ETV Bharat / entertainment

ৰঙা বসন পিন্ধি স্কেমৰ চিন্তাত মগন যতীন বৰা - NEW ASSAMESE WEB SERIES SCAM 2019

যতীন বৰাৰ মুখত গভীৰ চিন্তাৰ ৰেখা ৷ স্কেমৰ কথা ভাবি পাৰ পোৱা নাই অভিনেতাজনে ৷

SCAM 2019
নতুন ৰূপত যতীন বৰা (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : June 6, 2025 at 5:05 PM IST

2 Min Read

গুৱাহাটী : হাজাৰ শিয়ালে মাতি থাকিলেও সিংহৰ এটা গুজৰণিয়ে যথেষ্ট সকলো নিস্তব্ধ কৰিবলৈ- এটা শক্তিশালী সংলাপ ৷ সম্ভৱত যতীন বৰাই ৰাইজৰ মাজলৈ আনিব কিবা এটা ডাঙৰ স্কেমৰ কথা ৷ এখন নতুন অসমীয়া ৱেব ছিৰিজ, নাম ‘‘স্কেম ২০১৯’’ ।

শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত মুকলি কৰা হয় শীঘ্ৰেই মুক্তি পাবলগীয়া এই নতুন ৱেব ছিৰিজখনৰ অফিচিয়েল ট্ৰেইলাৰ । ৰেড চিনেমাছ প্ৰডাকশ্যনছৰ বেনাৰত নিৰ্মাণ কৰা এই ৱেব ছিৰিজখনৰ পৰিকল্পনা অভিজিৎ শৰ্মাৰ । এজন উদণ্ড আৰু দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়াৰ ওপৰত এটা কাল্পনিক কাহিনীৰে নিৰ্মাণ কৰা এই নতুন অসমীয়া ৱেব ছিৰিজখন পৰিচালনা কৰিছে আৰ কেই ।

অভিজিৎ শৰ্মাৰ ভাষ্য (ETV Bharat Assam)

নিৰ্মাতাই কাল্পনিক বুলি কৈছে ঠিকেই, পিছে ট্ৰেইলাৰত ‘‘ইন্সপায়াৰড বাই ট্ৰু ইভেণ্টছ’’ বুলি ৰঙা আখৰেৰে লিখি ‘নট’ বুলি পিছতহে লিখিছে সন্মুখত, তাকো বগাকৈ ! মানে নট ইন্সপায়াৰড বাই ট্ৰু ইভেণ্টছ ৷ চোৱাৰ পিছতহে আচল কথা জানিব পাৰিব দৰ্শকে ৷

SCAM 2019
যতীন বৰা (Photo : ETV Bharat Assam)

আজি অনুষ্ঠানিকভাৱে ট্ৰেইলাৰটো উন্মোচন কৰে পৰিচালক আৰ.কে আৰু শিল্পী আদৃতা পৰাশৰে । ৱেব ছিৰিজখন সন্দৰ্ভত মন্তব্য কৰি অভিজিৎ শৰ্মাই কয়, "ৰেড চিনেমাছৰ প্ৰথম প্ৰচেষ্টাত স্কেম ২০১৯ এই ৱেব ছিৰিজখন নিৰ্মাণ কৰা হৈছে । মুখ্য চৰিত্ৰত যতীন বৰাই অভিনয় কৰিছে । এজন দুৰ্নীতিগ্ৰস্ত বিষয়াক এখন ৰাজ্য দায়িত্ব দিয়া হৈছিল । কিন্তু বিপদত পৰা মানুহক উদ্ধাৰ কৰাৰ বিপৰীতে মানুহজন পইচাৰ পিছতহে লাগিল । উক্ত বিষয়াজন দশকৰ আটাইতকৈ ডাঙৰ কেলেংকাৰীত জড়িত হৈ পৰে । এই কেলেংকাৰীয়ে কেৱল আর্থিক ক্ষতিয়েই কৰা নাছিল, ইয়াৰ ফলত ৰাজ্যখনৰ ৰাজনৈতিক আৰু সাংস্কৃতিক পৰিচয়তো সংকটৰ সৃষ্টি হৈছিল । এনে এক কাহিনীৰ আধাৰতে নিৰ্মাণ কৰা হৈছে ৱেব ছিৰিজখন ।"

SCAM 2019
শ্বুটিঙৰ দৃশ্য (Photo : ETV Bharat Assam)
SCAM 2019
স্কেম ২০১৯ ৰ শ্বুটিং (Photo : ETV Bharat Assam)

লগতে তেওঁ কয়, "এই ছিৰিজখন আমাৰ নতুন অটিটি প্লেটফর্ম ৰেড চিনেমাছত ২৭ জুনৰ পৰা মাত্র ৬৯.০০ টকাত উপলব্ধ হ'ব । ৰেড চিনেমাছ এটা অসমীয়া অটিটি এপ, যিটো প্লে’ ষ্টোৰ আৰু এপ ষ্টোৰত বিনামূলীয়াকৈ উপলব্ধ হ'ব ।"

উল্লেখ্য যে, ছিৰিজখনৰ কাহিনী আভিজিৎ শৰ্মাৰ, চিত্রনাট্য আৰু সংলাপ ভাস্কৰ ডেকাৰ ৷ চিত্রগ্রহণ কৰিছে বিতুল দাসে, সম্পাদনা ঝুলন কৃষ্ণ মহন্তৰ আৰু সংগীত ৰিদিপ দাসৰ ।

লগতে পঢ়ক : ‘অশ্বত্থামা হত । ইতি গজ ৷’ আহি আছে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.