ETV Bharat / entertainment

ক্ষুধাত থাকিব ছাচপেন্স-থ্ৰীলাৰ: স্ক্ৰীণৰ পৰা চকু আঁতৰাব নোৱাৰিব আপুনি ! - new assamese web series khudha

New Assamese web series Khudha: শীঘ্ৰেই আহি আছে ৰঞ্জু হাজৰিকাৰ কাহিনীৰ আধাৰত নিৰ্মাণ কৰা নতুন ৱেবচিৰিজ ‘ক্ষুধা’। বৃহস্পতিবাৰে মুক্তি পায় ৱেবচিৰিজখনৰ টীজাৰ ।

new assamese web series khudha to be release on Ott platform ReelDrama on 14th july
নতুন ৱেবচিৰিজ (KHUDHA teaser from Youtube)
author img

By ETV Bharat Assamese Team

Published : July 12, 2024 at 12:36 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী, 12 জুলাই : ৰঞ্জু হাজৰিকা, নামেই যাৰ পৰিচয় ৷ বিশিষ্ট ঔপন্যাসিকগৰাকীৰ উপন্যাস নপঢ়া মানুহ হয়তো খুবেই কম সংখ্যকহে ওলাব । ৰঞ্জু হাজৰিকাৰ কাহিনীৰে শীঘ্ৰেই আহি আছে নতুন ৱেবচিৰিজ ক্ষুধা ৷ বিশিষ্ট ঔপন্যাসিক ৰঞ্জু হাজৰিকাৰ মূল উপন্যাস ‘ক্ষুধাতুৰ শগুণ’ ৰ আধাৰত নিৰ্মিত ক্ষুধা নামৰ ৮ টা খণ্ডৰ ৱেবচিৰিজখন আগন্তুক ১৪ জুলাইত মুক্তি লাভ কৰিব ৷ অটিটি প্লেটফৰ্ম ৰীলড্ৰামা (ReelDrama)ত মুক্তি পাবলগীয়া ৱেবচিৰিজ ‘ক্ষুধা’ ৰ ষ্ট্ৰীমিং হোৱাৰ প্ৰাকক্ষণত ৱেবচিৰিজখনৰ টিজাৰটি 11 জুলাইত মুকলি কৰা হয় ৷

new assamese web series khudha to be release on Ott platform ReelDrama on 14th july
ৰঞ্জু হাজৰিকাৰ কাহিনীৰ আধাৰত নতুন ৱেবচিৰিজ (Team KHUDHA)

জানিব পৰা অনুসৰি, ক্ষুধাৰ ট্ৰেইলাৰটো মুকলি কৰা হ’ব ১৩ জুলাইত ৷ কালি মুকলি কৰা টিজাৰটোৱে কাহিনীটোত এক ছাচপেন্স-থ্ৰীলাৰৰ আভাস দিয়ে ৷ ৱেবচিৰিজখনক লৈ দৰ্শকৰ মনত প্ৰথমৰ পৰা শেষলৈকে একে বহাতে চোৱাৰ ক্ষুধা জাগিব পাৰে বুলি অনুমান কৰিব পাৰি ৷ ‘ক্ষুধা’ ৱেবচিৰিজখন পৰিচালনা কৰিছে দীপক কুমাৰ ৰয়ে ৷ ৱেবচিৰিজখনৰ চিত্ৰনাট্য তপজিত দত্ত বৰুৱাৰ । প্ৰযোজনা কৰিছে কুহেলি দাসগুপ্তা আৰু সুমিত দাসগুপ্তাই ৷

new assamese web series khudha to be release on Ott platform ReelDrama on 14th july
নতুন ৱেবচিৰিজ (Team KHUDHA)

লগতে পঢ়ক : নাম শুনিয়ে নাক কোঁচ খাইছে নেকি ? এবাৰ চকু ফুৰাই চোৱাত আপত্তি ক’ত ? প্ৰসংগ "চুপা-চুপি" - Chupa Chupi cast interview

ৱেব চিৰিজখনত অভিনয় কৰিছে ৰবি শৰ্মা, সিদ্ধাৰ্থ মুখাৰ্জী, ভগৱত প্ৰীতম দত্ত, পদ্মৰাগ গোস্বামী, প্ৰদীপ নিষিথ, ৰঞ্জীৱ লাল বৰুৱা, গৌৰৱ বৰা, ধ্ৰুৱ দাস, দেৱজিত হাজৰিকা, ঈশান হাজৰিকা, ৰাজীৱ ক্ৰ’, অশ্ৰুমণি বৰা, প্ৰণামী বৰা, গীতাৰ্থ শৰ্মা, মিনাক্ষী বৰা, মনোজ গগৈ, প্ৰশান্ত গোস্বামী, বিশাল গগৈ, ৰাজীৱ কুমাৰ হৰ্ছ, ৰানা ধন দাস, চিন্ময় বুঢ়াগোহাঁই, অনামিকা স্বৰ্গীয়াৰী, সমৰজ্যোতি ভৰালী, কুন্তল কুমাৰ কৌশিক আদিকে ধৰি বহুতো ন-পুৰণি অভিনেতা- অভিনেত্ৰীয়ে । আনহাতে ৱেব চিৰিজখনৰ মুখ্য সহকাৰী পৰিচালক হিচাপে আছে বিতোপন মহন্ত । সহকাৰী পৰিচালনাত আছে দিব্যহাশ শৰ্মা, তপন বৰা, চিমিস্মিতা তালুকদাৰ ৷

‘ক্ষুধা’ৰ প্ৰযোজনা নিয়ন্ত্ৰক হিচাপে কাম কৰিছে কৌস্তভ জ্যোতি দাসে ৷ লগতে সংগীত আৰু চাউণ্ড ডিজাইন কৰিছে নবাৰুণ বৰাই ৷ কেমেৰাৰ (DOP)কাম কৰিছে প্ৰদীপ দৈমাৰীয়৷ ৱেবচিৰিজখনৰ সম্পাদনা আৰু ৰঙৰ কাম কৰিছে গৌতম মজুমদাৰে ৷ ৰূপসজ্জা বিশ্বজিত কলিতাৰ তথা কলা নিৰ্দেশনা জ্যোতি শংকৰ ভট্টাচাৰ্যৰ ৷ পোষ্টাৰ ডিজাইন কৰিছে ঈশান হাজৰিকাই ৷ জানিব পৰা মতে ‘ক্ষুধা’ ৰ দ্বিতীয় সংস্কৰণো শীঘ্ৰেই আহিব দৰ্শকৰ মাজলৈ ৷

লগতে পঢ়ক : অসমত কল্কি চলিছে কিন্তু কুকি চলাবলৈহে দৰ্শকক অনুনয়-বিনয় কৰিবলগা হৈছে ! - HINDI FEATURE FILM KOOKI