কান্ধত গদা লৈ শীঘ্ৰে আহি আছে হনুমেন - Jay Hanumen
Jay Hanuman: শীঘ্ৰে এটি কাহিনীৰ সৈতে আহিছে হিমাংশু প্ৰসাদ দাস ৷ ‘গৰু’, ‘বুলু ফিল্ম’ৰ পিচত এইবাৰ দৰ্শকক এটি নতুন কাহিনীৰ খোৰাক দিবলৈ আহি আছে ‘জয় হনুমেন’ । আজি মুক্তি দিয়া হয় ছবিখনৰ প্ৰথম মোশ্বন প’ষ্টাৰ ।

Published : August 4, 2024 at 7:57 PM IST
গুৱাহাটী, 4 আগষ্ট: স্পাইডাৰ মেন, ছুপাৰ মেন, বেটমেনৰ পাছত এইবাৰ অসমৰ দৰ্শকৰ বাবে আহি আছে হনুমেন ৷ দৰ্শকৰ মাজলৈ শীঘ্ৰে আহি আছে নতুন অসমীয়া ছবি ‘জয় হনুমেন’ ৷
চলিত বৰ্ষত মুক্তি পাবলগীয়া বহুকেইখন প্ৰত্যাশিত ছবিৰ ভিতৰত এখন নতুন অসমীয়া হৈছে ‘জয় হনুমেন’ ৷ "যেতিয়া আপুনি বুজি উঠে, এই বিপদৰ পৰা আপোনাক উদ্ধাৰ কৰিবলৈ আৰু কোনো নাহে, হয়তো তেতিয়াই সাৰপাই উঠিব পাৰে, আপোনাৰ মাজত শুই থকা ছুপাৰ হিৰোজন"- এনে এক বাৰ্তা লৈ অহা ১৮ অক্টোবৰত ৰাজ্যৰ প্ৰায়কেইটা ছবিগৃহতে মুক্তিলাভ কৰিব ছবিখনে ৷ ইফালে, আজি মুক্তিলাভ কৰে ছবিখনৰ প্ৰথম মোশ্বন প’ষ্টাৰ ৷
পৰিচালক হিমাংশু প্ৰসাদ দাসে জনোৱা অনুসৰি, ‘‘হাঁহি-ধেমালি আৰু একশ্যনক সাঙুৰি শীঘ্ৰে আহি আছে ‘জয় হনুমেন’ ৷ জয় হনুমেন ছবিখনত দৰ্শকে এক বেলেগধৰণৰ একশ্যন দেখিবলৈ পাব ৷ ছবিখন দুটা বিশেষ দৃশ্যৰ বাবে দক্ষিণ ভাৰতৰ পৰা এটা বিশেষ টীম অনা হৈছিল ৷"
উল্লেখ্য যে, হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাৰে আহিবলগীয়া ছবিখনত আপোনালোকে দেখিবলৈ পাব অসমীয়া অভিনয় জগতৰ কেবাখনো চিনাকী মুখ ৷ সিদ্ধাৰ্থ বড়ো, অমৃতা গগৈ, জয় কাশ্যপ, অন্যান্য কাশ্যপ, গীতাৱলী ৰাজকুমাৰী, বিভূতি ভূষণ হাজৰিকা, ভাস্কৰ তামুলী, ৰাজীৱ গোস্বামী, জ্যোতি নাৰায়ণ নাথ, অসীম কৃষ্ণ বৰুৱা, প্ৰণামী বৰা, নৱজ্যোতি নাথ, জিন্টু কুমাৰ কাশ্যপ আদিকে ধৰি কেবাগৰাকীও ন-পুৰণি অভিনেতা-অভিনেত্ৰীক এই ছবিখনত দেখিবলৈ পোৱা যাব ৷ আনহাতে ছবিখনৰ চিত্ৰনাট্য আৰু সংলাপ হিমাংশু প্ৰসাদ দাস, শান্তনু ৰৌমৰীয়া আৰু অধিৰাজ কাশ্যপৰ ৷
‘ছাকিৰা আহিব বুকল তলৰ বিহুলৈ’, ‘গৰু’, ‘বুলু ফিল্ম’ৰ পিচত পৰিচালক হিমাংশু প্ৰসাদ দাসৰ এই নতুন অসমীয়া ছবি ‘জয় হনুমেনক’ ৰাইজে সমানে মৰম দিব বুলি আশাবাদী ছবিখন কলা-কুশলীৰ লগতে বিভিন্নজন ৷

