ETV Bharat / entertainment

ভাতৃ হিচাপে কণ্ঠশিল্পী নীলোৎপল বৰাই কি উপদেশ দিলে পদ্মনাভ বৰদলৈক ? - NILOTPAL BORA ON PADMANAV BORDOLOI

কণ্ঠশিল্পী পদ্মনাভ বৰদলৈৰ ‘কৰোঁ কৰোঁ লাগে’ ই তোলপাৰ লগাইছে সামাজিক মাধ্যম । চৰ্চাৰ মাজতে আন এগৰাকী কণ্ঠশিল্পী নীলোৎপল বৰাই পদ্মনাভক দিছে এটা উপদেশ ।

Nilotpal Bora gives piece of advice to Padmanav Bordoloi amid latters KORU KORU LAGE song controversy
পদ্মনাভলৈ উপদেশ নীলোৎপলৰ (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : March 24, 2025 at 4:42 PM IST

2 Min Read

গুৱাহাটী : ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠিত অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী পদ্মনাভ বৰদলৈ । এইগৰাকী শিল্পীৰ সংগীতক্ষেত্ৰত আছে এক সুকীয়া পৰিচয় । ‘সা ৰে গা মা পা’, ‘ইণ্ডিয়ান আইডল’ আদিকে ধৰি বহু কেইটা ৰিয়েলিটী শ্ব'ত অসমক প্ৰতিনিধিত্ব কৰিছে পদ্মনাভ বৰদলৈয়ে ।

ৰিয়েলিটী শ্ব’ ‘ইণ্ডিয়ান আইডল’ৰ অসমৰ প্ৰথমগৰাকী ফাইনেলিষ্ট হৈছে পদ্মনাভ বৰদলৈ । আনহাতে সা ৰে গা মা পাৰ টপ ৮ (TOP 8) ফাইনেলিষ্ট আছিল কণ্ঠশিল্পীগৰাকী ।

Nilotpal Bora gives piece of advice to Padmanav Bordoloi amid latters KORU KORU LAGE song controversy
পদ্মনাভলৈ উপদেশ নীলোৎপলৰ (Photo : Facebook)

শেহতীয়াকৈ কণ্ঠশিল্পীগৰাকীৰ এটি গীত ‘কৰোঁ কৰোঁ লাগে’ ক লৈ সামাজিক মাধ্যমত চলি আছে বহুল চৰ্চা । চলিত মাহৰ জানুৱাৰী মাহত মুক্তিলাভ কৰা এই গীতটোৱে মুক্তিৰ পিছতে যথেষ্ট চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে । কোনোবাই কৰিছে ইতিবাচক মন্তব্য, আনহাতে আন কোনোবাই নেতিবাচক মন্তব্যৰে থকা-সৰকা কৰিছে পদ্মনাভক । জনপ্ৰিয় হ’বলৈ পদ্মনাভ বৰদলৈৱে কিয় ‘কৰোঁ কৰোঁ লাগে’ বুলি গীতৰ নাম ৰাখিবলগীয়া হৈছে তাক লৈ এতিয়া প্ৰশ্ন কৰিছে বহুজনে ।

কণ্ঠশিল্পীগৰাকীক লৈ চলি থকা সমালোচনাৰ মাজতে বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ লগত এখন ফটো আপলোড কৰি কণ্ঠশিল্পীগৰাকীয়ে উল্লেখ কৰে, “শ্বাহৰুখ খানৰ সৈতে একেই মঞ্চত ভাগ লোৱাটো সদায় বিশেষ । কিছুমান কুকুৰে ভুকিলেও, হাতী নিজৰ সফলতাৰ পথত আগবাঢ়ি যাবই ।”

পদ্মনাভ বৰদলৈৰ এই পোষ্টত আন এগৰাকী কণ্ঠশিল্পী নীলোৎপল বৰাই পদ্মনাভক দিছে এটা উপদেশ । নীলোৎপল বৰাই লিখিছে, “পদ্মনাভ দা, তুমি ফটোখন নিজেই আপলোড কৰিছা যেতিয়া তোমাৰ দায়িত্বও বাঢ়িল । তোমাক ৰাইজে এনেকৈ গালি পৰা দেখি খুবেই দুখ পাইছোঁ, ইমান ধুনীয়াকৈ সংগীতৰ কেৰিয়াৰ আৰম্ভ কৰি কিয় আজি সস্তীয়া জনপ্ৰিয়তাৰ দৌৰত নামি ‘কৰোঁ কৰোঁ লাগে’ ৰ দৰে গীত সৃষ্টি কৰিব লগা হ’ল, সেয়া এবাৰ নিজে ভাবি চাবলৈ ভাইটি হিচাবে অনুৰোধ জনালোঁ । তোমাক আকৌ ফটোখনৰ দৰে এনে এক সংগীত জগতৰ শিখৰত চাব বিচাৰোঁ, মোৰ বিশ্বাস তুমি পাৰিবা । বহুত বহুত শুভেচ্ছা আৰু মৰম ।”

উল্লেখ্য যে, বিহুৰ মঞ্চত শিল্পীৰ মাননি সন্দৰ্ভত কৰা কিছু মন্তব্যৰ প্ৰসংগত উত্থাপন হৈছিল কণ্ঠশিল্পীগৰাকীৰ গীতটোৰ প্ৰসংগ ।

লগতে পঢ়ক : বিষয়বস্তু সন্দৰ্ভত ভুল হোৱা বুলি কেতিয়াও স্বীকাৰ নকৰো: ঋতু কলিতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.