰিছে মলয়া গোস্বামীয়ে । চলচ্চিত্ৰখনে দ্বিতীয় শ্ৰেষ্ঠ বোলছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰাৰ লগতে মলয়া গোস্বামীয়েও শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে ।

বোলছবিখনৰ কাহিনী ১৯৬২ চনৰ চীন-ভাৰত যুদ্ধৰ প্ৰাক-ক্ষণৰ । ঋতু (মলয়া গোস্বামীয়ে) এগৰাকী বিধৱা শিক্ষয়িত্ৰীৰ চৰিত্ৰ ৰূপায়ন কৰে ৷ স্বামীৰ মৃত্যুৰ পাছত প্ৰধানকৈ হতাশাৰ পৰা হাত সাৰিবলৈহে ঋতুৱে শিক্ষকতাৰ বৃত্তিত যোগ দিছিল । চীন-ভাৰতৰ যুদ্ধৰ সময়ত এজন লোকে চহৰত চাকৰি হেৰুৱাই গাঁৱলৈ ঘূৰি আহি বিদ্যালয়খন ঋতুৰ পৰা কাঢ়ি ল'ব বিচাৰে ৷ ঋতুৱে সকলো ভাবুকি আৰু শাৰীৰিক অত্যাচাৰৰ বিৰুদ্ধে সাহসেৰে সন্মুখীন হোৱাত মানুহজনে তেওঁৰ বন্ধুবৰ্গৰ সৈতে মিলি বিদ্যালয়খনত অগ্নিসংযোগ কৰে । শেষত গাঁওবাসীয়ে ঋতুক প্ৰতিশ্ৰুতি দিয়ে যে তেওঁলোকে এই বিদ্যালয়গৃহ পুনৰ নিৰ্মাণ কৰি উলিয়াব আৰু কোনো জুইয়ে জ্ঞানৰ ফিৰিঙতিক আকৌ নিৰ্বাপন কৰিব নোৱাৰে । মলয়া গোস্বামী, বিষ্ণু খাৰঘৰীয়া, হেমেন চৌধুৰী, ইনু বৰুৱা, চেতনা দাসে ছবিখনত অভিনয় কৰিছিল ৷

সন্মান

  • ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা – দ্বিতীয় শ্ৰেষ্ঠ চলচ্চিত্ৰ
  • ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা - শ্ৰেষ্ঠ অভিনেত্ৰী : মলয়া গোস্বামী

এই বিশেষ দিনটোত আহকচোন আমি সকলোৱে শপত লও যে কেৱল এটা বিশেষ দিন নাৰীৰ নামত উছৰ্গা কৰি উৎসৱ হিচাপে উদযাপন নকৰি নাৰীক প্ৰতিদিনেই সন্মান সহিতে উদযাপন কৰো ৷

লগতে পঢ়ক : অত্যাধুনিক কাৰিকৰী কৌশলৰ বিপৰীতে সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত নাট মহোৎসৱ