Bihar Election Results 2025

ETV Bharat / entertainment

নাহৰকটীয়াত নক্তে জনগোষ্ঠীয়ে প্ৰদৰ্শন কৰিলে ভাওনা

Srimanta Sankardeva:মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ভাওনাই কঢ়িয়াই আনিছে পাহাৰ- ভৈয়ামৰ সম্প্ৰীতিৰ বাৰ্তা । জয়পুৰ নক্তে গাঁৱত প্ৰদৰ্শন কৰা হয় "নৰোত্তমৰ গুৰু লাভ" শীৰ্ষক ভাওনা ।

Bhaona in Jaipur Nakte village
জয়পুৰ নক্তে গাঁৱত ভাওনা
author img

By ETV Bharat Assamese Team

Published : February 25, 2024 at 8:55 PM IST

2 Min Read
Choose ETV Bharat
জয়পুৰ নক্তে গাঁৱত ভাওনা

মৰাণ, ২৫ ফেব্ৰুৱাৰীঃ গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাওনাই বিশ্বতে সমন্বয়ৰ সেঁতু গঢ়িছে । যি সময়ত একাংশই তথাকথিত আধুনিকতাৰ প্ৰভাৱত পৰি নিজৰ কৃষ্টি সংস্কৃতি সভ্যতা পাহৰি পেলাইছে, তেনে সময়তে নক্তে জনগোষ্ঠীয় এখন গাঁৱৰ ৰাইজে গুৰুজনাক জীয়াই ৰাখিবলৈ আগবাঢ়ি আহিছে । ইয়াৰেই অংশৰূপে নক্তে জনগোষ্ঠীৰ যুৱক-যুৱতীসকলে প্ৰথমবাৰলৈ প্ৰদৰ্শন কৰিলে ভাওনা ।

নক্তে জনগোষ্ঠীৰ যুৱক-যুৱতীসকলে ধৰ্মীয় নীতি-নিয়মেৰে ভাওনা অনুষ্ঠিত কৰা কাৰ্যই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে । পাহাৰ-ভৈয়ামৰ সম্প্ৰীতি আৰু সমন্বয়ৰ বাৰ্তা বিলাই শনিবাৰে নিশা নাহৰকটীয়াৰ জয়পুৰ নক্তে গাঁৱত প্ৰদৰ্শন কৰা হয় "নৰোত্তমৰ গুৰু লাভ" শীৰ্ষক ভাওনা । উল্লেখযোগ্য যে ১৭ শ শতিকাত অৰুণাচল প্ৰদেশৰ নামচাঙৰ ৰজা লুথা খুনবাওঁয়ে তেওঁৰ আদিগুৰুয়ে সপোনত দিয়া নিৰ্দেশ অনুযায়ী ডিব্ৰুগড় জিলাৰ চাচনীৰ শ্ৰী শ্ৰী চলিহা বাৰেঘৰ সত্ৰৰ অধিকাৰ শ্ৰীৰাম আতাৰ ওচৰত শৰণ লৈ বৈষ্ণৱ পন্থা গ্ৰহণ কৰিছিল । এই নক্তে সকলৰে এটা অংশ ব্ৰিটিছৰ কালতে নাহৰকটীয়াৰ জয়পুৰৰ বুঢ়ীদিহিঙৰ পাৰত গাঁও সাজি বাস কৰি আহিছে ।

এই গাঁওবাসীয়ে যোৱা নিশা গাঁওখনত অনুষ্ঠিত কৰে "নৰোত্তমৰ গুৰু লাভ" শীৰ্ষক এক ভাওনা । দিহিংকিনাৰ নগা (নক্তে) গাঁৱৰ উদ্যোগত, নক্তে বাৰেঘৰ সাংস্কৃতিক সমাজ আৰু সাৰংগ নাট্যগোষ্ঠী, চাচনীৰ সহযোগত অনুষ্ঠিত কৰা এই ভাওনাত অভিনয় কৰে গাঁওখনৰে নক্তে যুৱক- যুৱতী সকলে, যাৰ বাবে গাঁওবাসীয়ে প্ৰায় এমাহ ধৰি আখৰা কৰাৰ লগতে ভাৱৰীয়া সকলেও বিভিন্ন নীতি নিয়ম পালন কৰে । উল্লেখযোগ্য যে আজি পুৱতি নিশা লৈকে অনুষ্ঠিত ভাওনাত সহস্ৰাধিক লোকে উপভোগ কৰাৰ লগতে নক্তে লোকসকলৰ এই পদক্ষেপৰ ভূয়সী প্ৰশংসা কৰে ।

লগতে পঢ়ক:ভৱিষ্যত কেৱল NDAৰ হে আছে : মন্ত্ৰী কেশৱ মহন্ত