ETV Bharat / entertainment

দেশপ্ৰেমমূলক ছবি ‘শ্বহীদ প্ৰণামো তোমাক’ এ দিব অন্য এক মাদকতা

কনকলতা বৰুৱাৰ স্মৃতি দিৱসৰ প্ৰাকক্ষণত মুক্তি পাব দেশপ্ৰেমমূলক ছবি ‘শ্বহীদ প্ৰণামো তোমাক’ ৷ ছবিখনৰ জৰিয়তে শেষবাৰলৈ দেখিবলৈ পোৱা যাব অভিনেতা নিপন গোস্বামীক ৷

New assamese film
দেশপ্ৰেমমূলক বাণিজ্যিক ছবি (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : September 4, 2025 at 3:56 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: আগন্তুক ১৯ ছেপ্টেম্বৰত ছবিগৃহলৈ আহি আছে নতুন অসমীয়া ছবি 'শ্বহীদ প্ৰণামো তোমাক’ ৷ ভাৰত ত্যাগ আন্দোলনৰ উত্তাল প্ৰতিবাদত সমগ্ৰ দেশৰ লগতে কঁপি উঠিছিল অসম । আন্দোলনত কঁপি উঠিছিল গহপুৰৰ আকাশ-বতাহ ৷ ১৯৪২ ৰ এই আন্দোলনত হাতত জাতীয় পতাকা লৈ গহপুৰ থানালৈ ৰাওনা হওঁতেই ব্ৰিটিছৰ বন্দুকৰ গুলীত প্ৰাণ হেৰুৱাইছিল শ্বহীদ কনকলতা বৰুৱাই ।

মাত্ৰ ১৭ বছৰ বয়সতে দেশৰ হকে প্ৰাণ আহুতি দিয়া প্ৰথমগৰাকী অসমীয়া মহিলা হিচাপে পৰিগণিত হয় শ্বহীদ কনকলতা বৰুৱা ৷ সেই দিনটো আছিল ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰ ৷ সেয়ে ২০ ছেপ্টেম্বৰৰ দিনটোতে অৰ্থাৎ কনকলতা বৰুৱাৰ স্মৃতি দিৱসৰ প্ৰাকক্ষণত নিৰ্মাতাই মুক্তি দিবলৈ লৈছে এই দেশপ্ৰেমমূলক ছবিখন, নাম ‘শ্বহীদ প্ৰণামো তোমাক’ ৷

New assamese film
‘শ্বহীদ প্ৰণামো তোমাক’ৰ এটি দৃশ্য (Photo : ETV Bharat Assam)

ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত পৰিচালক চন্দ্ৰ মুদৈৰ কাহিনী-চিত্ৰনাট্য-সংলাপ তথা পৰিচালনাৰে নিৰ্মাণ কৰা হৈছে ছবিখন ৷ ছবিখন সন্দৰ্ভত পৰিচালকগৰাকীয়ে জনোৱা অনুসৰি, “ছবিখনিৰ কাহিনী এগৰাকী অসমীয়া বিপ্লৱী কিশোৰীৰ ৷ অসমক ভাৰতৰ পৰা মুক্ত কৰাৰ স্বপ্নত উদ্বাউল হৈ তেওঁ নিজৰ সমবয়সীয়াসকলৰ সৈতে উগ্ৰপন্থাৰ পথত আগবাঢ়ে ৷ কিন্তু তেওঁৰ এই বিভ্ৰম ভাঙি পৰে যেতিয়া তেওঁ মুখামুখি হয় ভাৰতৰ স্বাধীনতা সংগ্ৰামী কনকলতা বৰুৱাৰ অমৰ সাহসিকতাৰ সৈতে ৷ কৈশোৰ বয়সতে কনকলতাই ভাৰতৰ স্বাধীনতাৰ বাবে জীৱন আহুতি দিয়া জীৱন গাঁথাই তেওঁৰ চকু খুলি দিয়ে ৷ এই বৈসাদৃশ্যৰ মাজেৰে তেওঁ উপলব্ধি কৰে স্বাধীনতাৰ প্ৰকৃত অৰ্থ, ত্যাগৰ মহিমা আৰু নিজৰ জাতীয় পৰিচয় ৷ এনে এক কাহিনীৰ আধাৰতে নিৰ্মাণ কৰা হৈছে ছবিখন ।”

New assamese film
কনকলতা বৰুৱাৰ স্মৃতি দিৱসৰ প্ৰাকক্ষণতে মুক্তি পাবলগীয়া ছবিখন (Photo : ETV Bharat Assam)
New assamese film
দেশপ্ৰেমমূলক ছবি (Photo : ETV Bharat Assam)

এ এম টেলিভিছনৰ বেনাৰত ড৹ সঞ্জীৱ নাৰায়ণ আৰু লোকনাথ ডেকাই প্ৰযোজনা কৰা বাণিজ্যিক তথা দেশপ্ৰেমমূলক ছবিখনৰ কাৰ্যবাহী প্ৰযোজক হিচাপে আছে ডাঃ হিতেশ বৰুৱা আৰু জামাল আহমেদ ৰাও ৷ উল্লেখ্য যে, ছবিখনৰ জৰিয়তে ৰূপালী পৰ্দাত শেষবাৰলৈ দেখিবলৈ পোৱা যাব অভিনেতা নিপন গোস্বামীক ৷ তেওঁৰ জীৱিত কালতে কেবাবছৰৰ পূৰ্বে দৃশ্যগ্ৰহণ কৰা হৈছিল ছবিখনৰ ৷

New assamese film
ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত পৰিচালক চন্দ্ৰ মুদৈয়ে কৰিছে পৰিচালনা (Photo : ETV Bharat Assam)

প্ৰয়াত নিপন গোস্বামীৰ লগতে ছবিখনত অভিনয় কৰিছে ক্ৰমে– উৰ্মিলা মহন্ত, দেৱাশিস বৰঠাকুৰ, ৰীণা বৰা, জুৰি শৰ্মা, মণিমালা বৰুৱা, ডাঃ তপন শৰ্মা, যতীন খনিকৰ, দ্বীপজ্যোতি কেওট, দীপক ৰয়, অশ্ৰুমণি বৰা, পাপৰি বৰা, গৰিমা কাশ্যপ, লোকেশ্বৰ ৰাভা, প্ৰদীপ দুৱৰা, দিলীপ ৰাভা, স্বপ্নজিৎ বৰকাকতি, প্ৰশান্ত দাস, নীলু শৰ্মা, হেমচৰণ কলিতা, কৰ্ণ ৰাভা, অমূল্য কলিতা, ৰীণা মেধি আৰু পুষ্প মিছঙে ৷

New assamese film
‘শ্বহীদ প্ৰণামো তোমাক’ৰ এটি দৃশ্য (Photo : ETV Bharat Assam)

অসমৰ বিভিন্ন প্ৰান্তত দৃশ্যগ্ৰহণ কৰা ছবিখনৰ দৃশ্যগ্ৰহণকাৰী নৱ কুমাৰ দাস ৷ আনহাতে ছবিখনৰ প্ৰযোজনা নিয়ন্ত্ৰক হিচাপে আছে খৰ্গেশ্বৰ বৰা, জিৎ শৰ্মা আৰু কমলেশ শইকীয়া ৷ মুখ্য সহকাৰী পৰিচালকৰ দায়িত্বত আছে দীপক ৰয় আৰু সহকাৰী পৰিচালনা কৰিছে স্বপ্নজিৎ বৰকাকতিয়ে ৷

New assamese film
‘শ্বহীদ প্ৰণামো তোমাক’ৰ এটি দৃশ্য (Photo : ETV Bharat Assam)

সংগীত পৰিচালনা কৰিছে ডাঃ হিতেশ বৰুৱা, অজয় ফুকন আৰু তপন কাকতিয়ে ৷ আৱহ সংগীত কৰিছে মনিষ দাস আৰু নীলোৎপলে ৷ ছবিখনত সন্নিৱিষ্ট গীতসমূহত কণ্ঠ নিগৰাইছে ক্ৰমে– সীমান্ত শেখৰ, পদ্মনাভ বৰদলৈ, অজয় ফুকন, প্ৰাঞ্জল পৰশ, ৰিচি, প্ৰণামিকা গোস্বামী, প্ৰিয়ংকা ভৰালী, বন্দিতা দাস, মাধুৰী গগৈ আৰু ঋষিয়ে ৷

লগতে পঢ়ক : মুক্তি পালে "হোমৱ’ৰ্ক" ৰ দ্বিতীয়টো গীত "কিতাপৰ বোজা"