ETV Bharat / entertainment

কাঁ ২০২৫ ত অভিষেক ঘটালে লাপাতা লেডীজৰ ফুল কুমাৰীয়ে - NITANSHI GOEL CANNES 2025 LOOK

‘লাপাতা লেডীজ’ৰ তাৰকা নিতাংশী গোয়েলে এইবছৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত অভিষেক ঘটালে । অভিনেত্ৰীগৰাকীৰ চেহেৰাটো চাওঁ আহক…

NITANSHI GOEL debut in CANNES 2025
নিতাংশী গোয়েল (Photo : IANS)
author img

By ETV Bharat Entertainment Team

Published : May 16, 2025 at 3:13 PM IST

2 Min Read

হায়দৰাবাদ : ৭৮ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱত প্ৰথমবাৰৰ বাবে খোজ দিয়ে ‘লাপাতা লেডীজ’ৰ তাৰকা নিতাংশী গোয়েলে । ১৫ মে’ত কাঁ চলচ্চিত্ৰ মহোৎসৱ ২০২৫ৰ ৰেড কাৰ্পেটত নিতাংশীয়ে অভিষেক ঘটায় । তেওঁ কেৱল ষ্টাইলিছ লুকেই ধাৰণ কৰা নাছিল, বৰঞ্চ বলীউডৰ কেইগৰাকীমান প্ৰবীণ অভিনেত্ৰীকো নিজৰ সাজৰ উপস্থাপনেৰে সন্মান জনায় ।

লাপাতা লেডীজৰ তাৰকাগৰাকীয়ে কাঁ মহোৎসৱত তেওঁৰ অভিষেক প্ৰখ্যাত অভিনেত্ৰীসকলৰ নামত উৎসৰ্গা কৰে । ১৭ বছৰীয়া নিতাংশীৰ কাঁত আত্মপ্ৰকাশৰ ৰূপটো চাওঁ আহক…

নিজৰ গ্লেমাৰাছ ষ্টাইলেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল নিতাংশী গোয়েলে । কাঁ ৰ পৰা প্ৰকাশ পাইছে নিতাংশীৰ দুটা লুক । ৰেড কাৰ্পেটত এটা লুক দেখা গৈছে আৰু আনটো লুক ফ্ৰেঞ্চ ৰিভিয়াৰাৰ পৰা আহিছে, যিটো যথেষ্ট আকৰ্ষণীয় আছিল । কাঁ ৰ ইণ্ডিয়ান পেভিলিয়নত আইভৰী শাৰী পিন্ধে নিতাংশীয়ে । তেওঁৰ লুকটো কেৱল ষ্টাইলিছেই নাছিল, হিন্দী চিনেমাৰ সোণালী যুগৰ এক সুন্দৰ আভাসো আছিল ।

নিতাংশীৰ লুকটোক আকৰ্ষণীয় কৰি তোলা বস্তুটো আছিল তেওঁৰ হেয়াৰষ্টাইল । মুকুতাৰ দীঘল মালাত ওলমি আছিল প্ৰবীণ অভিনেত্ৰী কেইগৰাকীমানৰ মুখৰ ফটো ৷

নিতাংশীৰ ৰূপটোক আকৰ্ষণীয় কৰি তুলিবলৈ মধুবালা, শ্ৰীদেৱী, মীনা কুমাৰী, ৰেখা, ৱাহিদা ৰেহমান, নুতন, হেমা মালিনী আৰু বৈজ্যন্তীমালাকে ধৰি বলীউডৰ কেইগৰাকীমান বিখ্যাত অভিনেত্ৰীৰ চেহেৰা থকা পিন সংলগ্ন কৰা হৈছিল । এই লুকটো আছিল সোণালী সময়ৰ সৌন্দৰ্য আৰু আধুনিক ফেশ্বনৰ এক নিখুঁত সংমিশ্ৰণ । নিতাংশীৰ কাঁ ২০২৫ৰ অভিষেক স্মৰণীয় কৰি তোলে এই লুকে ।

একে সময়তে কাঁ ৰ সন্ধিয়া সম্পূৰ্ণ বেলেগ ৰূপত দেখা গ’ল নিতাংশীক । ১৫ মে’ত কাঁৰ ৰেড কাৰ্পেটত নিতাংশীয়ে পিন্ধে ক’লা ৰঙৰ অফ শ্ব’ল্ডাৰ গাউন য’ত সোণালী ৰঙৰ এম্ব্ৰয়ডাৰী কৰা আছে । চুলিখিনি পনিটেইল কৰি বান্ধি থোৱা আছিল আৰু সূক্ষ্ম মেকআপৰ সৈতে এটা গ্লেমাৰাছ স্পৰ্শ দিছিল ।

৭৮ সংখ্যক ফেষ্টিভেল ডি কাঁ ত অংশগ্ৰহণ কৰা ভাৰতীয় অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম কনিষ্ঠ অভিনেত্ৰী নিতাংশী । এইবাৰ ভাৰতৰ বহু চেলেব্ৰিটীয়ে ৭৮ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱত শোভা বঢ়াইছে ।

ঐশ্বৰ্য ৰায় বচ্চন, কৰণ জোহৰ, জাহ্নৱী কাপুৰ, ঈশান খট্টৰ, জেকলিন ফাৰ্ণাণ্ডেজ, অদিতি ৰাও হাইদাৰীকে ধৰি আন বহু চেলেব্ৰিটীয়ে কাঁ ২০২৫ৰ ৰেড কাৰ্পেটত নিজৰ উপস্থিতি নিশ্চিত কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক : ভাৰত ভ্ৰমণত অভিভূত মিছ ৱৰ্ল্ড ২০২৫ প্ৰতিযোগীসকল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.