টীম ৰুদ্ৰৰ সৈতে অন্তৰংগ আলাপ: কেৱল অসমীয়া ছবি উদ্যোগৰ দায়িত্ব লৈ চিনেমা হললৈ নাযাব
৬ জুনত ছবিগৃহলৈ আহি আছে চলিত বৰ্ষৰ এখন প্ৰত্যাশিত ছবি ‘ৰুদ্ৰ’। ছবিখন আপোনালোকে কিয় চাবলৈ যাব, সেই সন্দৰ্ভত কিছু কথা জানি লওক-

By ETV Bharat Entertainment Team
Published : May 28, 2025 at 2:13 PM IST
গুৱাহাটী: ৬ জুনত ছবিগৃহলৈ আহি আছে চলিত বৰ্ষৰ এখন প্ৰত্যাশিত ছবি ‘ৰুদ্ৰ’। অসমৰ আইন-শৃংখলা পৰিস্থিতিক আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা এই নতুন অসমীয়া ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰবি শৰ্মাই । ছবিখনৰ পৰিচালনা ৰূপক গগৈৰ । ছবিখনত ৰবি শৰ্মাক দুটা বেলগত ৰূপত দেখিবলৈ পাব দৰ্শকে । ই টিভি ভাৰতৰ এক আছুতীয়া সাক্ষাৎকাৰ-
ছবিখনৰ ট্ৰেইলাৰত দুটা ভিন্ন ৰূপত দেখা গৈছে ৰবি শৰ্মাক
শেহতীয়াকৈ মুক্তি লাভ কৰিছে ছবিখনৰ ট্ৰেইলাৰে । ছবিখনৰ টিজাৰত দুটা ভিন্ন ৰূপত দেখা গৈছে অভিনেতাগৰাকীক । দৰ্শকৰ মাজত আৰম্ভ হৈছে উৎকণ্ঠা । অভিনেতা ৰবি শৰ্মাই কয়, "ছবি চৰ্চাত থকাটো আমাৰ আৰম্ভণিৰ পৰাই প্ৰচেষ্টা । ছবিখন চর্চাত থকাৰ এটা মূল কাৰণ হৈছে যে দৰ্শকে ট্ৰেইলাৰটোত কিবা এটা নতুন দেখা পাইছে । নতুন ধৰণৰ বস্তু এটা যে আমি দিব পাৰিছোঁ সেইটো আমাৰ ভাল লাগিছে । বিশ্বৰ কোনো চলচ্চিত্ৰ উদ্যোগৰ লগত আমি কোনোধৰণৰ প্ৰতিযোগিতা নকৰাকৈ আমি আমাৰ বাজেটত, আমাৰ সংস্কৃতিক লৈ পৰিয়ালৰ আটায়ে উপভোগ কৰিব পৰাকৈ এখন ছবি নিৰ্মাণ কৰিছো আৰু দৰ্শকে ছবিগৃহলৈ আহি যিটো টকা খৰচ কৰিব সেইটো যাতে তেওঁলোকে অপচয় কৰা যেন অনুভৱ নকৰে সেয়া আমাৰ প্ৰয়াস । দৰ্শকে ছবিখনত কিছু নতুনত্ব পাব ৷"
ৰুদ্ৰত কি নতুনত্ব পাব দৰ্শকে
"প্ৰতিখন ছবিয়ে আমাৰ বাবে এটা এটা ক্লাচৰূমৰ দৰে, প্ৰতিটো ক্লাছতে আমি অলপ অলপকৈ জ্ঞান পাই পাই গৈ থাকোঁ । যিহেতু শিকাৰ শেষ নাই। কিন্তু যোৱা ছবিসমূহতকৈ কিছু নতুন চিন্তা দেখা পাব দৰ্শকে। লগতে নিৰ্মাণৰ কৌশলতো আৰু কিছু নতুনত্ব পাব। পূৰ্বতে আমি ব্যক্তিকেন্দ্ৰিক ছবি কৰি আছিলোঁ অৰ্থাৎ মুখ্য চৰিত্ৰক বেছি প্ৰাধান্য দিয়া হৈছিল ৷ কিন্তু এই ছবিখনত এনে বহু চৰিত্ৰ আছে যিয়ে ছবিখন আগবাঢ়ি যোৱাত সহায় কৰিছে । লগতে ছবিখনৰ পৰিসৰটো বহল । ৰাষ্ট্ৰীয় সুৰক্ষাৰ পটভূমিত নিৰ্মাণ কৰা এখন ছবি । ছবিখনত যিহেতু মোৰ নাম ৰুদ্ৰ অৰ্থাৎ মোৰ নামেৰে কৰা ছবি কিন্তু ৰুদ্ৰৰো দর্শকে বহুকেইটা ৰূপ ছবিখনত দেখিবলৈ পাব । আনহাতে ছবিখনত অভিনয় কৰা আটাইকেইগৰাকী অভিনেতা-অভিনেত্ৰীয়ে খুব দক্ষ। সেয়ে মই বিশ্বাসী যে আমি আটায়ে মিলি যিটো কাম কৰিছো সেইখন যদি দৰ্শকে চাই ইয়াৰ পাছত যিখন অসমীয়া ছবি আহিব সেইখনো তেওঁলোকে চাবলৈ আগ্ৰহী হৈ থাকিব ।"
যোৰহাটৰ ইলি চিনেমা হলত গাত জুই লগাই প্ৰৱেশ ৰবি শৰ্মাৰ
শেহতীয়াকৈ ছবিখনৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত অনুৰাগীক চমক দি ছবিগৃহত প্ৰৱেশ কৰিছিল অভিনেতা ৰবি শৰ্মাই ৷ যোৰহাটৰ ইলি চিনেমা হলত গাত জুই লগাই প্ৰৱেশ কৰে তেওঁ ৷ বলীউড অভিনেতা অক্ষয় কুমাৰৰ পাছত এনে ষ্টাণ্ট কৰা ভাৰতবৰ্ষৰ দ্বিতীয়গৰাকী অভিনেতা হৈ পৰিছে ৰবি শৰ্মা ৷ এই ষ্টাণ্ট সন্দৰ্ভত অভিনেতাগৰাকীয়ে কয়,"মোৰ এনেকুৱা ধৰণৰ ব্যতিক্ৰমী কামবোৰ কৰি বহুত ভাল লাগে । যিহেতু মই ক্ৰীড়াক্ষেত্ৰৰ পৰা আহিছোঁ, গতিকে এনেধৰণৰ ষ্টাণ্ট কৰি থকাটো মাজে মাজে প্ৰয়োজনীয় । লগতে টীমটোৰ ওপৰতো মোৰ বিশ্বাস আছে, তেওঁলোকে সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়াকৈ এনেধৰণৰ কাম কৰিবলৈ নিদিয়ে । অসমৰ ৰাইজৰ মৰম-আশীৰ্বাদৰ বাবেই এনে সাহস পাওঁ ৷"
ছবিখনৰ প্ৰচাৰত কেনেধৰণৰ গুৰুত্ব দিয়া হৈছে ?
ৰুদ্ৰৰ কাৰ্যবাহী প্ৰযোজক হৃষিকেশ ভট্টাচাৰ্যই কয়, "আচলতে যিকোনো ছবিৰ ক্ষেত্ৰতে আমি প্ৰচাৰ যিমানেই নকৰো কিয়, যদি কাহিনীত দম নাথাকে তেতিয়া কেতিয়াও এখন ছবি নচলে । মুক্তিৰ ৩ দিন শুক্ৰবাৰ, শনিবাৰ আৰু দেওবাৰে ছবি এখন চলিবই ৷ কিন্তু সেই দৰ্শকখিনিয়েই যদি ৩ দিনৰ পাছত পুনৰ উভতি আহে তেতিয়াহে ছবি এখন হিট হয় । ছবিখনত ৰবি শৰ্মাৰ বিভিন্নধৰণৰ ৰূপ দর্শকে দেখিবলৈ পাব । গতিকে আশা কৰিছোঁ দর্শকে ছবিখনত কিবা এটা নতুনত্ব পাব ।"
এগৰাকী অসম কন্যা, যাৰ প্ৰথম প্ৰেম অভিনয়, দপদপাইছে বলীউড-জলীউডত
সমান্তৰালকৈ ছবিখন সন্দৰ্ভত বহু কথা বাখ্যা কৰাৰ লগতে অভিজ্ঞতাসমূহো শ্বেয়াৰ কৰে ছবিখনৰ দুই নায়িকা অৰ্চিতা আগৰৱাল আৰু নন্দিনী কাশ্যপে । উল্লেখ্য যে, ছবিখনত ৰবি শৰ্মা, অৰ্চিতা আগৰৱাল আৰু নন্দিনী কাশ্যপৰ লগতে অভিনয় কৰিছে আদিল হুছেইন, জয় কাশ্যপ, অলক নাথ, ৰাজীৱ ক্ৰ', ৰাজীৱ দুৱৰী, নিলোৎপল বৰা, চেতনা দাস, প্ৰতিভা চৌধুৰী, হিমাংশু গগৈ, হিমাংশু প্ৰসাদ দাস, ৰাজীৱ গোস্বামী, অন্তৰা জি জি চৌধুৰী, নৱ মহন্ত, ভাৰ্গৱ কটকী আদিকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে । সংগীত কৰিছে দিগন্ত ভাৰতী আৰু ইবছনলাল বৰুৱাই ।
শ্যাম প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মাণ কৰা এই নতুন অসমীয়া ছবিখনৰ প্ৰযোজক আৰু পৰিৱেশক হিচাপে আছে ৰাজেশ কুমাৰ ম’ৰ ৷ লগতে আছে অ পি গাৰোদিয়া, অৰবিন্দ গাৰোদিয়া, গৌতম বেৰিয়া, অনুপ বেৰিয়া, মনোজ কুমাৰ কেডিয়া, ৰাজ চৌধুৰী আৰু সুজাতা চৌধুৰী । ছবিখনৰ কাৰ্যবাহী প্ৰযোজক হৃষিকেশ ভট্টাচাৰ্য আৰু পৱন ম’ৰ । উক্ত ছবিখনত প্ৰথমবাৰৰ বাবে স্ক্ৰীণ শ্বেয়াৰ কৰিছে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৃত অভিনেতা আদিল হুছেইন আৰু ৰবি শৰ্মাই ৷ দুয়োকে একেলগে চাবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে অনুৰাগীসকল ।
লগতে পঢ়ক : ইলি চিনেমা হলত ৰুদ্ৰৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠান, জুইৰ সৈতে ৰবি শৰ্মাৰ ষ্টাণ্ট

