গুৱাহাটী : এন কে মিডিয়াৰ বেনাৰত নানান পাচনিৰ পৰিচালনাৰে শীঘ্ৰে আহি আছে নতুন অসমীয়া ছবি ‘‘NRC নলপাৰাৰ ৰাম চন্দ্ৰ’’ । কমেডি আৰু সমাজত সজাগতা বিয়পোৱা কাহিনীক লৈ নিৰ্মিত এই ছবিখনৰ কাহিনী বেদব্ৰত বৰাৰ ।
সম্ভৱত জুলাইৰ মাজ ভাগত ৰাজ্যৰ প্ৰতিটো ছবিগৃহতে মুক্তি লাভ কৰিব এই নতুন অসমীয়া ছবিখনে । ইটিভি ভাৰতৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত বেদব্ৰত বৰাই জনালে ছবিখনৰ সন্দৰ্ভত কিছু কথা ।
কাহিনীৰ আধাৰ কি ?
‘‘NRC নলপাৰাৰ ৰাম চন্দ্ৰ’’ ছবিখনৰ কাহিনী হৈছে অভিনতা বেদব্ৰত বৰাৰ । ছবিখনৰ কাহিনীৰ আধাৰ সন্দৰ্ভত বৰাই কয়, "যিহেতু ছবিখনৰ নামটো আমাৰ NRC নলপাৰাৰ ৰাম চন্দ্ৰ, গতিকে কাহিনীটোৱে ক’ৰ’বাত হয়তো আমাৰ প্ৰকৃত যিখন NRC সেইখনক অকমান চুই গৈছে; কিন্তু কাহিনীটো সম্পূৰ্ণ আমাৰ NRC খনৰ ওপৰতো নহয় । সেই কাৰণে ছবিখনৰ দুটা নাম NRC নলপাৰাৰ ৰাম চন্দ্ৰ । এখন গাঁৱৰ কাহিনী য'ত NRCৰ সময়তে হওক বা হঠাৎ এটা নিয়ম আহিলে সেই নিয়মটোৱে বাকীখিনি সময়ত বাকীখিনি মানুহৰ ওপৰত কেনেধৰণে প্ৰভাৱ পেলাব ।"

তেওঁ পুনৰ কয়, "আমি মানুহবোৰ সকলোৱে এটা নিয়মৰ ওচৰত বন্দী নেকি ? আমি NRCক অকমান বেলেগ ধৰণে চাইছো । এনেধৰণৰ কিছু কথাৰ আধাতে ছবিখনত নিৰ্মাণ কৰা হৈছে । এখন গাঁৱৰ পটভূমিত সৃষ্টি হোৱা এটা কাহিনী য'ত দৰ্শকে ক'ৰবাত নহয় ক'ৰবাত নিজকে বিচাৰি পাব ।’’
ছবিখনৰ পৰিকল্পনা কিমান দিনৰ ?
এই সন্দৰ্ভত বৰাই কয়, "ছবিখনৰ পৰিকল্পনা ছবিখন নিৰ্মাণৰ প্ৰায় এবছৰ পূৰ্বৰ পৰাই আছিল; কিন্তু বিভিন্ন কাৰণত আমি কামটো আগবঢ়াব পৰা নাছিলো । ছবিখনৰ নিৰ্মাণৰ বাবে প্ৰযোজক পোৱাৰ প্ৰায় তিনি মাহৰ ভিতৰতে ছবিখন নিৰ্মাণ কৰা হৈছে ।"
ছবিখনৰ সন্দৰ্ভত বেদব্ৰত বৰাৰ অনুভৱ কি ?
সাধাৰণতে নিজৰ অভিনয় শৈলীৰে দৰ্শকৰ মন মুগ্ধ কৰা বেদব্ৰত বৰাক এই ছবিখনত অভিনেতা হিচাপে দৰ্শকে দেখিবলৈ নাপাব । ইয়াৰ সলনি এটা অন্য ৰূপতহে দৰ্শকে পাব অভিনেতাগৰাকীক । ছবিখনৰ যিহেতু কাহিনী বেদব্ৰত বৰাৰ ।
এই সন্দৰ্ভত বৰাই কয়, "মই এই লাইনত অহাৰ মূল উদ্দেশ্য আছিল যে মই কাহিনী ক'ব বিচাৰো । সেয়ে প্ৰথমাৱস্থাত youtubeৰ মাধ্যমেৰে মই নিজে লিখি অভিনয় কৰিছিলো । অৱশ্যে এই ক্ষেত্ৰত মই ক’তো শিকা নাই, কেৱল কাহিনীটো ক'ব বিচাৰো কাৰণে কৰিছো । এইটো মোৰ কাৰণে বহু ডাঙৰ কথা । যিসকল অভিনেতাক দেখি মই ডাঙৰ হৈছো তেওঁলোকে মই ভবা কাহিনীটো জীয়াই তুলিছে সেইটোৱে মোৰ বাবে ডাঙৰ কথা ।"

উল্লেখ্য় যে, ধাৰাবাহিক আৰু ৱেব ছিৰিজ জগতত নিজৰ সুকীয়া চিনাকী গঢ়ি তোলা নানান পাচনিৰ পৰিচালনাৰে আহিবলগা "নলপাৰাৰ ৰাম চন্দ্ৰ" ছবিখনৰ দৃশ্যগ্ৰহণ গোলাঘাটৰ বিভিন্ন ঠাইত কৰা হৈছে । এই ছবিখনত অভিনয় কৰিছে সিদ্ধাৰ্থ শৰ্মা, জয়ন্ত ভাগৱতী, পংকজ মহন্ত, বৈভৱী গোস্বামী, উপকূল বৰদলৈ আৰু জলী লস্কৰে । আনহাতে ছবিখনৰ সংগীত কৰিব অৰূপ জ্যোতি বৰুৱা, প্ৰণয় দত্ত আৰু অৰ্ণৱ বশিষ্ঠৰ লগতে আৱহ সংগীতৰ দায়িত্বত আছে অৰূপজ্যোতি বৰুৱা ।