বিয়াৰ ৪ দিনৰ পিচতে হাস্পতাল পালেগৈ সোণাক্ষী-জাহীৰ : উৎসুক অনুৰাগীৰ জাউৰিয়ে জাউৰিয়ে প্ৰশ্ন - Sonakshi Sinha Zaheer Iqbal
Sonakshi Sinha Zaheer Iqbal: বিবাহৰ পিচত আজি ২৮ জুনত মুম্বাইৰ এখন চিকিৎসালয়ৰ বাহিৰত একেলগে দেখা গ’ল নৱবিবাহিত দম্পতী সোণাক্ষী সিনহা-জাহীৰ ইকবালক । বিগত দেওবাৰে পৰিয়ালৰ উপস্থিতিত বিবাহপাশত আৱদ্ধ হৈছিল দুয়ো । ইয়াৰ পিচতে এতিয়া হঠাৎ চিকিৎসালয়লৈ যোৱাত বিভিন্ন কমেন্টেৰে ভৰি পৰিছে সামাজিক মাধ্যম ৷ চাওক ভিডিঅ'...


Published : June 28, 2024 at 6:21 PM IST
চিটাৰা ডেস্ক, 28 জুন: সোণাক্ষী সিনহা-জাহীৰ ইকবালে এতিয়া নৱবিবাহিত জীৱন উপভোগ কৰি আছে । বিগত ২৩ জুনত মুম্বাইত বিবাহ পঞ্জীয়ন কৰিছিল দুয়ো । এই সময়ছোৱাত তেওঁলোকৰ পৰিয়াল আৰু বন্ধু-বান্ধৱী উপস্থিত আছিল ।
ইফালে, বিবাহৰ কিছুদিন পিচত আজি ২৮ জুনত মুম্বাইৰ এখন চিকিৎসালয়ৰ বাহিৰত নৱবিবাহিত দম্পতীক দেখা গ’ল । চিকিৎসালয়ৰ পৰা ওলাই অহাৰ সময়ত পাপাৰাজ্জীয়ে তেওঁলোকৰ গাড়ীখন কেমেৰাত বন্দী কৰে ।
পাপাৰাজ্জীয়ে নিজৰ ইনষ্টাগ্ৰামত সোণাক্ষী সিনহা-জাহীৰ ইকবালৰ গাড়ীৰ ভিডিঅ’ পোষ্ট কৰিছে । ভিডিঅ’টোত তেওঁলোকৰ গাড়ীখন মুম্বাইৰ বিখ্যাত চিকিৎসালয় কোকিলাবেনৰ বাহিৰলৈ অহা দেখা গৈছে । এই ভিডিঅ’টো পোষ্ট হোৱাৰ লগে লগে অনুৰাগীসকলে সোণাক্ষী গৰ্ভৱতী বুলি জল্পনা-কল্পনা কৰিছে ।
ব্যৱহাৰকাৰীৰ প্ৰতিক্ৰিয়া
ভিডিঅ’টো পোষ্ট কৰাৰ লগে লগে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ প্ৰতিক্ৰিয়া আহিবলৈ ধৰিছে । এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "সোণাক্ষীৰ গৰ্ভৱতী অৱতাৰটো চাব বিচাৰিছো ।"
আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "আপুনি গৰ্ভৱতী নেকি ?" এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "সৰু আলহী আহি আছে নেকি ?" উদ্বেগ প্ৰকাশ কৰি এজন অনুৰাগীয়ে মন্তব্য কৰে, "তেওঁ কিয় চিকিৎসালয়লৈ গৈছে ?" এজনে লিখিছে, "মোৰ বোধহয় তেওঁ গৰ্ভৱতী ।"
ইফালে, পাপাৰাজ্জীৰ এই ভিডিঅ’টিত উল্লেখ কৰা মতে তেওঁলোকে ৰুটিন চেকআপৰ বাবে যোৱা শত্ৰুঘ্ন সিনহাক সাক্ষাৎ কৰিবলৈহে গৈছিল ৷ তথাপিও অনুৰাগীৰ প্ৰশ্নৰে ভৰি পৰিছে ছ’চিয়েল মিডিয়া ৷
সোণাক্ষী সিনহা-জাহীৰ ইকবালৰ বিবাহ
সোণাক্ষী সিনহা-জাহীৰ ইকবালে ২৩ জুনত পৰিয়াল, আত্মীয়-স্বজন আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীৰ উপস্থিতিত তেওঁলোকৰ বিবাহ পঞ্জীয়ন কৰে । ইয়াৰ পিচত দম্পতীটোৱে মুম্বাইৰ এখন ডাঙৰ ৰেষ্টুৰেণ্টত চলচ্চিত্ৰ উদ্যোগৰ সৈতে জড়িত বহুলোক আৰু বন্ধুসকলৰ বাবে এক গ্ৰেণ্ড ৱেডিং ৰিচেপচনৰ আয়োজন কৰে । এই পাৰ্টিত ছলমান খান, কাজল, অনিল কাপুৰ, ৰেখা, অদিতি ৰাও হায়দাৰী-সিদ্ধাৰ্থ, ছাইৰা বানু, হুমা কুৰেশী, ৰিচা চাড্ডাকে ধৰি বহু বলিউডৰ চেলিব্ৰিটিয়ে অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক: বিবাহৰ পিচত একেলগে দেখা গ’ল সোণাক্ষী-জাহীৰক : ভিডিঅ’ ভাইৰেল - Newlyweds Sonakshi Zaheer

