হায়দৰাবাদ : আজি বহুদিনেই হ’ল ৰবি শৰ্মা গুৱাহাটীত নথকা ৷ হায়দৰাবাদত আশ্ৰয় লৈ আছিল তেওঁ ৷ বৰ্তমানলৈকে এই আশ্ৰয় সন্দৰ্ভত একো জানিব পৰা হোৱা নাই ৷ এই ৰহস্য ভেদ কৰিবলৈ হ’লে আপুনি সাজু হ’ব লাগিব 6 জুনলৈ ৷
হায়দৰাবাদত কি কৰিছিল ৰবি শৰ্মাই ? তেওঁৰ মিছন সফল হ’লনে ? হয়তো আপুনি ইয়াৰ কিছু আভাস পাব চলিত মাহৰ শেষৰ ফালে, কিয়নো এই মাহৰ শেষলৈ মুক্তি পাব নৱতম অসমীয়া ছবি ‘ৰুদ্ৰ’ৰ ট্ৰেইলাৰে ৷ সোমবাৰে এই বিষয়ে ই টিভি ভাৰতক এই কথা জানিবলৈ দিয়ে ৰুদ্ৰৰ পৰিচালক ৰূপক গগৈয়ে ৷
ঘোষণাৰে পৰা চৰ্চাত থকা এখন অসমীয়া ছবি হৈছে 'ৰুদ্ৰ' ৷ বিগত বছৰতে শেষৰ ফালে ছবিখনে মুক্তি লাভ কৰাৰ কথা আছিল যদিও বিভিন্ন কাৰণত ছবিখনৰ মুক্তিৰ তাৰিখ পিছুৱাই দিয়া হৈছিল ৷ এতিয়া চলিত বছৰৰ 6 জুনত মুক্তি লাভ কৰাৰ কথা ছবিখনে ৷
ৰবি শৰ্মাৰ অনুৰাগীয়ে অধীৰ আগ্ৰহেৰে বাট চাই আছে ‘ৰুদ্ৰ’ৰ বাবে ৷ শেহতীয়াকৈ মুক্তি দিয়া হৈছে 'ৰুদ্ৰ'ৰ টিজাৰ ৷ "আই এম নট কামিং বেক..." এই শক্তিশালী সংলাপেৰে টিজাৰত চকু চাট মাৰি ধৰা উপস্থাপন ৰবি শৰ্মাৰ ৷ সম্পূৰ্ণ একশ্যন কৰা দেখা গৈছে অভিনেতাগৰাকীক ৷ টিজাৰটো চাই অনুমান কৰিব পাৰি যে দৰ্শকে ছবিখনত প্ৰেম, থ্ৰিলাৰ, ছাচপেন্স, ড্ৰামা আৰু একশ্যন-এই সকলো ৰসেই ল’ব পাৰিব ৷
শ্যাম প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰা হৈছে এই নতুন অসমীয়া ছবিখন ৷ ছবিখনৰ এটা আকৰ্ষণীয় দিশ হ’ল যে এই ছবিখনত ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰশংসিত অভিনেতা আদিল হুছেইনৰ সৈতে স্ক্ৰীণ শ্বেয়াৰ কৰিছে ৰবি শৰ্মাই ৷ ছবিখনত ৰবি শৰ্মাৰ বিপৰীতে অভিনয় কৰিছে নন্দিনী কাশ্যপে ৷

ৰঘুপতিৰ অভূতপূৰ্ব সফলতাৰ পাছত আন এখন ব্যতিক্ৰমী ছবিৰে পুনৰ দৰ্শকৰ মাজত খলকনি তুলিবলৈ সাজু হৈছে ৰবি শৰ্মা ৷ ব্যয়বহুল এই অসমীয়া ছবিখনত ৰবি শৰ্মাৰ উপৰিও জয় কাশ্যপ, অলক নাথ, ৰাজীৱ শৰ্মা, ৰাজীৱ ক্ৰ', ৰাজীৱ দুৱৰী, নিলোৎপল বৰা, চেতনা দাস, প্ৰতিভা চৌধুৰী, হিমাংশু গগৈ, হিমাংশু প্ৰসাদ দাস, অর্শীতা আগৰৱাল, ৰাজীৱ গোস্বামী, অন্তৰা জিজি চৌধুৰী, নৱ মহন্ত, ভাৰ্গৱ কটকী আদিকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে ।
ছবিখনে যাতে অসমীয়া চিনেমা জগতত এক নতুন মান নিৰ্ধাৰণ কৰিব পাৰে তাৰ বাবে সৰ্বতোপ্ৰকাৰে প্ৰচেষ্টা চলাইছে পৰিচালক-প্ৰযোজকে । ছবিখনৰ প্ৰযোজক ৰাজেশ ম'ৰে ছবিখনত দৰ্শকে বহু নতুনত্ব দেখিবলৈ পাব বুলি মন্তব্য কৰিছে । তিতাবৰ, গুৱাহাটী, হায়দৰাবাদত হয় ‘ৰুদ্ৰ’ ৰ চিত্ৰগ্ৰহণ ৷
ছবিখনৰ সংগীত দিগন্ত ভাৰতীৰ আৰু গীতৰ কথা ইবছন লাল বৰুৱাৰ । 'ৰুদ্ৰ'ৰ থীম ছংটো প্ৰস্তুত কৰিছে নৱাগতা লীজা দৃষ্টিয়ে ৷
প্ৰায় 3 কোটি টকাতকৈয়ো অধিক ব্যয়ৰে নিৰ্মাণ কৰা এই নতুন অসমীয়া ছবিখনত অসমৰ আইন-শৃংখলা পৰিস্থিতিক বিষয়বস্তু হিচাপে সামৰি উপস্থাপন কৰা হ'ব । প্ৰাপ্ত তথ্য অনুসৰি ছবিখনৰ কাহিনীভাগৰ এটা অংশত অসমৰ গ্ৰাম্যজীৱনৰ দৃশ্য দেখুওৱাৰ লগতে এটা অংশত বাহিৰলৈ চাকৰি কৰিবলৈ যোৱা এগৰাকী যুৱকৰ সংগ্ৰামৰ কাহিনী উপস্থাপন কৰা হৈছে ।