ETV Bharat / entertainment

‘বাৰুকৈ’ত মৰ্মিতাৰ কণ্ঠ-নৃত্যভংগী-চকুৰ চাৱনিয়ে মুহিছে নেটিজেনক - MARMITA MITRA RANGALI BIHU SONG

কেৱল গানেৰে নহয়, নিজৰ ব্যক্তিত্বৰেও অসমীয়া ৰাইজক প্ৰেমত পেলাইছে কণ্ঠশিল্পী মৰ্মিতা মিত্ৰই ৷ তেওঁৰ কণ্ঠত মুক্তি পালে ‘বাৰুকৈ’ শীৰ্ষক এটি নতুন অসমীয়া গান ৷

Marmita Mitra bihu song barukoi
কণ্ঠশিল্পী মৰ্মিতা মিত্ৰ (Photo : Screengrab from YT video)
author img

By ETV Bharat Entertainment Team

Published : April 9, 2025 at 4:25 PM IST

2 Min Read

হায়দৰাবাদ: ৰঙালীৰ ৰঙেৰে মুখৰিত হৈ আছে অসমৰ আকাশ-বতাহ ৷ চাৰিওদিশে চলিছে বিহুৰ আখৰা ৷ ঢুলীয়াৰ সৈতে ঢোলৰ ছেৱে ছেৱে কঁকাল ঘূৰাই নাচিবলৈ সাজু হৈছে নাচনী ৷ গাঁৱে-ভূঞে সাজু হৈ উঠিছে হুঁচৰি দলসমূহো ৷ মুঠতে অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালীক আদৰাৰ প্ৰস্তুতি তুংগত এতিয়া অসমত ৷

প্ৰতিগৰাকী অসমীয়াৰ আৱেগ এই ব’হাগ বিহু ৷ এই সময়ছোৱাত সেউজীয়া হ’বলৈ আৰম্ভ কৰে চাৰিওফালৰ পৰিৱেশ ৷ গছ-বিৰিখত ন-কুঁহিপাত, চৌদিশে কুলি-কেতেকীৰ মাত-এই সকলোৱে মন ভৰাই ৰাখে প্ৰতিগৰাকী অসমীয়াৰ ৷

বছৰটোত অসমীয়াৰ বিহু তিনিটা- প্ৰতিটোতে বাজে ভিন্ন ধৰণৰ বিহুগীত ৷ বিহুৰ সময়ততো বাদেই অন্য উৎসৱ-পাৰ্বণতো গান বুলিলে বিহুগীতেই মনলৈ আহে অসমীয়াৰ ৷ সেয়া লাগিলে বিয়া-সবাহেই হওক, জন্মদিনৰ অনুষ্ঠানেই হওক বা ঘৰুৱা আন কোনো অনুষ্ঠানেই হওক, সকলোতে বিহুগীত মেইন ৷

2025 ৰ ৰঙালী বিহুত অসমীয়াৰ বাবে এটি বিহুগীত আগবঢ়ালে বংগৰ পৰা অসমলৈ আহি খলকনি লগোৱা কণ্ঠশিল্পী মৰ্মিতা মিত্ৰই ৷ অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰেমত পৰি, জুবিন গাৰ্গৰ গীত গাই সমাদৰ লাভ কৰা মৰ্মিতাৰ এয়া ৰঙালীৰ উপহাৰ অসমবাসীলৈ ৷ ‘বাৰুকৈ’ গানটোৰ ৰচনা আৰু সংগীতৰ কাম কৰিছে বিজয় শংকৰে আৰু গানটোৰ কথা পাপলু চেতিয়াৰ ৷ গানটোৰ আজি মিউজিক ভিডিঅ’ও মুকলি কৰা হয় ৷ কণ্ঠদান কৰাৰ লগতে গানটোত অভিনয়ো কৰিছে মৰ্মিতাই ৷ অসমীয়াৰ গৌৰৱ মুগা সাজযোৰ বড়ো জাতিয়ে পিন্ধা দখনাৰ সৈতে মিলাই ফিউজন কৰি পিন্ধিছে মিত্ৰই ৷

গীতটি উপভোগ কৰিবলৈ তলৰ লিংকটোত ক্লিক কৰক-

উল্লেখ্য যে, জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ গীত গাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল মৰ্মিতাই ৷ জুবিনৰ গীত গাই গাইয়ে ছ’চিয়েল মিডিয়াত খলকনি তুলিবলৈ সক্ষম হৈছিল কণ্ঠশিল্পীগৰাকীয়ে ৷

অসমলৈ আহি ইতিমধ্যে বহু অনুষ্ঠান কৰিছে মৰ্মিতাই ৷ অসমীয়া নাৰীৰ প্ৰথম পছন্দ আদৰৰ চাদৰ-মেখেলাযোৰ পিন্ধিয়ে মঞ্চত গান পৰিৱেশন কৰে মৰ্মিতাই ৷

লগতে পঢ়ক : ব’হাগ বিহু আহি পালেহি; আহৰি নোহোৱা হৈছে দীপলিনাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.